গুৱাহাটী : ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পদূলিতেই আত্মজাহৰ হুংকাৰ দিলে কেইবা শতাধিক দিব্যাংগই৷ বছৰ বছৰ ধৰি দিব্যাংগসকলক ন্যায্যতা প্রদানত চৰকাৰে বঞ্চনা কৰি অহাত আজি দিব্যাংগসকলৰ উমৈহতীয়া সংগঠন প্রতিবন্ধী সুৰক্ষা সংস্থাই আজি পুৱাৰ ভাগতে অসম সচিবালয়ৰ সন্মুখত উপস্থিত হৈ চৰকাৰ-বিৰোধী শ্ল’গান দি আত্মজাহৰ ভাবুকি দিয়ে৷
চৰকাৰে উচিত সিদ্ধান্ত নিদিয়া পর্যন্ত দিব্যাংগসকল আঁতৰি নাযায় বুলি হুংকাৰ দি আৰক্ষীৰ বেৰিকেড আঁতৰাই সচিবালয়ত প্রৱেশৰ চেষ্টা চলায়৷ আৰক্ষীয়ে বাৰে বাৰে বাধা আৰোপ কৰা সত্ত্বেও তীব্র ৰূপ ধাৰণ কৰি দিব্যাংগসকলে হেঁচি-ঠেলি বেৰিকেড আঁতৰোৱাৰ চেষ্টা কৰাত নিৰাপত্তাৰক্ষীৰ বৃহৎ দলে প্রতিবাদী দিব্যাংগসকলক আটক কৰে৷ কিন্তু আতক কৰাৰ পাছতো দিব্যাংগসকল আঁতৰি নোযোৱাত আৰক্ষীয়ে টানি-চোঁচৰাই বাছত তুলি সোণাপুৰলৈ লৈ যায়৷
সোণাপুৰৰ ষ্টেডিয়ামত দিব্যাংগসকলক কেইঘণ্টামান আবদ্ধ কৰি ৰাখে যদিও তাতো আৰক্ষীৰ বেষ্টনী ফালি ৰাজপথলৈ ওলাই আহে আৰু ৰাজপথত বহি চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ দিছপুৰৰ পদূলিত আত্মজাহৰ হুংকাৰ দি প্রতিবাদী দিব্যাংগসকলে কয় যে দিব্যাংগসকলক চাকৰিত নিয়োগ কৰিব বুলি চৰকাৰে বাৰে বাৰে প্রতিশ্রুতি দি আহিছে যদিও আজি পর্যন্ত সেই প্রতিশ্রুতি কার্যকৰী নকৰিলে৷
প্রতিজন প্রতিবন্ধীক ৫ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়াৰ পাছতো চৰকাৰে সেই প্রতিশ্রুতি কিয় ৰক্ষা কৰা নাই বুলি দিছপুৰৰ পদূলিত চৰকাৰলৈ প্রশ্ন উত্থাপন কৰে৷ ৪৪১৯পদত নিযুক্তিৰ প্রতিশ্রুতি দি কিয় সেই প্রতিশ্রুতি প্রদানত চৰকাৰখনে লুটিবাগৰ মাৰিছে বুলি প্রশ্ন উত্থাপন কৰে৷
দিব্যাংগসকলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ প্রশ্ন উত্থাপন কৰি কয়, ‘মুখ্যমন্ত্রী সোণোৱালৰ কাণসাৰ নাই নেকি? মুখ্যমন্ত্রী মানুহ নহয় নেকি? আমি মুখ্যমন্ত্রীক কেইবাবাৰে সাক্ষাৎ কৰি স্মাৰক-পত্র দিছিলোঁ৷ কিন্তু মুখ্যমন্ত্রীয়ে আমাৰ সমস্যা সমাধানৰ কোনো ব্যৱস্থা নল’লে৷ আমাৰ সমস্যা সমাধান নকৰা মুখ্যমন্ত্রীয়ে জাতি-মাটি-ভেটি কেনেকৈ সুৰক্ষা কৰিব৷’ মুখ্যমন্ত্রী, বিত্ত মন্ত্রী, সমাজ কল্যাণ মন্ত্রীৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিব্যাংগসকলে কয়, ‘চৰকাৰে আমাৰ প্রাপ্য দাবী পূৰণ কৰক, নহ’লে আমাক গুলীয়াই মাৰক৷ বাৰে বাৰে আমাক প্রতিশ্রুতি কিয় দিয়ে? ফটা ঢোল কিমান বজায়?’ প্রতিবাদী দিব্যাংগসকলে দিছপুৰৰ আমোলা-বিষয়াসকলক উদ্দেশ্যি কয়, ‘আমাক সংস্থাপিত কৰাৰ কথা বিষয়াসকলে কয়৷ কিন্তু আমি যেতিয়া সাক্ষাৎ কৰিবলৈ আহো বিষয়াসকল তেতিয়া কার্যালয়ৰ পৰা নোহোৱা হয়৷
বিষয়াসকলে আমাক কিয় বাৰে বাৰে প্রৱঞ্চনা কৰে?’ উল্লেখযোগ্য যে ৪৪১৯ পদত নিযুক্তিৰ ব্যৱস্থা কৰা, দিব্যাংগৰ বাবে সুকীয়া মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপন কৰা, চৰকাৰে ঘোষণা কৰা অনুযায়ী এককালীন ধন হিচাপে ৫ হাজাৰ টকাকৈ আদায় দিয়া আদি দাবীৰে প্রায় দুঘণ্টা সময় ধৰি আজি ৰাজধানী দিছপুৰ দিব্যাংগসকলে উত্তাল কৰি ৰাখে৷ দিব্যাংগসকলৰ আজিৰ এই প্রতিবাদী কার্যসূচীৰ সময়ত ব্যাপক যান-জঁটৰ সৃষ্টি হয়৷
প্রতিবাদকাৰীসকলক আটক কৰি মহানগৰ প্রশাসনে বলপূর্বকভাৱে মহানগৰীৰ বিভিন্ন থানাৰ লগতে সোণাপুৰ থানালৈ ১২০গৰাকী প্রতিবাদকাৰীক তিনিখন বাছেৰে লৈ আহে৷ সোণাপুৰ আৰক্ষীয়ে প্রতিবাদকাৰীসকলক থানাৰ পৰিৱর্তে সোণাপুৰ মিনি ষ্টেডিয়ামত আবদ্ধ কৰি ৰাখে যদিও প্রতিবাদকাৰীসকলে চাকৰি দিয়ক অথবা আমাক গুলীয়াই মাৰক আদি শ্ল’গান দি ষ্টেডিয়ামৰ ভিতৰতে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷
প্রতিবাদকাৰীসকলে আৰক্ষীৰ নিৰাপত্তা বেষ্টনী ভাঙি পথলৈ ওলাই আহি সোণাপুৰৰ ফ্লাই অ’ভাৰৰ তলৰ উপপথটো অৱৰোধ কৰে৷ ২ আগষ্টৰ সন্ধিয়া ৫ বজাত অসম সচিবালয়ত দিব্যাংগসকলৰ সৈতে তেওঁলোকৰ সমস্যা সমূহৰ সন্দর্ভত আলোচনা কৰা হ’ব৷