Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:42 am

Home » আঞ্চলিক » ১৪৪ ধাৰা: মমতাৰ প্রতিনিধি দলক গুৱাহাটীত প্রৱেশত নিষেধাজ্ঞা

১৪৪ ধাৰা: মমতাৰ প্রতিনিধি দলক গুৱাহাটীত প্রৱেশত নিষেধাজ্ঞা


প্রতিনিধি দলটোক অসমলৈ অহাত প্রথমেই বাধা দিয়া হৈছিল: ডি জি পি

গুৱাহাটীঃ অসমত উত্তেজনা বিয়পোৱাৰ লক্ষ্যৰে প্রৰোচনামূলক বক্তব্য দি থকাৰ বাবে এইপর্যন্ত অসমত তিনিটা গোচৰ ৰুজু হৈছে৷ বৃহস্পতিবাৰে এই কথা সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালকপ্রধান কুলধৰ শইকীয়াই৷ এক সংবাদমেলত তেওঁ সদৰী কৰে যে তৃণমূল কংগ্রেছৰ প্রতিনিধি দল অসমলৈ আহিবলৈ ওলোৱাৰ সময়তে তেওঁলোকক অসমলৈ অহাত বাধা প্রদান কৰা হৈছিল৷ অসমত নাগৰিকপঞ্জীৰ খচৰা প্রকাশৰ পাছতো সর্বত্র শান্তি-শৃংখলা অটুট থকা বুলি তেওঁলোকক অৱগত কৰা হৈছিল আৰু তেওঁলোকৰ ভ্রমণে শান্তি-সম্প্রীতি ভংগ কৰাৰহে সম্ভাৱনা আছে বুলি কোৱা হৈছিল৷
দলটোৰ নেতৃবর্গই অসম আৰু নাগৰিকপঞ্জী সন্দর্ভত বিতর্কিত মন্তব্য দি থকাৰ কথাও তেওঁ সদৰী কৰিছিল৷ গতিকে তেওঁলোকক বাধা দিয়া হৈছিল৷ কিন্তু বাধাৰ পাছতো অসমলৈ দলটো অহা বাবে তেওঁলোকক বিমান বন্দৰতে বাধা প্রদান কৰা হয় বুলি ডি জি পি কুলধৰ শইকীয়াই সদৰী কৰে৷ দলটোক বিমান বন্দৰতে প্রথমতে সকলো কথা ভালকৈ বুজোৱা হৈছিল বুলি সদৰী কৰি কুল শইকীয়াই কয় যে দলটোৱে আৰক্ষীৰ সৈতে সহযোগিতা নকৰাত বাধা দিবলৈ আৰক্ষী বাধ্য হয়৷
অসম আৰক্ষীয়ে এতিয়াও শান্ত হৈ থকা অসমত অশান্তি বিচৰা নাই বুলি সদৰী কৰি অশান্তি বিয়পোৱা সকলোকে আইনী ব্যৱস্থা লোৱাৰ ভাবুকিও দিয়ে ডি জি পিজনে৷ ইফালে, বিমান বন্দৰত তৃণমূল কংগ্রেছৰ প্রতিনিধি দলটোৱে অসম আৰক্ষীৰ বাধা নেওচি বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰাৰ সময়ত খণ্ডযুদ্ধ লগাৰ কথা সদৰী কৰি তৃণমূল কংগ্রেছৰ দলটোৰ ঠেলা-হেঁচাত অসম আৰক্ষীৰ দুগৰাকী মহিলা কনিষ্টবল আৰু এজন প্রশাসনিক বিষয়া আহত হয় বুলি সদৰী কৰে ডি জি পি কুল শইকীয়াই৷
এই সংক্রান্তত তৃণমূল কংগ্রেছৰ সাংসদ-বিধায়কৰ দলটোৰ বিৰুদ্ধে দুখন এজাহাৰ দাখিল হোৱা বুলিও তেওঁ সদৰী কৰে৷ তদুপৰি দলটোক অসমৰ পৰা ঘূৰি যাবলৈ নির্দেশ দিয়া বুলি প্রকাশ কৰি তেওঁলোকে নির্দেশ অমান্য কৰিলে আইন মতে ব্যৱস্থা লোৱা হ’ব বুলি স্পষ্ট কৰে৷ ইফালে, অসম অশান্ত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ বিৰুদ্ধে এইপর্যন্ত অসমত তিনিটা গোচৰ পঞ্জীয়ন হোৱা বুলি সদৰী কৰে আৰক্ষী সঞ্চালকপ্রধানজনে৷
তেওঁ কয় যে মমতা বেনার্জীৰ বিৰুদ্ধে উত্তৰ লখিমপুৰৰ লগতে গুৱাহাটীৰ পাণবজাৰ আৰু বশিষ্ঠ আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰা বুলি তেওঁ সদৰী কৰে৷ ইফালে, ভুৱা নথি-পত্র দাখিল কৰি এন আৰ চিত নাম অন্তর্ুক্ত কৰিব বিচৰা লোকৰ বিৰুদ্ধে বিগত দুটা বছৰত বহু গোচৰ ৰুজু হোৱাৰ কথাও সদৰী কৰি ডি জি পি শইকীয়াই কয় যে সেই লোকসকলৰ বিৰুদ্ধে ইতিমধ্যে আদালতত অভিযোগনামা দাখিল কৰিছে৷ আইনী প্রক্রিয়াত কিছু সময় লাগে বুলিও সদৰী কৰি তেওঁ কয় যে আইনী প্রক্রিয়াই গতি ল’লে আৰক্ষীয়ে পৰৱর্তী ব্যৱস্থা গ্রহণ কৰিব৷
পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ উচটনিমূলক বক্তব্য আৰু তেওঁ প্রেৰণ কৰা তৃণমূল কংগ্রেছৰ সাংসদ-বিধায়কৰ দলটোক গুৱাহাটীতো প্রৱেশ কৰাৰ লগতে তেওঁলোকক লৈ কোনো যাত্রীবাহী বাহনৰ গুৱাহাটীত প্রৱেশত কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ইয়াৰ উপৰি গুৱাহাটীত সকলো ধৰণৰ সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷
অসম আৰক্ষীয়ে বৃহস্পতিবাৰে  শিলচৰৰ কুম্ভীৰগ্রাম বিমান বন্দৰত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা দলটোক গুৱাহাটীত প্রৱেশ আৰু সভা-সমিতি পতাত বাধা দিবৰ বাবে ১৪৪ ধাৰা জাৰি কৰিছে৷ মহানগৰ আৰক্ষী আয়ুক্ত হীৰেন নাথে এক জাননীযোগে এই নিষেধাজ্ঞা জাৰি কৰি কয় যে দলটোৰ নেত্রী মমতা বেনার্জীয়ে এইকেইদিন নাগৰিকপঞ্জীৰ খচৰা প্রকাশৰ পাছত তীব্র উত্তেজনামূলক বক্তব্য দি থকাৰ কথা সংবাদ মাধ্যমত প্রকাশ পাই আছে৷
তেওঁ প্রৰোচনামূলক বক্তব্য দিয়াৰ লগতে অসমলৈ প্রতিনিধি প্রেৰণ কৰা কার্যই অসমত এইপর্যন্ত বাহাল থকা শান্তি-সম্প্রীতি ব্যাহত হোৱাৰ আশংকা আছে৷ দলটোৱে শিলচৰৰ পাছত গুৱাহাটীলৈ অহাৰ কথা আছে৷ সেয়ে ৰাজ্যৰ শান্তি-সম্প্রীতি অক্ষুণ্ণ ৰখাৰ স্বার্থত দলটোক গুৱাহাটীত প্রৱেশ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ প্রতিনিধিৰ দলটোৱে কঢ়িওৱা যিকোনো ধৰণৰ যাত্রীবাহী বাহন গুৱাহাটী আৰক্ষী আয়ুক্তৰ এলেকাৰ ভিতৰতে প্রৱেশ কৰাতো কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ইয়াৰ উপৰি প্রয়োজনীয় অনুমতি গুৱাহাটীত সকলোধৰণৰ সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্রতো বাধা আৰোপ কৰা হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি