Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 11:46 pm

Home » আঞ্চলিক » কিৰেন ৰিজিজুৰ বক্তব্যৰ প্রতিক্রিয়া অসম সাহিত্য সভাৰ

কিৰেন ৰিজিজুৰ বক্তব্যৰ প্রতিক্রিয়া অসম সাহিত্য সভাৰ

কেন্দ্রই বিদেশীক স্বদেশী কৰা অধিসূচনা প্রত্যাহাৰ আৰু মানৱ সম্পদ গঢ়া শিক্ষাগুৰুৰ প্ৰতি চৰকাৰে মান্যতা প্রদান কৰাৰ দাবী

গুৱাহাটী : অসম সাহিত্য সভাকে ধৰি ৰাজ্যৰ বিভিন্ন জাতীয়, জনজাতীয় দল-সংগঠন, নাগৰিক সমাজে ঐতিহাসিক অসম চুক্তিৰ ৬ নং দফা অনুসৰি ১৯৭১ চনৰ ২৫ মার্চৰ পিছত অসমলৈ অহা সকলােধৰণৰ বিদেশীক বহিষ্কাৰ কৰাৰ হকে সর্বসন্মত জনমত গ্রহণ কৰাৰ বিপৰীতে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত প্রৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, পাৰ্চী, জৈন, খ্রীষ্টান ধর্মালম্বীলােক ভাৰতত থকাটো অবৈধ নহয় বুলি যােৱা ২৫ জুলাইত ৰাজ্যসভাৰ মজিয়াত কেন্দ্রীয় গৃহৰাজ্য মন্ত্রী কিনে ৰিজিজুয়ে ঘােষণা কৰা তথ্যই কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰ দুখনৰ সংগতিহীন স্থিতি কার্যতঃ স্পষ্ট কৰিছে। ইতিমধ্যে নাগৰিকত্ব সংশােধনী বিধেয়ক-২০১৬ জাপি দিব বিচাৰি অসমৰ প্রতি কেন্দ্রই পােষণ কৰা দৃষ্টিভংগীৰ বিৰুদ্ধে চৌদিশে প্রবল প্রতিবাদ হােৱাটোকো আওকাণ কৰি কেন্দ্ৰ ৰাজ্যৰ বিজেপি চৰকাৰে আকোৰগোঁজ হৈ অসমৰ ভৱিষ্যতৰ প্রতি ভয়ংকৰ জাননী কঢ়িয়াই আনিছে।
কেন্দ্রীয় গৃহৰাজ্য মন্ত্ৰী গৰাকীয়ে সংসদত দাঙি ধৰা বিস্ফোৰক বক্তব্য অনুসৰি অসমত ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে প্ৰৱেশ কৰা বাংলাদেশ হিন্দু লােকসকলক বিদেশী বুলি ক’ব নােৱাৰি বােলা তথ্যই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ সম্পূর্ণ হােৱাৰ দিশে অগ্ৰসৰ হােৱাৰ সময়ত পৰিস্থিতিটো অধিক জটিল কৰি তুলিছে বুলি অসম সাহিত্য সভাই উপলব্ধি কৰিছে। উল্লেখ্য, কেন্দ্রীয় চৰকাৰে ২০১৫ চনত জাৰি কৰা এক অধিসূচনা অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা নির্যাতিত হৈ ভাৰতলৈ অহা উক্ত ৬টা ধৰ্মৰ লােকসকলক নাগৰিকত্ব প্রদানৰ বাবে কেন্দ্রই নাগৰিকত্ব আইন সংশােধনী বিধেয়ক-২০১৬ সংসদত গৃহীত কৰিব বিচাৰি তুমুল প্রতিবাদৰ সন্মুখীন হােৱাৰ বাবে যুটীয়া সংসদীয় সমিতি গঠন কৰি বিভিন্ন প্রান্তত শুনানি প্রক্রিয়া গ্রহণ কৰিছিল যদিও সেয়া একপ্রকাৰ দলিয়াই থৈ তিনি ৰাষ্ট্রৰ পৰা অহা ৬টা ধৰ্মৰ লােকক অসমকে ধৰি সমগ্ৰ দেশতে বৈধ স্বদেশী বুলি ঘােষণা কৰাটোত বিজেপি চৰকাৰৰ অভিসন্ধি থাকিব পাৰে।
ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক জনগণে গভীৰ আস্থা আৰু বিশ্বাসেৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনক দায়িত্ব অর্পণ কৰিছে। সেই আস্থা আৰু বিশ্বাস অটুট ৰাখি বর্তমান সময়ত ৰাজ্য চৰকাৰখনে অসমৰ ৰাইজৰ পক্ষত থাকি ৰাইজ আশ্বস্ত হ’ব পৰাকৈ স্পষ্ট দৃষ্টিভংগী প্রকাশ কৰিবলৈ অসম সাহিত্য সভাই আহ্বান জনাইছে। কিয়নাে জাতি-মাটিভেটি স্বার্থ সুৰক্ষাৰ প্রতিশ্রুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰে ৰাজ্যখনত এই দিশত কেনে দৃষ্টিভংগী পােষণ কৰে সেয়া জনগণে স্পষ্টকৈ জানিবলৈ বিচাৰে। বিজেপি চৰকাৰৰ ৰাজ্যত সহযােগী মিত্র দল অসম গণ পৰিষদে ইতিমধ্যে হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব খােজা নাগৰিকত্ব আইন সংশােধনী বিধেয়ক সন্দৰ্ভত নিজস্ব স্থিতি স্পষ্ট কৰিছে।
এইক্ষেত্ৰত অসম সাহিত্য সভাৰ সভাপতি ডন্স পৰমানন্দ ৰাজবংশী আৰু প্রধান সম্পাদক পদুম ৰাজখােৱাই প্রতিক্রিয়া প্রকাশ কৰি এক বিজ্ঞপ্তিত কয় যেকেন্দ্ৰীয় চৰকাৰে জাৰি কৰা বিদেশীক স্বদেশী কৰা অধিসূচনাখনে অসমৰ বাবে অতি ভয়ংকৰ আৰু জাতিধ্বংসী ভৱিষ্যত কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত সভাই মাননীয় মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্রতি আহ্বান জনাই কয় যে কেন্দ্রীয় গৃহৰাজ্য মন্ত্ৰী গৰাকীয়ে সংসদত দাঙি ধৰা বিস্ফোৰক বক্তব্য আৰু জাতি-মাটি-ভেটি ধ্বংস কৰিব বিচৰা অধিসূচনাখনৰ সম্পৰ্কত ৰাজ্য চৰকাৰে নিজৰ দৃষ্টিভংগী স্পষ্ট কৰি জনগণক জনােৱাৰ ব্যৱস্থা কৰক। অন্যথা অসম চুক্তি উলংঘা কৰাকে ধৰি জনগণৰ প্রবল প্রতিবাদক আওকাণ কৰিলে ৰােষৰ বলি হ’ব পাৰে।
অসম সাহিত্য সভাৰ সভাপতি আৰু প্রধান সম্পাদকজনে আৰু কয় যে কেন্দ্রৰাজ্য চৰকাৰ দুখনৰ আকোৰগোঁজ মনােভাৱ, সংগতিহীন স্থিতিয়ে জাতীয় স্বার্থক বিঘ্নিত কৰাৰ লগতে অসমৰ অস্তিত্বলৈ গভীৰ সংকট নমাই আনিছে। সেয়ে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিজৰ স্পষ্ট স্থিতি প্রকাশ কৰি সচেতনতাৰ পৰিচয় দিব বুলি সভাই গভীৰভাৱে আশা প্রকাশ কৰিছে।
তদুপৰি, সুদীর্ঘ ২৮ বছৰ বেতনবিহীনভাৱে শিক্ষাদান কৰি আত্মজাহৰ দৰে চৰমপন্থা অৱলম্বন কৰিবলৈ ওলাই অহা ৮,৫০০ গৰাকী শিক্ষকৰ বখাস্তকৰণৰ ক্ষেত্ৰত চৰকাৰে মানৱীয় দৃষ্টিভংগী পােষণ কৰি আলােচনাৰ মাধ্যমেৰে এক সমাধানলৈ আহিব লাগে। মানৱ সম্পদ গঢ়া এই শিক্ষকসকলে প্ৰতাৰণাৰ পিছত প্ৰতাৰণাৰ সন্মুখীন হৈয়াে পৰিয়াল-পৰিজনৰ সৈতে কোনােমতে জীয়াই থকাৰ মােহতে বেতনবিহীনভাৱে শিক্ষাদান কৰি বুকুত এক আশা সজীৱ কৰি ৰাখিছে ‘চাকৰি এদিন নিয়মীয়া হ’ব। ভাল দিনৰ সপােন দেখুৱাই শাসনত বহা পৰিৱৰ্তনকামী চৰকাৰে এই শিক্ষকসকলৰ প্রতি নিশ্চয় মান্যতা পােষণ কৰিব। এই শিক্ষাগুৰুসকলে শিৱসাগৰ আৰু লক্ষীমপুৰ জিলাত কালি একেলগে অৱলম্বন কৰা আত্মজাহৰ প্রচেষ্টা দুর্ভাগ্যজনক আৰু এই ক্ষেত্ৰত শিক্ষাগুৰুসকলৰ প্ৰতিও সভাই আহ্বান জনাইছে তেখেতসকলে আত্মজাহৰ সিদ্ধান্ত প্রত্যাহাৰ কৰি সকলাে সমস্যা আলাপ-আলােচনাৰ মাধ্যমেৰে চৰকাৰৰ সৈতে সমাধা কৰক। অসম সাহিত্য সভাই চৰকাৰৰ প্রতিও আহ্বান জনাইছে যাতে মানৱ সম্পদ গঢ়া এই শিক্ষাগুৰুসকলৰ প্রতি চৰকাৰে মান্যতা আৰু মানৱীয় দৃষ্টিভংগী প্রকাশ কৰি অতি সােনকালে এটা সমাধান-সূত্র উলিয়াই ৰাজ্যখনৰ শিক্ষাখণ্ডৰ এই দীর্ঘকালীন সমস্যাটো স্থায়ীভাৱে নিষ্পত্তি কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি