Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 6:31 pm

Home » আঞ্চলিক » ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি : পূৱ চেতুৱাই খাইতি নতুন প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ আহাৰত প্ৰাণনাশক পোক উদ্ধাৰ

ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি : পূৱ চেতুৱাই খাইতি নতুন প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ আহাৰত প্ৰাণনাশক পোক উদ্ধাৰ


লাহৰীঘাট : চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়াৰ আহাৰ হিচাপে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিছে যদিও সেয়া একাংশ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বাবে ভেকোভাওঁনাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অধীনস্থ পূৱ চেতুৱাই খাইতি নতুন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে আবণ্টিত চাউল গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত অসংযত অৱস্থাত পেলাই থোৱাৰ বাবে কুইণ্টলে কুইণ্টলে পঁচি যাবলৈ ধৰিছে। মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল পঁচি যোৱাৰ পিছত পঁচা চাউল ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ আহাৰৰ বাবে ৰান্ধি দিয়াত আহাৰৰ থালত বৃহৎ আকাৰৰ পোক পৰুৱা উদ্ধাৰ হৈছে । ইয়াৰোপৰি এনে খাদ্য ভক্ষণ কৰি ইতিমধ্যে ৪/৫ জন ছাত্ৰ অসুস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে। ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ আহাৰত পোক উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে অঞ্চলবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে, বিদ্যালয়খনত কৰ্মৰত অবস্থাত থকা ৰান্ধনী দুজনীয়ে স্থানীয় সাংবাদিকক জনোৱা মতে, পৰিচালনা সমিতিৰ সভাপতিৰ কঠোৰ নিৰ্দেশনাৰ পিছতে এনে পচা চাউল ৰান্ধি দিবলৈ বাধ্য হৈছিল। ইপিনে বিদ্যালয়খনৰ সহকাৰী শিক্ষকৰ আন এক উৎকট মন্তব্যই সচেতন মহলত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। তেওঁ কয় এই সন্দৰ্ভত তেওঁ সম্পূৰ্ণৰূপে অজ্ঞাত লগতে যদিওবা আহাৰত পোক পোৱা গৈছে সেয়া হেনো তেনেই স্বাভাৱিক। আন এক অভিযোগ অনুসৰি নিয়মিতভাৱে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে টকা আৰু চাউল বিদ্যালয়খনলৈ আহিছিল যদিও ছাত্ৰ ছাত্ৰীক সঠিকভাবে মধ্যাহ্ন ভোজন নিদিয়াত বহু চাউল পোক আৰু এন্দুৰে খাই নষ্ট কৰাৰ লগতে পঁচি যায়। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ সহযোগত খোৱাৰ বাবে অনুপযোগী চাউল অভিভাৱক ৰাইজৰ অজ্ঞাতে কণ কণ ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত ভক্ষণ কৰাই আহিছে বুলিও অভিযোগ উত্থাপিত হৈছে । স্থানীয় ৰাইজে এনে কাৰ্য্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে হস্তক্ষেপৰ দাবী জনাইছে । এনেস্থলত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি