Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:48 am

Home » আঞ্চলিক » এন আৰ চিৰ বাবে বৰপেটাক বদনাম কৰিবলৈ সুযোগ দিব নালাগে: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

এন আৰ চিৰ বাবে বৰপেটাক বদনাম কৰিবলৈ সুযোগ দিব নালাগে: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

পুলেন্দ্ৰ দাস, বৰপেটা এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হবলৈ মাজত মাথো কেইটামান ঘন্টা বাকী এইক্ষেত্ৰত স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত বৰপেটা জিলাত এন আৰ চি লৈ যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে এন আৰ চিক লৈ  বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত  আজি বিয়লি অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা সভাখনত  অংশগ্ৰহন কৰি উদ্যোগ, বাণিজ্য আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, এন আৰ চিৰ বাবে বৰপেটাক বদনাম কৰাৰ সুযোগ দিব নালাগে এন আৰ চিক লৈ পাইলট প্ৰজেক্টৰ দৰে বৰপেটাত হিংসাত্মক ঘটনা সংঘটিত হলে বৰপেটা পুনৰ বদনামী হব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে  বৰপেটাই যাতে তেনে বদনাম লব লগা নহয় তাৰ বাবে বৰপেটা জিলাবাসীযে সজাগ দৃষ্টি লব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয় এন আৰ চিক লৈ একাংশই অপপ্ৰচাৰ চলাই আহিছে যদিও প্ৰকৃততে এন আৰ চিক লৈ কোনো বৈধ লোকৰ শংকিত হোৱাৰ কাৰণ নাই বুলিও তেও কয় বৰপেটা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত  সভাখনত মন্ত্ৰীগৰাকীয়ে কয় যে এন আৰ চি প্ৰস্তুত কৰাটো প্ৰত্যেকৰে কৰ্তব্য এন আৰ চি  সম্পূৰ্ণৰূপে প্ৰকাশ পালে ৰাইজ বহু পৰিমানে উপকৃত হব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে কয় যে, এন আৰ চিৰ বিৰোধিতা কৰা মানে উচ্চতম ন্যায়ালয়ক বিৰোধিতা কৰা এন আৰ চিৰ বিৰোধিতা কৰাসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তিমূলক পদক্ষেপ গ্ৰহন কৰা হব বুলি উপায়ুক্ত গৰাকীয়ে স্পষ্ট কৰি দিয়ে অন্তিমখন খচৰাত কাৰোবাৰ নাম সন্নিবিষ্ট নহলেও তেনে লোকসকলে পুনৰ নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন কৰাৰ সুযোগ পাব বুলিও তেও কয় এন আৰ চিক লৈ যাতে জিলাখনত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলোৰে সহায় সহযোগ কামনা কৰে উপায়ুক্ত গৰাকীয়ে
সভাখনত জিলা আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই এন আৰ চিৰ ক্ষেত্ৰত বৰপেটা জিলাখন স্পৰ্শকাতৰ বুলি উল্লেখ কৰি জিলাখনক ৫টা মণ্ডল আৰু ১৩৩টা চেক্টৰত ভাগ কৰা বুলিও জানিবলৈ দিয়ে এন আৰ চিক লৈ যাতে জিলাখনত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী প্ৰশাসন সষ্টম বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে কয় আৰক্ষীক সহায় কৰাৰ বাবে জিলাখনত তিনিটা অৰ্ধ সামৰিক বাহিনী, দুটা এচ এচ বিৰ বাহিনী, দুটা আই টি বি পি আৰু দুটা চি আই এচ এফ সহ আৰক্ষী বাহিনীৰ মুঠ ৯টা কোম্পানীক মোতায়ন কৰা হৈছে বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে অৱগত কৰে এন আৰ চিক লৈ কোনোবাই অপপ্ৰচাৰত লিপ্ত হলে ৮৮১১০৩০৬০০ অথবা ০৩৬৬৬২৬৬৪৩২  ফোন নম্বৰত খবৰ দিয়াৰ বাবে আৰক্ষী অধীক্ষকগৰাকীয়ে আহ্বান জনায় এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত এন আৰ চি সন্দৰ্ভত ৰাইজক সহায় কৰাৰ উদ্দেশ্যে  ০৩৬৬৫২৩৬০৮৫ নম্বৰত এন আৰ চি কন্ট্ৰল ৰুম মুকলি কৰাৰ কথাও আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰে সভাখনত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰী, বিশিষ্ট লেখিকা নিৰুপমা মিশ্ৰ, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, অসম উদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰৰ লগতে ৰাজনৈতিক দল, অৰাজনৈতিক দলৰ বিষয়ববীয়া, চৰকাৰী বিষয়াসকলৰ উপৰি সংবাদ মাধ্যমৰ ব্যক্তিসকল উপস্থিত থাকে

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি