Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:31 pm

Home » আঞ্চলিক » প্রকৃত ভাৰতীয়ৰ নাম অন্তর্ভুক্তিত চৰকাৰে পূর্ণ সহযােগিতা কৰিবঃমুখ্যমন্ত্রী

প্রকৃত ভাৰতীয়ৰ নাম অন্তর্ভুক্তিত চৰকাৰে পূর্ণ সহযােগিতা কৰিবঃমুখ্যমন্ত্রী



এনআৰচিৰ কাউন্ট ডাউন ও পূর্ণাংগ খচৰালৈ মাজত দুদিন

১৫ আগষ্টলৈ সকলাে আইএএছ-আইপিএছ-এচিএছ বিষয়াৰ ছুটী বাতিল

 অৰুণাচল-মণিপুৰ-নাগালেণ্ড আৰক্ষীৰাে বিশেষ ব্যৱস্থা
 গুৱাহাটীঃ ৩০ জুলাইত প্রকাশ হ’বলগীয়া এন আৰ চিৰ পূৰ্ণাংগ খচৰাক লৈ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বিশেষ সতর্কতামূলক পদক্ষেপ গ্রহণ কৰাৰ পাছতে শুক্ৰবাৰে অসমৰ মুখ্য সচিব টি বাই দাসে সকলাে শীর্ষ বিষয়াৰ ছুটী অহা ১৫ আগষ্টলৈ বাতিল কৰিছে। সেই অনুসৰি ৩০ জুলাইৰ পৰা অহা ১৫ আগষ্টলৈ আই এ এছ, এ চি এছ, আই পি এছ, এ পি এছ, এ এল আৰ এছ আৰু সকলাে পুলিচ বিষয়াৰ ছুটী তথা প্রশিক্ষণ বাতিল কৰি নিজ নিজ পদত কার্যনির্বাহ কৰি থকাৰ বাবে স্পষ্ট নির্দেশনা জাৰি কৰিছে। এন আৰ চিৰ লগতে আগন্তুক স্বাধীনতা দিৱসৰ বাবে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি তদাৰক কৰিবলৈ এই ছুটী বাতিল কৰা হৈছে। উল্লেখ্য যে পূর্ণাংগ খচৰা প্ৰকাশৰ প্রাকক্ষণত আৰু পাছত হ’ব পৰা যিকোনাে সম্ভাব্য পৰিস্থিতি চম্ভালাৰ বাবে ৰাজ্যৰ প্ৰশাসনৰ সকলাে বিষয়ক সষ্টম কৰি ৰখাৰ বাবে ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্রালয়ে ৰাজ্য চৰকাৰলৈ বিশেষ নির্দেশনা প্ৰেৰণ কৰিছে। ইফালে ৩০ জুলাই এন আৰ চিৰ পূৰ্ণাংগ খচৰা প্ৰকাশক লৈ হ’ব পৰা পৰিস্থিতি সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্রধান আৰু মুখ্যমন্ত্রীয়ে দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰাৰ পাছত শুক্ৰবাৰে পুনৰ শীর্ষ আৰক্ষী বিষয়াৰ নেতৃত্বতে কেইবাটাও দিশ পর্যালােচনা বাবে অনুষ্ঠিত হয় বৈঠক। 
বিশেষকৈ নিৰাপত্তাৰ দিশ পর্যালােচনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত এই বৈঠকত অহা ৪৮ ঘণ্টা আৰু পৰৱর্তী ৪৮ ঘণ্টাৰ পৰিস্থিতি নিয়ন্ত্রণ কৰি ৰখাৰ বাবে বিশেষ ৰণকৌশলাে প্রস্তুত কৰা হয়। আৰক্ষী আৰু গৃহ বিভাগৰ এনে তৎপৰতাৰ মাজতে মুখ্যমন্ত্ৰীয়ে এন আৰ চি সন্দৰ্ভত উৰাবাতৰি বিয়পােৱা লােকৰ বিৰুদ্ধে সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে ৰাইজক। গােৱালপাৰাৰ দুধনৈত বিনামূলীয়া ৰন্ধন গেছ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমাজৰ কিছুমান দুষ্টচত্রই এন আৰ চি সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰি বিভিন্ন শ্রেণীৰ লােকৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ প্রয়াস চলাই আহিছে। এইক্ষেত্ৰত সকলাে ষড়যন্ত্রক মষিমূৰ কৰাৰ বাবে সকলাে শ্ৰেণীৰ ৰাইজক সচেতন হৈ থাকিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। 
মুখ্যমন্ত্ৰীয়ে ইয়াকো উল্লেখ কৰে যে ৩০ জুনত প্রকাশ পাবলগীয়া এন আৰ চিৰ পুৰ্ণাংগ খচৰাত যদি কোনাে প্রকৃত ভাৰতীয় লােকৰ নাম নাথাকে, তেন্তে তেওঁ শংকিত হােৱাৰ প্ৰয়ােজন নাই। পৰৱৰ্তী পৰ্যায়ত নাম নথকা লােকসকলে নির্দিষ্ট প্রক্রিয়াৰ মাজেৰে নাম অন্তর্ভুক্ত কৰাৰ সুযােগ লাভ কৰিব। প্রকৃত ভাৰতীয়সকলক এন আৰ চিত নাম অন্তর্ভূক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলাে ধৰণৰ সহায়-সহযােগিতা আগবঢ়াব বুলিও স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে। লক্ষণীয় যে ৩০ জুলাইত প্রকাশ পাবলগীয়া এন আৰ চিৰ পূৰ্ণাংগ খচৰাক লৈ ৰাজ্য প্রশাসন আৰু আৰক্ষী সক্রিয় হৈ পৰাৰ সময়তে চুবুৰীয়া অৰুণাচল প্রদেশ, মিজোৰাম আৰু মণিপুৰতাে এন আৰ চিক লৈ আৰম্ভ হৈছে বিশেষ তৎপৰতা। অৰুণাচল চৰকাৰে আৰক্ষী বিভাগক এইক্ষেত্ৰত সতর্ক হৈ থকাৰ নির্দেশ প্ৰেৰণ কৰি অসমৰ পৰা যাতে কোনাে সন্দেহজনক লােক ৰাজ্যখনত প্রৱেশ কৰিব নােৱাৰে, তাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰাে নির্দেশ দিয়ে। একেদৰে মেঘালয় আৰক্ষীয়ে অসমমেঘালয় সীমান্তত বিশেষ সতর্কতা ব্যৱস্থা আৰম্ভ কৰিছে। এন আৰ চি প্রকাশৰ পাছতে হ’ব পৰা সম্ভাব্য সংঘাতে যাতে চুবুৰীয়া ৰাজ্যখনক আক্রান্ত কৰিব নােৱাৰে, সেই ক্ষেত্ৰত মেঘালয় চৰকাৰে আগতীয়াকৈ আৰক্ষীক সতর্কতামূলক ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিছে। একেদৰে নাগালেণ্ড আৰু মিজোৰাম চৰকাৰেও নিজ নিজ ৰাজ্যৰ আৰক্ষীক অসমৰ পৰিস্থিতিৰ প্রতি চোকা দৃষ্টি দিবলৈ নিদের্শ দিয়াৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ নিদের্শ দিছে। আনকি নাগালেণ্ডৰ মুখ্য সচিব অধ্যক্ষতাতে এন আৰ চিৰ পাছত উদ্ভৱ হ’ব পৰা পৰিস্থিতি সন্দৰ্ভত গ্ৰহণ কৰিব লগা সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে এন আৰ চিৰ পূৰ্ণাংগ খচৰা প্ৰকাশৰ পাছত উদ্ভৱ হ’ব পৰা পৰিস্থিতিক বিশেষভারে গুৰুত্ব প্রদান কৰিছে কেন্দ্রীয় চৰকাৰে। এই উদ্দেশ্যে ৰাজ্যখনলৈ প্ৰেৰণ কৰা হৈছে ২২ হাজাৰ অসামৰিক বাহিনীৰ জোৱান।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি