এলেহুৱা বিভাগটোৰ গাফিলতিৰ বাবেই আজি সংৰক্ষিত বনাঞ্চল ধ্বংসৰ গৰাহত
চৰাইদেউঃ চৰাইদেউ জিলাৰ নাফুক বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ চলা সংৰক্ষিত বনাঞ্চলখন বন বিভাগৰ চূড়ান্ত অৱহেলা আৰু অমনোযোগিতাৰ বাবে সম্প্ৰতি ধ্বংসৰ গৰাহলৈ গতি কৰিছে। এসময়ত বিভিন্ন মূল্যৱান আৰু ঔষধি গছ-গছনিৰ বাবে বিখ্যাত এই বনাঞ্চলখনত বন বিভাগৰ ছত্ৰছাঁয়াতে ধ্বংস যজ্ঞ অব্যাহত আছে। বন বিভাগৰ অমনোযোগিতা আৰু গাফিলতিৰ বাবে চোৰাং কাঠ ব্যৱসায়ী তথা বেদখলকাৰীৰ কবলত পৰি এসময়ত বৰ্ষাৰণ্য ৰূপে পৰিচিত বনাঞ্চলখন সম্প্ৰতি ধ্বংসমুখী হৈ পৰিছে। বন বিভাগৰ সৈতে এটা অসাধু চক্ৰই গোপন মিতিৰালি কৰি বনাঞ্চলখনৰ ভিতৰত থকা বহু মূল্যৱান গছ-গছনি কাটি তহিলং কৰাৰ উপৰি বনাঞ্চলখনত চাহ বাগিচা গঢ়ি তুলিছে। আনহাতে, বনাঞ্চলখনৰ ভিতৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডে খাৰুৱা তেলৰ খনন আৰু উত্পাদনৰ বাবে বহুকেইটা তেল খাদ আৰু জি জি এছ স্থাপন কৰিবৰ বাবে