Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:38 am

Home » দেশ-বিদেশ » এন আৰ চিক লৈ উত্তাল উভয় সদন

এন আৰ চিক লৈ উত্তাল উভয় সদন


গুৱাহাটী: ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ খচৰাক লৈ অসমৰ পৰিস্থিতি শান্ত যদিও অশান্ত হৈ পৰিছে দেশৰ ৰাজধানী নতুন দিল্লীৰ ৰাজনৈতিক পৰিস্থিতি৷ দেশৰ প্রায়সংখ্যক বিৰোধী ৰাজনৈতিক দলেই নাগৰিকপঞ্জীৰ খচৰাক লৈ আৰম্ভ কৰিছে সুবিধাবাদৰ ৰাজনীতি৷ নাগৰিকপঞ্জীৰ খচৰাক লৈ বুধবাৰৰ পৰা তৎপৰ হৈ পৰা ৰাজনৈতিক দলসমূহে বৃহস্পতিবাৰে সংসদৰ বাহিৰে-ভিতৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ সংসদৰ কার্যসূচী আৰম্ভ হোৱাৰ পূর্বেই  সংসদ ভৱনৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্রতিমূর্তিৰ সন্মুখত থিয় হৈ তৃণমূল কংগ্রেছৰ সাংসদসকলে নাগৰিকপঞ্জীৰ বিৰুদ্ধে এক ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷
ইয়াৰ পাছতেই ৰাজ্য সভাত নাগৰিকপঞ্জীক লৈ আৰম্ভ হয় এক বিশেষ আলোচনা৷ এই আলোচনাত অংশগ্রহণ কৰি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে কয় যে অসম চুক্তিত কংগ্রেছে স্বাক্ষৰ কৰিছিল যদিও তেওঁলোকে এই চুক্তিখন ৰূপায়িত কৰিবলৈ সাহস কৰিব পৰা নাছিল৷ কিন্তু কংগ্রেছে যি কাম কৰিবলৈ সাহস কৰা নাছিল বিজেপিয়ে সাহস কৰি সেই কাম অর্থাৎ নাগৰিকপঞ্জী উন্নীতকৰণ কৰি দেখুৱালে৷
বিজেপিৰ সভাপতিজনে এই মন্তব্য প্রকাশ কৰাৰ লগে লগেই সংসদত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ বিৰোধী পক্ষই সংসদত এনে পৰিৱেশৰ সৃষ্টি কৰে যে শেষত সভাপতিয়ে সদন দিনটোৰ বাবে স্থগিত ৰাখিবলৈ বাধ্য হয়৷ মন কৰিব লগীয়া কথা যে বিজেপিৰ সভাপতিজনে ভাষণৰ আৰম্ভণিতে ৰাজীৱ গান্ধীয়ে ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰ কৰিছিল বুলি উল্লেখ কৰি কয় যে চুক্তি স্বাক্ষৰ কৰি পিছদিনা তেওঁ লালকিল্লাৰ পৰা অসম চুক্তিৰ কথা দেশবাসীক অৱগত কৰিছিল৷ আনহাতে, নাগৰিকপঞ্জীক অসম চুক্তিৰ আত্মা বুলি অভিহিত কৰি শ্বাহে কালি প্রকাশিত খচৰাত যি ৪০ লাখ লোকৰ নাম কর্তন হৈছে তাৰ ভিতৰত কিমান অবৈধ বাংলাদেশী আছে বুলিও প্রশ্ন উত্থাপন কৰে৷
বিৰোধীয়ে উক্ত অবৈধ বিদেশী লোকসকলক সুৰক্ষা দিব খুজিছে বুলিও মত ব্যক্ত কৰে বিজেপিৰ সভাপতিজনে৷ মন কৰিব লগীয়া যে শ্বাহৰ বক্তব্যৰ পাছতে কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিঙে নাগৰিকপঞ্জীৰ সন্দর্ভত নিজৰ বক্তব্য প্রদানৰ কথা আছিল যদিও সদন দিনটোৰ বাবে স্থগিত হোৱাত গৃহ মন্ত্রীজনে নিজৰ বক্তব্য ৰাখিব নোৱাৰিলে৷ ইয়াৰ পূর্বে বি পি এফৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে নাগৰিকপঞ্জীক লৈ অসমৰ আইন-শৃংখলা পৰিস্থিতি শান্ত হৈ থকাৰ কথা উল্লেখ কৰি কয় যে কোনো ভাৰতীয় লোকক নাগৰিকপঞ্জীৰ নামত হাৰাশাস্তি কৰা হোৱা নাই৷
বিদেশী চিনাক্তকৰণৰ বাবেই নাগৰিকপঞ্জী উন্নীত কৰা হৈছে বুলি জনাই তেওঁ লগতে কয় যে যিসকল ভাৰতীয় লোকৰ নাম নাগৰিকপঞ্জীত অন্তর্ুক্ত হোৱা নাই তেওঁলোকে নিশ্চয় প্রয়োজনীয় নথি-পত্র জমা দিয়া নাছিল৷ নথি-পত্রসহ পুনৰ আৱেদন কৰিলে উক্ত লোকসকলৰ নাম নাগৰিকপঞ্জীত অন্তর্ভুক্ত হ’ব বুলি উল্লেখ কৰি দৈমাৰীয়ে ক্ষোভেৰে কয় যে দেশে যদি অসম তথা উত্তৰ-পূবক ভাৰতৰ সৈতে থকাটো বিচৰা নাই তেনেহ’লে অসম তথা উত্তৰ-পূবক ভাৰতৰ পৰা আঁতৰাই দিয়ক৷ আমাৰ কোনো আপত্তি নাই৷ আনহাতে কংগ্রেছৰ গোলাম নবী আজাদে নাম নথকা সকলো লোককে চৰকাৰে আইনী সাহায্য প্রদান কৰা উচিত বুলি উল্লেখ কৰি কয় যে চৰকাৰে অসমত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷
৪০ লাখ লোকৰ নাম অতি কম নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি কৰা কার্য কোনো কাৰণতে সহ্য কৰা নহয়৷ ভোট বেংকৰ বাবে বিজেপিয়ে নাগৰিকপঞ্জীক লৈ ৰাজনীতি আৰম্ভ কৰিছে বুলি অভিযোগ কৰি তেওঁ কয়, হিন্দু মুছলমানক লৈ ৰাজনীতি নকৰিব৷ সমগ্র বিষয়টো মানৱীয় দৃষ্টিভংগিৰে চোৱা উচিত৷ ইফালে টি ডি পিৰ ৱাই এছ চৌধুৰীয়ে নাগৰিকপঞ্জীৰ খচৰাত ৪০ লাখ লোকৰ নাম অন্তর্ুক্ত নোহোৱাৰ সন্দর্ভত এখন সংসদীয় কমিটী গঠন কৰিবলৈ দাবী উত্থাপন কৰে৷ বিজু জনতা দলৰ প্রসন্ন আচার্যই নাগৰিকপঞ্জী বিষয়টো অত্যন্ত সংবেদনশীল বুলি উল্লেখ কৰি কয় যে এনে কার্যত দেশৰ সুৰক্ষাৰ প্রতি ভাবুকি আহি পৰিছে৷
সমাজবাদী দলৰ ৰাম গোপাল যাদৱে নাম কর্তন যোৱা লোকসকল ক’লৈ যাব বুলি প্রশ্ন উত্থাপন কৰি কয় যে অসমত থকা হাজাৰ হাজাৰ বহিঃৰাজ্যৰ পৰা যোৱা লোকৰ নাম নাগৰিকপঞ্জীত অন্তর্ভুক্ত হোৱা নাই৷ এ আই এ ডি এম কেৰ সাংসদ বিজিলা সত্যনান্তে কয় যে অসমত বাস কৰা তামিলনাডুৰ লোকসকলৰ নামো নাগৰিকপঞ্জীত অন্তর্ুক্ত হোৱা নাই৷ মন কৰিব লগীয়া কথা যে  লোক সভাতো তৃণমূল আৰু কংগ্রেছে নাগৰিকপঞ্জীৰ বিষয়টো পুনৰ উত্থাপন কৰাৰ বাবে চেষ্টা চলাইছিল৷ পিছে অধ্যক্ষ সুমিত্রা মহাজনে  বিষয়টো আলোচনা হৈছে বুলি জনাই  আকৌ এই সন্দর্ভত কোনো কথা আলোচনা নহয় বুলি স্পষ্ট কৰি দিয়ে৷
কিন্তু ইয়াৰ পাছতো কংগ্রেছৰ গৌৰৱ গগৈয়ে বাৰে বাৰে তেওঁৰ দুৱাষাৰ ক’বলৈ আছে বুলি অনুৰোধ জনাই থকাত অধ্যক্ষই তেওঁক ক’বলৈ অনুমতি দিয়ে৷ অধ্যক্ষৰ অনুমতিৰ পাছত পাছত গৌৰৱ গগৈয়ে নাগৰিকপঞ্জীক লৈ চৰকাৰে অসমৰ ৰাইজক ভাগ ভাগ কৰাৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰি কয় যে কালি যিসকল লোকৰ নাম কর্তন হৈছে সেই তালিকাত লাখ লাখ ভাৰতীয় লোকৰ নাম সোমাই আছে৷
বাৰশ কোটি টকা ব্যয় কৰাৰ পাছতো চৰকাৰে নাগৰিকপঞ্জীৰ প্রক্রিয়াটো শুদ্ধভাৱে আগবঢ়াই নিব পৰা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে যিখন খচৰা প্রকাশ পাইছে সেইখনতো বিদেশীৰ নাম অন্তর্ুক্ত হোৱাৰ অভিযোগ উঠিছে৷ প্রণিধানযোগ্য যে  লোক সভাত কংগ্রেছৰ অধীৰ ৰঞ্জন চৌধুৰী আৰু তৃণমূলৰ সৌগত ৰায়ে নাগৰিকপঞ্জীৰ সন্দর্ভত বক্তব্য ৰাখিব খুজিছিল যদিও অধ্যক্ষই তেওঁলোকক মত ব্যক্ত কৰাৰ বাবে সুবিধা নিদিলে৷ যাক লৈ তৃণমূল আৰু কংগ্রেছৰ সাংসদসকলে কিছুসময় সংসদত হুলস্থূলীয়া পৰিৱেশৰো সৃষ্টি কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি