Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:44 am

Home » আঞ্চলিক » ওজৰ-আপত্তি চালি-জাৰি চাবলৈ মডেলিটি প্রস্তুতৰ নির্দেশ চৰকাৰক

ওজৰ-আপত্তি চালি-জাৰি চাবলৈ মডেলিটি প্রস্তুতৰ নির্দেশ চৰকাৰক


গুৱাহাটী: নাগৰিকপঞ্জীৰ খচৰাত সন্নিৱিষ্ট নোহোৱা লোকসকলৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী বা প্রশাসনিক ব্যৱস্থা গ্রহণ কৰিব নোৱাৰিব৷ আনহাতে, নাগৰিকপঞ্জীত যিসকল লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ ওজৰ-আপত্তিসমূহ চালি-জাৰি চোৱা প্রক্রিয়াও স্বচছ হ’ব লাগিব৷বুধবাৰে এই নির্দেশ প্রদান কৰিছে উচচতম ন্যায়ালয়ে৷
নাগৰিকপঞ্জী সম্পর্কীয় গোচৰৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰহিন্তন ফলি নৰিমানৰ খণ্ড বিচাৰপীঠখনে  আৱেনকাৰীসকলৰ ওজৰ-আপত্তি চালি-জাৰি চোৱাৰ বাবে এক মডেলিটি (ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিঅ’ৰ) প্রস্তুত কৰিবৰ বাবে চৰকাৰক নির্দেশ দিয়ে৷
যাতে এক নির্দিষ্ট প্রণালীৰ মাজেৰে খচৰাৰ পৰা বাদ হোৱা প্রতিজন লোকেই আত্মপক্ষ সমর্থনৰ সুবিধা লাভ কৰিব পাৰে৷ বাদ যোৱা লোকসকলক আত্মপক্ষ সমর্থনৰ সম্পূর্ণ সুযোগ দিব লাগিব বুলি জনাই ন্যায়ালয়ে ১৫ আগষ্টৰ ভিতৰত এই মডেলিটি ন্যায়ালয়ৰ মজিয়াত দাখিল কৰিবলৈকো নির্দেশ দিয়ে৷ আনহাতে, দাখিল কৰিবলগীয়া উক্ত মডেলিটি নিৰীক্ষণ কৰিহে আদালতে পৰৱর্তী নির্দেশ দিব বুলি জনাই বিচাৰকদ্বয়ে কয় যে এই মডেলিটি প্রস্তুত কৰাৰ সময়ত কেন্দ্রই এন আৰ চি সমন্বয়ক প্রতীক হাজেলাৰ সৈতে আলোচনা কৰিব লাগিব৷
প্রণিধানযোগ্য যে  এন আৰ চিৰ সমন্বয়ক প্রতীক হাজেলাই নাগৰিকপঞ্জী উন্নীতকৰণৰ সন্দর্ভত এক প্রতিবেদন দাখিল কৰে৷ প্রতিবেদনখনত হাজেলাই প্রকাশ কৰা মতে, ৭ আগষ্টলৈকেহে নাগৰিকপঞ্জীৰ পূর্ণাংগ খচৰাখন ৰাইজৰ বাবে মুকলি কৰি ৰখা হ’ব৷ নাগৰিকপঞ্জীত যিসকল লোকৰ নাম কর্তন গৈছে তেওঁলোকে ভয় কৰাৰ কোনো প্রয়োজন নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে বাদ যোৱা আৱেদনকাৰীসকলৰ নাম তথা পৰিচয় গোপন কৰি ৰখা হ’ব৷
৭ আগষ্টৰ পৰা ৩০ আগষ্টলৈকে স্থানীয় পঞ্জীয়কে খচৰাত নাম নথকা লোকসকলক পত্রযোগে নাম বাদ যোৱাৰ কাৰণ অৱগত কৰিব৷ ইয়াৰ পাছত ৩০ আগষ্টৰ পৰা ২৮ ছেপ্টেম্বৰলৈকে তেওঁলোকে নিজা নিজা ওজৰ-আপত্তি দাখিল কৰিব পাৰিব৷ ইফালে, নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্রকাশ কৰাৰ সন্দর্ভত কেন্দ্রীয় চৰকাৰে কোনো দিন-বাৰ ঠিক কৰিছে নেকি বুলি আদালতে প্রশ্ন সোধাত হাজেলাই কয় যে ন্যায়ালয়ৰ নির্দেশ মর্মেই নাগৰিকপঞ্জীৰ পূর্ণাংগ তালিকাখন প্রকাশ কৰা হ’ব৷
মন কৰিবলগীয়া কথা যে কালি কেন্দ্রীয় চৰকাৰে এক গেজেট জাননী জাৰি কৰি নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাখন চলিত বছৰৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্রকাশ পাব বুলি উল্লেখ কৰিছিল৷ পিছে হাজেলাই এই কথা আশ্চর্যজনকভাৱে অস্বীকাৰ কৰে৷ তেওঁ মাথোঁ কয় যে যি ৩১ ডিচেম্বৰৰ কথা কোৱা হৈছে সেয়া মাত্র বাজেট ধার্য কৰাৰ বাবে স্থিৰ কৰা দিনহে৷ ন্যায়ালয়ে স্পষ্টভাৱে কয় যে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা কেতিয়া প্রকাশ পাব, আৱেদনকাৰীসকলে নিজা নিজা ওজৰ-আপত্তি দাখিল কৰিবলৈ কিমান সময় পাব সেয়া নির্ধাৰণ কৰিব ন্যায়ালয়ে৷
এই ক্ষেত্রত চৰকাৰে কোনো দিন-বাৰ ঠিক নকৰিব৷ আনহাতে,  ন্যায়ালয়ৰ মজিয়াত কেন্দ্রৰ এটর্নী জেনেৰেল কে বেণুগোপালেও নাগৰিকপঞ্জীৰ ওজৰ-আপত্তিসমূহ চালি-জাৰি চাবলৈ এটা সুনির্দিষ্ট ‘গাইডলাইন’ৰ প্রয়োজন আছে বুলি মন্তব্য কৰে৷ তেওঁ আনকি এইক্ষেত্রত নাম বাদ যোৱা লোকসকলৰ বায়’মেট্রিক তথ্য সংগ্রহ কৰাৰ বাবেও প্রস্তাৱ আগবঢ়োৱাৰ লগতে নাগৰিকপঞ্জীৰ বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্রত সংবাদ মাধ্যমক সতর্ক কৰি দিয়াৰ বাবেও আৱেদন জনাইছিল৷
পিছে বিচাৰকদ্বয়ে বায়’মেট্রিক তথ্য সংগ্রহৰ ক্ষেত্রত কেন্দ্রৰ ক’বলগীয়াখিনি ১৫ আগষ্টৰ ভিতৰত দাখিল কৰিবলগীয়া প্রতিবেদনখনত উল্লেখ কৰিবলৈ নির্দেশ দিয়ে৷ আনহাতে, সংবাদ মাধ্যমক কোনো ধৰণৰ নির্দেশ প্রদান নকৰোঁ বুলিও স্পষ্ট কৰি দিয়ে বিচাৰকদ্বয়ে৷ ইফালে, বুধবাৰে শুনানিত ‘ডি ভোটাৰ’ৰ সতি- সন্ততিৰ বিষয়টো উত্থাপন হৈছিল যদিও আদালতে পৰৱর্তী শুনানিত এই কথা শুনা যাব বুলি জনাই অহা ১৬ আগষ্টৰ পৰৱর্তী শুনানিৰ দিন ধার্য কৰে৷ ইফালে, আদালতৰ নির্দেশক আদৰণি জনাইছে সদৌ অসম ছাত্র সন্থায়ো৷
শুনানি কালত আদালতত উপস্থিত থকা সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে পাছত সাংবাদিকৰ আগত উচচতম ন্যায়ালয়ৰ নির্দেশক স্বাগতম জনাই কয় যে নাগৰিকপঞ্জীৰ কাম পানী নসৰকা হ’ব লাগে যাতে এজনো বাংলাদেশীৰ নাম নাগৰিকপঞ্জীত অন্তর্ভুক্ত নহয়৷ ন্যায়ালয়ৰ প্রত্যক্ষ তদাৰকত কাম চলি থকাৰ বাবেই নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ইমানখিনি আগবাঢ়িছে বুলি জনাই তেওঁলোকে লগতে কয় যে এখন শুদ্ধ নাগৰিকপঞ্জী প্রস্তুত হ’লেহে অসমসুৰক্ষিত হ’ব৷
একেদৰে নাগৰিকপঞ্জী উন্নীতকৰণৰ মূল গুচৰীয়া আছাম পাব্লিক ৱর্কছৰ মুৰববী অভিজিত শর্মাই আদালতৰ নির্দেশক আদৰণি জনাই কয় যে এতিয়া বাকীখিনি কাম যাতে নিখুঁতভাৱে আগবঢ়াই নিব পৰা যায় সেয়াহে সকলোতকৈ ডাঙৰ কথা৷ আমি বিচাৰোঁ কোনো এজন বিদেশীৰ নাম যাতে নাগৰিকপঞ্জীত অন্তৰ্ভূক্ত নহয়৷ নাগৰিকপঞ্জীৰ লগত জড়িত লোকসকলে এতিয়া আৰু অধিক সতর্কতাৰে কাম কৰিব লাগিব বুলিও উল্লেখ কৰে শর্মাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি