Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:06 pm

Home » আঞ্চলিক » হিমা দাসৰ বাসগৃহত পঞ্জাব আৰক্ষীৰ উচ্চ পদস্থ বিষয়া

হিমা দাসৰ বাসগৃহত পঞ্জাব আৰক্ষীৰ উচ্চ পদস্থ বিষয়া


ৱেব সংবাদঃ ভাৰতৰ স্বৰ্ণকন্যা তথা অসমৰ ক্ৰীড়া জগতৰ ব্ৰেণ্ড এম্বেছাদৰ হিমা দাসৰ বাসগৃহত  অব্যাহত আছে উত্সাহৰ ঢৌ আৰু অভিনন্দনৰ জোৱাৰ। দৌৰবিদ হিমা দাসৰ অনুপস্থিত‌িতেই বৃহস্পতিবাৰে ধিঙৰ ৩নং কান্ধুলিমাৰীস্থিত বাসগৃহত হিমাৰ পিতৃ-মাতৃক শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ উদেশ্যে উপস্থিত হয় নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধিৰ লগতে পঞ্জাব আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসহ এটি আৰক্ষীৰ দল।
পঞ্জাব আৰক্ষীৰ দলটো হিমাৰ বাসগৃহত উপস্থিত হৈয়ে পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাসক তেওঁলোকৰ দুহিতা হিমাই সমগ্ৰ দেশক গৌৰৱান্বিত কৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰে। তদুপৰি হিমাৰ পিতৃ-মাতৃক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে একোখনকৈ ফুলাম গামোচাৰে অভিনন্দন জনায় আৰু এটি উপহাৰো প্ৰদান কৰে। পঞ্জাব আৰক্ষীৰ এই দলটোত কামাণ্ডেণ্ট বলৱিন্দৰ সিং, আৰক্ষী অধীক্ষক ৱনবীৰ সিং, উপ আৰক্ষী অধীক্ষক পৰেনজিত্‍ সিং আৰু অশ্বিনী কুমাৰসহ কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে, উক্ত আৰক্ষী দলটোক হিমাৰ ঘৰৰ তৰফৰ পৰাও একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়।
ইপিনে ইয়াৰ পূৰ্বে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাসহ এটি প্ৰতিনিধি দল হিমাৰ বাসগৃহত উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ চৌহদত বৃক্ষ পুলি ৰোপণ কৰে। আনহাতে আউনীআটি সত্ৰৰ ভূমিতে ডাঙৰ-দীঘল হৈ সত্ৰৰ এই পৱিত্ৰ ভূমিতে দৌৰাৰ আদিপাঠ গ্ৰহণ কৰি বিশ্ব বিজয়ৰ মুকুট শিৰত লৈ বিশ্বৰ বুকুত ভাৰতবৰ্ষক উজলাই তুলিবলৈ সক্ষম হোৱা হিমা দাসক ভূয়সী প্ৰশংসা কৰে উত্তৰ গুৱাহাটী তথা মাজুলী আউনীআটি সত্ৰৰ অধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে। হিমা দাসৰ এই বিৰল সফলতাৰ বাবে সত্ৰাধিকাৰ গৰাকীয়ে আশীৰ্বাদ স্বৰূপে হিমাই অনুশীলন কৰা খেলপথাৰখনত এখন উন্নত মানৰ ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে সত্ৰৰ অধীনস্থ মুঠ ১২বিঘা ভূমি দান কৰে, যাতে এই ষ্টেডিয়ামতে সুদুৰ ভৱিষ্যতে ক্ৰীড়া প্ৰতিভাৰ উত্তৰণ ঘটে। সত্ৰাধিকাৰৰ এই মহত্‍ কাৰ্যত ধিঙৰ আউনীআটি শাখা সত্ৰৰ সকলো ভকত-বৈষ্ণৱৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আনন্দ‌িত।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি