বৰপেটাৰোড : বৰপেটা জিলাৰ বাণিজ্যনগৰী বৰপেটাৰোডৰ ‘অসম সংঘৰ্ষ পীড়িত ঐক্য ন্যাস সমিতি (আৰভাট)’ৰ কাৰ্যালয়ত কেইজনমান সমাজ সচেতন ব্যক্তিৰ উদ্যোগত বৰপেটা¸ বাক্সা¸ বঙাইগাঁও আৰু চিৰাং জিলাৰ বিভিন্ন অঞ্চলৰ ‘ডি’ ভোটাৰসকলক অবিৰত আৰু নিঃস্বাৰ্থভাবে নথি-পত্ৰ পৰীক্ষা কৰি যাৱতীয় পৰামৰ্শ প্ৰদান কৰি থকা হৈছে। যিকোনো অঞ্চলৰ লোকে এই সেৱা কেন্দ্ৰত নথি-পত্ৰ পৰীক্ষা কৰি যাৱতীয় পৰামৰ্শ গ্ৰহণ কৰি আহিছে।
উল্লেখ্য যে চলিত বৰ্ষৰ ১২ জুলাইৰ পৰা আৰম্ভ হোৱা এই সেৱা কেন্দ্ৰৰ জৰিয়তে ২৮ জুলাই লৈকে প্ৰায় ১৩০০ নিৰীহ ডি ভোটাৰক পৰামৰ্শ প্ৰদান কৰা হয়। এই সন্দৰ্ভত সাজাহান আলী আহমেদে ‘সংবাদ প্ৰহৰী’ক জানিবলৈ দিয়েযে ‘এই অভিযান সমগ্ৰ অসমলৈ বিস্তাৰ কৰাৰ ইচ্ছা আৰু পৰিকল্পনা আছে। কাৰণ আমি দেখা পাইছো যে বহু লোকে নিৰ্দিষ্ট প্ৰয়োজনীয় নথি-পত্ৰ থকাৰ পিছতো একমাত্ৰ অজ্ঞতাৰ বাবেই বিপথগ্ৰস্থ হৈ থাকিব লগা হৈছে।’ সেয়ে আমাৰ বিশ্বাস দল-মত নিৰ্বিশেষে সকলোৰে নিঃস্বাৰ্থ সেৱা কৰাৰ মানসিকতাই প্ৰকৃত ভাৰতীয় নিৰীহ লোকক উজ্জল ভৱিষ্যতৰ সন্ধান দিব বুলি তেওঁ আশাবাদী৷