Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:07 am

Home » আঞ্চলিক » এন আৰ চিৰ খচৰা প্রকাশৰ পূর্বে মুকলি নহয় টোলগে’ট

এন আৰ চিৰ খচৰা প্রকাশৰ পূর্বে মুকলি নহয় টোলগে’ট


ৰহাঃ নগাঁও জিলাৰ উপায়ুক্তই শনিবাৰে বিয়লি ততাতৈয়াকৈ এখন সংবাদমেল আয়োজন কৰি দেওবাৰে পুৱা ৰহা টোলগে’ট পুনৰ মুকলি কৰি যান-বাহনৰ পৰা যাতায়াতৰ মাচুল সংগ্রহ কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও এই সংবাদমেলৰ দুঘণ্টা নৌহওঁতেই নিজৰ সিদ্ধান্ত সলনি কৰে৷
পাছত উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদ মাধ্যমক কয় যে এন আৰ চিৰ খচৰা প্রকাশৰ পৰিপ্রেক্ষিতত ৰহাৰ টোলগে’ট পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ থাকিব৷ সেয়ে পুৱা ৰহাৰ টোলগে’ট মুকলি কৰি কৰ সংগ্রহ কৰা নহয়৷ ইফালে টোলগে’ট পুনৰ খুলি ইয়াত যান-বাহনৰ পৰা যাতায়তী মাচুল সংগ্রহ কৰিবলৈ বদ্ধপৰিকৰ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু ৰাজ্য চৰকাৰে এই কথা স্পষ্টভাৱে প্রকাশ কৰিলে নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ মহাপ্রবন্ধক অলক কুমাৰে৷
সংবাদমেলত উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়, ‘ৰহাৰ টোলগে’ট অবৈধ নহয়৷ সম্পূর্ণ বৈধ টোলগে’ট৷ এইটো ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ সম্পত্তি৷ ইয়াক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব আমাৰ৷ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে প্রশাসনৰ সহযোগিতা বিচাৰিছে, আমি সম্পূর্ণ সহযোগিতা আগবঢ়াম৷’ ৰহাৰ টোলগে’ট বন্ধ হৈ থকাৰ পৰিপ্রেক্ষিতত প্রতিদিনে ১০ লাখ ৩৯ হাজাৰ টকাৰ ৰাজহ চৰকাৰৰ লোকচান হৈ থকা বুলিও সংবাদমেলত উপায়ুক্ত পেগুৱে প্রকাশ কৰে৷
ইপিনে,  উপায়ুক্তই টোলগে’টৰ সন্দর্ভত এক ত্রিপাক্ষিক বৈঠক আহবান কৰি কৃষক মুক্তি সংগ্রাম সমিতি, যুৱ- ছাত্র পৰিষদ আদিৰ প্রতিনিধিক বিয়লি ৩-৩০ বজাত উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষলৈ আমন্ত্রণ জনোৱা সত্ত্বেও সংগঠনসমূহে বিভিন্ন অজুহাতত বৈঠক বর্জন কৰাত পেগুৱে ‘এয়া দুর্ভাগ্যজনক’ বুলি মন্তব্য কৰে৷ আনহাতে, সংবাদমেলত ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ মহাপ্রবন্ধক অলক কুমাৰে কয়, ‘ৰহাৰ টোলগে’টখন ২০০৪-০৫ চনতে নির্মাণ কৰা হৈছিল৷ কিন্তু ৰহা নগৰ সমিতি ২০০৯ চনতহে গঠন কৰা হয়৷
তদুপৰি বিভিন্ন সংগঠনে দাবী কৰা অনুসৰি টোলগে’টখন ৰহা নগৰ সমিতিৰ এলেকাৰ ভিতৰত নপৰে৷ ই ৰণথলী গাঁও পঞ্চায়তৰ এলেকাধীন অঞ্চলতহে অৱস্থিত৷ ‘টোলগে’টখনত স্থানীয় বাণিজ্যিক যান-বাহনসমূহৰ যাতায়তী মাচুল কিছু পৰিমাণে ৰেহাই দিয়াৰ কথাও প্রকাশ কৰে মহাপ্রবন্ধক কুমাৰে৷ সংবাদমেলত অতিৰিক্ত উপায়ুক্ত লাচিত দাসে কয় যে দল-সংগঠনসমূহে যদি ভাবে ৰহা টোলগে’টখন বৈধ নহয় তেতিয়া তেওঁলোক নিজৰ হাতত থকা তথ্য-পাতি লৈ ন্যায়ালয়ৰ কাষ চাপিব পাৰে৷
ইফালে এটা বিবৃতিত কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই কয় যে ৰহাৰ টোলগে’ট অবৈধ৷ ইয়াক পুনৰ খুলিবলৈ চেষ্টা কৰিলে পৰিস্থিতি ভয়াৱহ হ’ব৷ টোলগে’ট কর্তৃপক্ষ, জিলা প্রশাসনে তেওঁলোকৰ প্রতিশ্রুতি অনুযায়ী অতিশীঘ্রে চৰকাৰৰ সৈতে ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক৷ যেতিয়ালৈকে ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত নহ’ব তেতিয়ালৈকে ৰহাৰ টোলগে’ট বন্ধ ৰাখিব লাগিব৷
অসমৰ ৰাইজে এখন অবৈধ টোলগে’টক এনেকৈ কৰ সংগ্রহ কৰিবলৈ অনুমতি দিব নোৱাৰে৷ যেতিয়ালৈকে ত্রিপাক্ষিক বৈঠকত ন্যায়সংগত প্রশ্নসমূহ মীমাংসা নহ’ব, তেতিয়ালৈকে টোলগে’ট নুখুলিবলৈ অমি সকীয়াই দিছোঁ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি