Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 3:48 am

Home » আঞ্চলিক » মৰাণৰ খোৱাঙত জৰাজীৰ্ণ পথত ছাত্ৰৰ অভিনৱ প্ৰতিবাদ

মৰাণৰ খোৱাঙত জৰাজীৰ্ণ পথত ছাত্ৰৰ অভিনৱ প্ৰতিবাদ


মৰাণ : “একালৰ বৃন্দাবন,একালত পৰে চন।”এসময়ত বেপাৰ-বাণিজ্যত আগবঢ়া মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ বাট-পথ সকলো দিশতে উন্নত আছিল কিন্তু আজি খোৱাং সকলো ক্ষেত্ৰতে পিছপৰি গৈছে। ১৯৭৭ চনৰ ২২ আগষ্টৰ দিনা বুঢ়ীদিহিং নদীৰ বলিয়া বাঢ়নী পানীয়ে খোৱাঙৰ চেনীমাৰিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো চিঙা পাছৰে পৰা খোৱাং এলাগী হৈ পৰিল। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো উক্ত পথচোৱা আনফালে নিৰ্মাণ কৰাৰে পৰা খোৱাঙৰ উন্নয়নত কোনেও গুৰুত্ব প্ৰদান নকৰা হ’ল।মৰাণ সমষ্টিৰ তদানীন্তন বিধায়ক কংগ্ৰেছৰ জীৱনতাৰা ঘাটোৱাৰ,অগপৰ বিধায়ক তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বৰ্তমানৰ বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈয়ে খোৱাঙৰ এই পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ চোৱা নিৰ্মাণত গুৰুত্ব প্ৰদান কৰা নাই।যাৰ ফলত যাতায়তত ক্ষেত্ৰত ৪১ বছৰে যমৰ যাতনা ভোগ কৰিছে বৃহত্তৰ খোৱাংবাসীয়ে।পথটো নিৰ্মাণৰ বাবে ২০০৪- ২০০৫ চনৰ পৰা প্ৰস্তুতি চলাই থকা হৈছে যদিও বিগত ১৪ বছৰে সম্পূৰ্ণ নহল পথটো নিৰ্মাণৰ কাম। ৮৫৪.২০ লাখ টকাৰ পুজিৰে ২০১৪ চনৰ পৰা পথটো মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে যদিও ৰসহ্যজনক ভাৱে পথটোৰ নিৰ্মাণ বন্ধ হৈ আছে। পথটো নিৰ্মাণ কাৰ্য কমিছন বাবে সৰ্ম্পূণ হৈ উঠা নাই বুলি অভিযোগ উঠিছে গতিকে ইয়াৰো উচিত তদন্ত হব লাগে বুলি আছুৱে দাৱী জনাইছে। বৰ্তমান পথৰ দুয়োকাষে উন্মুক্ত নলা, পথটোৰ ঠায়ে ঠায়ে বৃহৎ গাঁতৰ ফলত পথটো মৰনফান্দত পৰিণত হৈছে । উক্ত পথচোৱা পুনৰ নিৰ্মাণৰ বাবে আছুকে ধৰি খোৱাঙৰ বিভিন্ন দল সংগঠনে বিভাগীয় কতৃপক্ষক বাৰম্বাৰ লিখিত ভাৱে জনোৱা পাছতো কৰ্তৃপক্ষৰ গা লৰা নাই। এই ক্ষেত্ৰত পৰিবৰ্তনকামী বিজেপিৰ যুৱ বিধায়ক চক্ৰধৰ গগৈয়ে ৰহস্যময় ভূমিকা গ্ৰহণ কৰাত ক্ষুদ্ধ হৈ পৰিছে আছু। আজি খোৱাং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, আছু গোট আৰু আছুৰ খোৱাং আঞ্চলিক সমিতিয়ে ইয়াৰ প্ৰতিবাদত এক অভিনৱ বাটৰ নাট প্ৰদৰ্শন কৰে। ৰাইজৰ সুখ-দুখলৈ দৃষ্টি নিদিয়া মৰাণ সমষ্টি বিজেপিৰ যুৱ বিধায়কজনে কেৱল সমষ্টিৰ ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দিয়েই সময় অতিবাহিত কৰিছে। বাটৰ নাটৰ জৰিয়তে তেওঁলোকে বিধায়কজনৰ কৰ্ম কাণ্ড উদঙাই দিয়াৰ চেষ্টা কৰিছে। ৰাজ্যখনৰ অতিকৈ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁ দায়িত্বত লোৱা বিভাগটোৰ কৰ্তৃপক্ষক নাকী লগাই আধাৰুৱা কামখিনি সৰ্ম্পূণ কৰিব পাৰিবনে ? এইয়াই খোৱাংবাসীয়ে প্ৰভাৱশালী মন্ত্ৰী হিমন্তক বিশ্ব শৰ্মাক প্ৰশ্ন অৱতাৰণা কৰিছে ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি