কোকৰাঝাৰত এন আই এচৰ অধীনত প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমৰ শিক্ষামূলক সভা আৰু প্ৰদৰ্শনীৰ আয়োজন

কোকৰাঝাৰ : বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ নিকটত থকা মোকৰাপাৰাস্থিত এচ এ মেমৰিয়েল মহাবিদ্যালয়ৰ প্ৰাংগণত আজি এন আই এচৰ অধীনত দিনজোৰা কাৰ্যসুচীৰে প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমৰ ওপৰত শীৰ্ষক এখনি শিক্ষামূলক সভা আৰু শৈক্ষণ প্ৰণালীৰ প্ৰৰ্দশনী অনুষ্ঠিত হয়৷ প্ৰদৰ্শনীত বিটিএডিৰ চাৰিখন জিলাৰ উপৰিও শ্ৰীৰামপুৰ,গোসাইগাওঁ, তামাৰহাট আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ শিক্ষক , শিক্ষয়িত্ৰী আৰু এন আই এচৰ অধীনত ৪০০ শিক্ষাৰ্থী আৰু এচ আৰ টিৰ অধীনত ৩০০ শিক্ষাৰ্থী উপস্থিতি থাকে৷ আজিৰ প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিটিচিৰ বাওখুংগ্ৰী সমষ্টিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে৷ ইয়াৰ পিছতে এচ এ মেমৰিয়েল মহাবিদ্যালয়ৰ অধ্যক্ষ শ্বেখ আব্দুল্লাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এখন শিক্ষামূলক সভাত সভাৰ উদ্দেশ্য ব্যাখা কৰে মহাবিদ্যালয়খনৰে অন্যতম প্ৰতিষ্ঠাপক তথা সমন্বয়ক হুছনে আৰা বেগমে৷ উক্ত

|

বৰপেটাৰোডৰ জিআইচিএছ একাডেমীৰ উদ্যোগত ডিএলএড পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ্ কৰ্মশালা

বৰপেটাৰোড : বৰপেটা জিলাৰ বাণিজ্যনগৰী বৰপেটাৰোডস্থিত জিআইচিএছ একাডেমীৰ উদ্যোগত ডিএলএড পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ কৰ্মশালা আৰম্ভ হৈছে৷ উক্ত কৰ্মশালাৰ লগত সংগতি ৰাখি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গ্ল’বেল ইনষ্টিটিউট অফ আৰ্টছ এণ্ড ছায়েন্সত আজি ডিএলএড প্ৰশিক্ষাৰ্থীসকলৰ টিএলএম প্ৰদৰ্শন আৰু নাটকৰ ওপৰত ভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷  উল্লেখ্য যে জিআইচিএছ একাডেমীৰ উদ্যোগত ডিএলএড পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ পাঠ্যসূচী ইতিমধ্যে সূচাৰুৰূপে সম্পন্ন হৈ যায়৷ এছ চি ই আৰ টিৰ অধীনত সমগ্ৰ ৰাজ্যৰ লগতে জিআইচিএছ একাডেমীৰ উদ্যোগত চলিত বৰ্ষৰ ১০ জুলাইৰ পৰা ২৪ জুলাই লৈকে অনুষ্ঠিত হোৱা পৰীক্ষাত ২৬০ গৰাকী ডিএলএড প্ৰশিক্ষাৰ্থী অৱতীৰ্ণ হয়৷  উক্ত পৰীক্ষা চলি থকাৰ সময়তেই বৰপেটা ডায়েটৰ জ্যেষ্ঠ প্ৰৱক্তা পদুমী ডেকা আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জোৎস্না ৰাণী বৰ্মনে পৰীক্ষাকেন্দ্ৰ পৰিদৰ্শন কৰি পৰীক্ষাৰ কেন্দ্ৰৰ

অসম বিশ্ববিদ্যালয়ৰ যৌন কেলেংকাৰীঃ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী আকছাৰ

শিলচৰঃ অসম বিশ্ববিদ্যালয়ত সংঘটিত যৌন কেলেংকাৰীৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্র সংস্থাই (আকছা)। দেওবাৰে শিলচৰৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা ৰূপম নন্দী পুৰকায়স্থই কয় যে কৃষি অ‌ভ‌িযান্ত্ৰ‌িক বিভাগৰ মুৰব্বী সুদীপ্ত সৰকাৰক চাকৰিৰ পৰা নিলম্বন কৰিলেই নহ’ব। তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিব। কাইলৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদে এই ঘটনাৰ তদন্ত ক্ষিপ্ৰ কৰাৰ দাবীত বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সম্মুখত যি অৱৰোধ কার্যসূচী গ্রহণ কৰিছে তাৰ সমর্থন কৰিব বুলি তেওঁ জনায়। তেওঁ আৰু কয় যে ত্ৰ‌িপুৰাৰ ছাত্ৰীগৰাকীয়ে নিজে সংবাদ মাধ্যমৰ আগত সকলো মুকলিকৈ অৱগত কৰাৰ পাছতো বিশ্ববিদ্যালয়ৰ ইন্টাৰনেল কমিটীয়ে এই পৰ্যন্ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অভিযুক্ত অধ্যাপক সুদীপ্ত সৰকাৰে ছাত্ৰীগৰাকীক পৰীক্ষাত উত্তীৰ্ণ

শৈশৱতে ধেমালিতে’লৈ শ্রেষ্ঠ চলচ্চ‌িরকে ধৰি তিনিটা আন্তঃৰাষ্ট্রীয় বঁটা

শ্রেষ্ঠ অভিনেত্রী দীপান্বিতা শর্মা, শ্রেষ্ঠ সংগীত অনুৰাগ শইকীয়া ৱেব সংবাদঃ অসমীয়া চলচিচত্রৰ বাবে সু-খবৰ৷ ইয়াত অনুষ্ঠিত তৃতীয় লাভ আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত অসমীয়া ছবি ‘শৈশৱতে ধেমালিতে’ই (ৰেইনব’ ফিল্ডছ) শনিবাৰে শ্রেষ্ঠ চলচিচত্রকে ধৰি তিনিটা শীর্ষ বঁটা লাভ কৰে৷ শ্রেষ্ঠ চল‌চ্চ‌িত্রৰ বঁটাৰ উপৰি ছবিখনে লাভ কৰে শ্রেষ্ঠ অভিনেত্রী (দীপান্বিতা শর্মা) আৰু শ্রেষ্ঠ সংগীতৰ (অনুৰাগ শইকীয়া) বঁটা৷এই আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত ৩৬খন দেশৰ ১৫০খনৰো অধিক চলচিচত্রই অংশগ্রহণ কৰিছিল৷ বিদ্যুৎ কটকীয়ে পৰিচালনা কৰা ‘শৈশৱতে ধেমালিতে’ত অসমৰ শিশুসকল হিংসাজর্জৰ সময়ত ডাঙৰ-দীঘল হোৱা আৰু তেওঁলোকৰ চৌপাশে নৃশংসতা দেখিবলৈ পোৱাৰ স্পর্শকাতৰ বিষয় দাঙি ধৰা হৈছে৷ বঁটা গ্রহণ কৰি কটকীয়ে কয়, ‘শৈশৱতে ধেমালিতে’ নির্মাণ কৰোঁতে আমি সদায় ভাবিছিলোঁ যে আমি অসমীয়া ভাষাত এখন বিশ্বমানৰ চলচিচত্র নির্মাণ কৰিছোঁ৷ আমাৰ আৱেগে কোনো

কাইলৈ এন আৰ চিৰ চূড়ান্ত খচৰা

গুৱাহাটীঃ উত্কণ্ঠাৰ অৱসানলৈ মাজত মাত্র এদিন৷ আৰক্ষী-প্রশাসনৰ সূক্ষ্ম পর্যবেক্ষণত প্রকাশ পাব এন আৰ চিৰ চূড়ান্ত খচৰা৷ এন আৰ চি কর্তৃপক্ষ ২২লাখ এন আৰ চি কপিৰে তথ্য ভাণ্ডাৰ ৰাজহুৱা কৰিবলৈ সাজু৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কার্যালয়ত যুদ্ধকালীন ব্যস্ততা৷ প্রতিটো সেৱা কেন্দ্র সাজু৷ আৰক্ষী, অর্ধ-সামৰিক বাহিনী নিয়োগ কৰি সেৱা কেন্দ্রসমূহ বেৰি ৰখা হৈছে৷ ৩০জুলাইত ৰাজ্যৰ জনসাধাৰণে সেৱা কেন্দ্রসমূহত নিজৰ নাম তালিকাভুক্ত হৈছে নে নাই চাব পাৰিব৷ ৰাজ্যিক সমন্বয়কৰ কার্যালয়ৰ পৰা নিয়ন্ত্রিত চাৰিটা ৱেবছাইটতো উপলব্ধ হ’ব চূড়ান্ত খচৰাৰ তালিকা৷ তালিকাত নিজৰ নাম আছে নে নাই নিশ্চিত হ’বলৈ ৰাজ্যবাসীয়ে উদগ্রীৱ হৈ আছে৷ নিৰাপত্তাৰ বিষয়টোক অধিক গুৰুত্ব আৰোপ কৰি স্পর্শকাতৰ এলেকাসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে৷ আনকি হেলিকপ্টাৰযোগেও নিৰাপত্তাৰ দিশটো পর্যবেক্ষণ কৰিবলৈ ৰাজ্যৰ গৃহ

জাননী নিদিয়াকৈ নীপকোৱে খুলিলে পানী, ধনশিৰি মহকুমাৰ ১৫খনৰো অধিক গাঁও জলমগ্ন

 ধনশিৰিঃ নগালেণ্ডত কিছুদিনৰ পৰা অবিৰত বৰষুণৰ বাবে দৈয়াং নদীৰ জলপৃষ্ঠ ক্ষিপ্রগতিত বৃদ্ধি পাইছিল৷ জানিব পৰা মতে দৈয়াং নদীৰ জলপৃষ্ঠ স্পিলিং লেভেল ৩২৪ মিটাৰৰ পৰা ৩২৪.২৫ লৈ বৃদ্ধি পোৱাৰ বাবে দৈয়াং জলবিদ্যুত্‍ প্রকল্পৰ পৰা অতিৰিক্ত পানী জাননী নিদিয়াকৈ শনিবাৰে নিশা এৰি দিয়ে নীপকোৱে৷ নগালেণ্ডৰ দৈয়াং জলবিদ্যুত্‍ প্রকল্পৰ চাৰিখনকৈ গে’ট খুলি দিয়াৰ বাবে ব্যাপক তথা ক্ষিপ্র গতিত দৈয়াং নদীৰ পানী বৃদ্ধি পায়৷ নগালেণ্ডৰ পৰা নামি অহা দৈয়াং নদীয়ে প্রথমেই গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ নদী কাষৰীয়া গাঁওসমূহত বিভীষিকাৰ সৃষ্টি কৰে৷ এফালৰ পৰা ঘৰ-বাৰী, গৰু-ছাগলী, হাঁহ-কুকুৰা আদি ফেনেফোটোকাৰে বাঢ়ি অহা পানীয়ে গ্রাস কৰি যায়৷ তাত্ক্ষণিকভাৱে অহা বাঢ়নী পানীয়ে সৰুপথাৰ আৰক্ষী থানাৰ অন্তর্গত বৰবালি অঞ্চলত সর্বাধিক ক্ষতি কৰে৷ গাঁওখনৰ বাসিন্দাসকলক প্রশাসনৰ ফালৰ পৰা কোনো জাননী