Weather Data Source: wetter Bangalore 14 tage

July 4, 2025 3:27 am

Home » আঞ্চলিক » তামাৰহাট বে-চৰকাৰী সংস্থাৰ উদ্যোগত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ সামৰণি

তামাৰহাট বে-চৰকাৰী সংস্থাৰ উদ্যোগত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ সামৰণি


তামাৰহাট : শিক্ষাই জাতিৰ মেৰুদণ্ড, শিক্ষা অবিহনে এটা জাতি বা অঞ্চল কেতিয়াও আগুৱাই যাব নোৱাৰে । সেয়েহে “হিউমেন ওয়েলফেয়াৰ ছচিও ইকনমিক ডেভলপমেণ্ট” নামৰ এটা বে-চৰকাৰী সংস্থাই যোৱা তিনি বছৰ ধৰি দশম শ্ৰেণী ছাত্ৰ ছাত্ৰীৰ বাবে কৰিছে গ্ৰীষ্মকালীন বিনামূলীয়া শিক্ষা প্ৰদানৰ ব্যৱস্থা । উল্লেখ্য যে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত ধুতুৰামাৰীস্থিত “হিউমেন ওয়েলফেয়াৰ ছচিও ইকনমিক ডেভলপমেণ্ট” নামৰ এটা বে-চৰকাৰী সংস্থাই তিনি বছৰ ধৰি সমগ্ৰ তামাৰহাট অঞ্চলটোৰ দশম শ্ৰেণী ছাত্ৰ-ছাত্ৰী সমূহৰ বাবে গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে । অলপতে বৰ্ণাঢ্য কাৰ্যসূচীৰে এই পাঠদান শিবিৰটোৰ সামৰণি অনুষ্ঠান সমাপ্ত হয়। পাঠদান শিবিৰটোৰ অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী আৰু পাঠদান দিয়া শিক্ষকসকলক বিদায় আৰু যোৱাবেলি এই পাঠদান শিবিৰত অংশগ্ৰহণ কৰা সকলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত কৰা অনুষ্ঠানখনৰ কাৰ্যসূচী মতে ৰাতিপুৱা মুছলিমউদ্দীনৰ নেতৃত্বত চাফাই অভিযান, খাইৰুল আলম মিঞাৰ, শিৰাজুল হক, জ্যোতীশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত বৃক্ষৰোপন আদি কৰি বিভিন্ন কাৰ্যসূচীৰে সম্পূৰ্ণ কৰা হয়। পিছত সংস্থাটোৰ সভাপতি শ্বহীদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ জৰিয়তে যোৱাবেলি এই পাঠদান শিবিৰত অংশগ্ৰহণ কৰা সকলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰসকলক সম্ভৰ্ধনা দিয়াৰ লগতে সৰ্বাধিক নম্বৰ পোৱা ছাত্ৰ জনক এককালীন আৰ্থিক সাহাৰ্য্য আগবঢ়ায় । সংস্থাটোৰ সম্পাদক নুৰ আমিন শ্বেখে জানিবলৈ দিয়া মতে এইবেলি পাঠদান শিবিৰটোত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ মুঠ ২২৪ জন ছাত্ৰ -ছাত্ৰীক সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ছয় গৰাকী অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান দিয়া হয় । সৰ্বদিশে পিছপৰা এই অঞ্চলটোৰ শিক্ষাৰ্থীসকলক আগুৱাই লোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই বিনামূলীয়া পাঠদান শিবিৰটোৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে হাতীধুৰা জিলা পৰিষদৰ সদস্য খাইৰুল আলম মিঞা, কুকিলাডাঙ্গা আৰু তামাৰহাট হাই স্কুলৰ প্ৰধান শিক্ষক ক্ৰমে চামছুল হক তালুকদাৰ আৰু অবিনাশ চন্দ্ৰ ৰায়, তামাৰহাট থানা নাগৰিক কমিটিৰ উপ-সভাপতি জ্যোতিশ চন্দ্ৰ ৰায়, জুটিয়া সম্পাদক শিৰাজুল হক, বিশিষ্ট অৱসৰ প্ৰাপ্ত শিক্ষক আবুল ফজল আৰু নুৰেৰ জামান মিঞা, মানৱ অধিকাৰ ৰক্ষা পৰিষদৰ হাতীধুৰা ব্লক কমিটিৰ সভাপতি মুছলেম উদ্দিন আহমেদ আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি