Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:23 am

Home » আঞ্চলিক » বিধায়ক আমিনুল ইছলামক ন্যায়ালয়ত হাজিৰ হ’বলৈ নির্দেশ

বিধায়ক আমিনুল ইছলামক ন্যায়ালয়ত হাজিৰ হ’বলৈ নির্দেশ


গুৱাহাটী : সন্দেহযুক্ত নাগৰিকক সুৰক্ষা দিয়াৰ স্বার্থত ভিন্ন সময়ত ভিন্ন মন্তব্য কৰি আদালতৰ ৰোষত পৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম৷ বিধায়ক ইছলামক ২৮ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ অধিবক্তা প্রাণ বৰাৰ গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিধায়ক ইছলামক হাজিৰ হ’বলৈ নির্দেশ দিয়ে৷ উল্লেখযোগ্য যে সন্দেহজনক নাগৰিকৰ গোচৰ প্রক্রিয়াত একপক্ষীয় বিচাৰ কৰা বুলি বিধায়ক ইছলামে অভিযোগ কৰিছিল৷ ন্যায়াধীশৰ বিৰুদ্ধেও মন্তব্য কৰিছিল বিধায়ক ইছলামে৷
যাৰ পৰিপ্রেক্ষিতত অধিবক্তা প্রাণ বৰাই ন্যায়ালয়ৰ কাষ চাপিছিল৷ ৰুজু হৈছিল গোচৰ৷ উক্ত গোচৰৰ ভিত্তিত এতিয়া নিজৰ স্থিতি বিধায়কজনে স্পষ্ট কৰিব লাগিব৷ ন্যায়িক ব্যৱস্থাৰ ওপৰত মন্তব্য কৰাৰ অপৰাধত আদালতত স্থিতি স্পষ্ট কৰিব লাগিব৷ উল্লেখযোগ্য যে সন্দেহজনক ব্যক্তিৰ বিৰুদ্ধে চলি থকা বহু গোচৰক লৈ সময়ে সময়ে বিভিন্ন লোকে বিভিন্ন মন্তব্য আগবঢ়াই আহিছে৷
বিশেষকৈ বিদেশী ন্যায়াধিকৰণক লৈ একাংশ সংখ্যালঘু সংগঠন তথা ব্যক্তি বিশেষে ৰাজহুৱাকৈ আপত্তিজনক মন্তব্য কৰি আহিছে৷ গোৱালপাৰাত আকৌ একাংশ সংখ্যালঘু লোকে বিদেশী ন্যায়াধিকৰণৰ ন্যায়াধীশকে শাৰীৰিকভাৱে অপদস্থ কৰিছিল৷ য’ত আছিল সংখ্যালঘু অধিবক্তাও৷ ইতিমধ্যে উক্ত ঘটনাত জড়িতসকলক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছত শাস্তিৰ সন্মুখীনো হৈছে৷ কিন্তু তাৰ পাছতো বিভিন্ন পক্ষই ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে বিভ্রান্তিকৰ মন্তব্য কৰিবলৈ এৰা নাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি