Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 3:59 am

Home » আঞ্চলিক » গােলাঘাটত পুৰুষৰ গর্ভধাৰণ পৰীক্ষা চিকিৎসকৰ

গােলাঘাটত পুৰুষৰ গর্ভধাৰণ পৰীক্ষা চিকিৎসকৰ


গােলাঘাট : চৰকাৰৰ জনসংখ্যা নিয়ন্ত্ৰণৰ শ্ল’গান অসাৰ হ’ল। কাৰণ এইখন অসমত এতিয়া পুৰুষৰাে গৰ্ভধাৰণৰ পৰীক্ষা কৰা হয়। পুৰুষে গৰ্ভধাৰণ কৰাৰ সম্ভাৱনা থকাৰ বাবেই গােলাঘাটত পৰীক্ষা কৰা হ’ল পুৰুষৰ গৰ্ভধাৰণ। কোনােমতে ৰক্ষা পৰিল পুৰুষজন, লেবৰেটৰী পৰীক্ষাৰ অন্তত নিগেটিভ ৰিজাল্ট ওলাল। গােলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মুখ্যমন্ত্রী বিনামূলীয়া ৰােগ নিৰ্ণায়ক সেৱাত সংঘটিত হৈছে এই মানৱ জীৱনৰ লগত হেতালি খেলা ঘটনা। উল্লেখ্য যে গােলাঘাট জিলাৰ বেঙেনাখােৱাৰ বাসিন্দা যােগেশ্বৰ বৰা নামৰ ৪২ বছৰীয়া লােকজনে জণ্ডিচ ৰােগত ভােগাৰ বাবে এজন চিকিৎসকে ইউৰিন টেষ্ট কৰিবলৈ দিছিল আৰু বৰাই চৰকাৰী চিকিৎসালয়খনৰ বিনামূলীয়া লেবৰেটৰীটোত ইউৰিন পৰীক্ষা কৰিবলৈ দিলে আৰু ৰিজাল্ট আহিল ইউৰিন প্রেগনেন্সী টেষ্ট নিগেটিভ। আচৰিত এয়ে যে সেই লেবৰেটৰী টেষ্টৰ ৰিপ’ৰ্টত ডাঃ পল্লৱী গগৈৰ স্বাক্ষৰাে আছে। ইমানেই নহয়, চিকিৎসালয়খনৰ জৰুৰীকালীন সেৱাত সেই সময়ত দায়িত্বত থকা চিকিৎসকজনে ৰিপ’র্ট চাই ঔষধাে খাবলৈ দিলে লােকজনক। চৰকাৰী চিকিৎসালয়খৰ মহান চিকিৎসকসকলৰ এনে চিকিৎসা পদ্ধতিয়ে সাধাৰণ মানুহৰ জীৱনক লৈ হেতালি খেলা ব্যৱস্থাটোৱে অধিক চিন্তিত কৰি তােলা যােগেশ্বৰ বৰাই লজ্জিত হৈ নিজ পত্নীৰ বাহিৰে আনৰ পৰা লুকুৱাই ৰাখিছিল এই ভয়ানক সত্য। ইফালে স্বাস্থ্য বিজ্ঞানৰ ইতিহাসত কোনােদিনেই নােহােৱা-নােপােৱা ঘটনা সংঘটিত কৰাৰ পাছতাে গােলাঘাট যুটীয়া স্বাস্থ্য সঞ্চালকৰ মতে এইটো এটা সৰু ‘মিচটেক’। অৱশ্যে চিকিৎসালয়খনৰ লেবৰেটৰীৰ কর্মচাৰীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে। কম্পিউটাৰত টাইপ কৰোতেহে ভুল হৈছিল। কিন্তু পৰীক্ষাৰ ৰিপ’ৰ্টত স্বাক্ষৰ কৰা ডাঃ পল্লৱী গগৈয়ে ৰিপ’র্ট নােচোৱাকৈয়ে চহী কৰিছিল নে ৰিপ’ৰ্টত দিয়া কাগজখনত আগতেই চহী কৰি থৈছিল। ইতিমধ্যে ভুক্তভােগী লােকজনে জিলা উপায়ুক্তক লিখিত অভিযােগ দাখিল কৰাৰ পাছত গােলাঘাটৰ আদালতত গােচৰ তৰিব। ভুক্তভােগীৰ দাবী কঠোৰ শাস্তি দিব লাগে এনে চিকিৎসক আৰু চিকিৎসা কর্মীক। এতিয়া লক্ষণীয় হ’ব পুৰুষক প্রেগনেন্সীৰ ৰিপ’র্ট দিয়া উক্ত চিকিৎসক আৰু চিকিৎসা কর্মীৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্রীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি