Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:36 pm

Home » আঞ্চলিক » দিল্লীত বাহৰ পাতি এন আৰ চিৰ বিৰুদ্ধে উঠি-পৰি লাগিছে মমতা

দিল্লীত বাহৰ পাতি এন আৰ চিৰ বিৰুদ্ধে উঠি-পৰি লাগিছে মমতা


নতুন দিল্লী :  নাগৰিকপঞ্জীয়ে ভাৰত আৰু বাংলাদেশৰ মাজত থকা সম্পর্কৰ ক্ষতি কৰিব৷ নাগৰিকপঞ্জীৰ সন্দর্ভত এটাৰ পাছত আন এটা বিতর্কিত মন্তব্য কৰা পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বুধবাৰে  এই মন্তব্য কৰে৷ যোৱা দুদিন ধৰি নতুন দিল্লীত বাহৰ পাতি থকা বেনার্জীয়ে  পুৱাই প্রবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানিক দেখা কৰি নাগৰিকপঞ্জীয়ে দেশত ৰক্তক্ষয়ী গৃহ যুদ্ধৰ সৃষ্টি কৰিব বুলি অৱগত কৰে৷
তেওঁ কয় যে বিজেপিয়ে শীঘ্রেই নাগৰিকপঞ্জীৰ কাম বন্ধ কৰা উচিত৷ দেশৰ বৃহত্তৰ স্বার্থতে নাগৰিকপঞ্জীৰ কাম বন্ধ কৰাৰ ক্ষেত্রত প্রবীণ ৰাজনীতিবিদজনৰ সহায়ো বিচাৰে বেনার্জীয়ে৷ আদৱানিক দেখা কৰি ওলাই অহাৰ পাছত বেনার্জীয়ে সাংবাদিকৰ আগত কয় যে অসমত বাঙালী লোকসকল একেবাৰে অসুৰক্ষিত৷ পশ্চিম বংগৰ মুর্শ্বিদাবাদ জিলাৰ ৮৩৩জন অসমৰ কাৰাগাৰত বন্দী হৈ আছে বুলি জনাই তেওঁ কয় যে বিজেপিয়ে এন আৰ চিৰ নামত ভোট বেংকৰ ৰাজনীতি আৰম্ভ কৰিছে৷
যিদৰে বিজেপিয়ে ৪০ লাখ লোকক বিদেশী সজাইছে ইয়াৰ ফল সমগ্র বিশ্বতে পৰিব বুলি জনাই তেওঁ লগতে কয় যে আমি সকলো ৰাজনৈতিক দলকে অনুৰোধ জনাইছোঁ তেওঁলোকে যেন নিজৰ দলৰ এটা প্রতিনিধি দলক অসমলৈ প্রেৰণ কৰে৷ তেতিয়াহে বুজিব অসমত কি ঘটি আছে৷ আনকি বেনার্জীয়ে প্রাক্তন বিজেপি নেতা যশোৱন্ত সিনহাকো অসমলৈ যাবলৈ অনুৰোধ কৰা বুলি জানিবলৈ দিয়ে৷
আনহাতে, সাংবাদিকৰ এক প্রশ্নৰ উত্তৰত তেওঁ কয় যে মোৰ মা-দেউতাৰ নামো যদি নাগৰিকপঞ্জীত অন্তর্ভুক্ত কৰিব লাগে তেনেহ’লে মই নিশ্চিত তেওঁলোকৰ নামো নাগৰিকপঞ্জীত অন্তর্ভুক্ত নহ’ব৷ কিয়নো তেওঁলোক আগৰ দিনৰ লোক৷ যাৰ বাবে তেওঁলোকে কোনো নথি-পত্র সংৰক্ষণ কৰি ৰখা নাছিল৷ অসমতো এনে লাখ লাখ লোক আছে যাৰ হাতত কোনো নথি-পত্র নাই৷ বেনার্জীয়ে ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু কংগ্রেছৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পাছত অসমৰ এন আৰ চি সন্দর্ভত বিজেপিক পুনৰ সমালোচনা কৰি কয় যে দলটো ৰাজনৈতিকভাৱে অস্থিৰ হৈ পৰিছে৷
কাৰণ তেওঁলোকে জানে যে ২০১৯ চনত তেওঁলোক ক্ষমতালৈ নাহে৷ ২০১৯ চনৰ লোক সভাৰ নির্বাচনৰ আগতে এটা ফেডাৰেল ফ্রণ্ট গঠনৰ বাবে তেওঁ লোৱা কৌশলৰ অংশ হিচাপে তেওঁ  ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰে৷ বেনার্জীয়ে কয় যে তেওঁলোকে ভৱিষ্যতে নির্বাচনত একেলগে প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰে৷ তাৰ আগতে  সংসদ ভৱনত বেনার্জীয়ে সমাজবাদী পার্টিৰ জয়া বচ্চনৰ লগতে কংগ্রেছৰ আনন্দ শর্মাকো দেখা কৰি নাগৰিকপঞ্জীৰ বিৰুদ্ধে তেওঁলোকৰ সমর্থন বিচাৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি