Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 3:30 am

Home » আঞ্চলিক » তিতাবৰত ক্ৰমাৎ মৃত্যুৰ ক্ষণ গণিছে পাঁচ কোটিটকীয়া চৰকাৰী চিকিৎসালয়ে : নিযুক্তিতো অনিয়মৰ অভিযোগ

তিতাবৰত ক্ৰমাৎ মৃত্যুৰ ক্ষণ গণিছে পাঁচ কোটিটকীয়া চৰকাৰী চিকিৎসালয়ে : নিযুক্তিতো অনিয়মৰ অভিযোগ


তিতাবৰ : তিতাবৰত মুকলিৰ অভাৱত ক্ৰমাৎ মৃত্যুৰ ক্ষণ গণিছে পাঁচ কোটিটকীয়া এখন চৰকাৰী চিকিৎসালয়ে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পাঁচ কোটিটকীয়া এক বিশেষ আঁচনিৰে নিৰ্মিত ৩০ খন বিচনাযুক্ত চুঙী কঁহাৰ গাঁও আদৰ্শ চিকিৎসালয়খনৰ নিৰ্মাণ কার্য বিগত ২০১৫ চনতে সম্পূৰ্ণ হয়।কিন্তু কোনো এক সন্দেজনক কাৰণত আজিকোপতি মুকলি নহ’ল পাঁচ কোটিটকীয়া চিকিৎসালয়খন।ইপিনে বহু মূল্যবান আচবাব তথা সামগ্ৰীৰে পৰিপূৰ্ণ এইখন চিকিৎসালয়ৰ উপযুক্ত ব্যৱহাৰ আৰু মেৰামতিৰ অভাৱত ক্ৰমাৎ ধ্বংসৰ দিশে গতি কৰা বিষয়টোৱে ৰাইজক তীব্র অসন্তুষ্টিত ভোগাইছে। অঞ্চলটোৰ প্ৰায় সহস্ৰাধিক লোকৰ বাবে অতিকৈ জৰুৰী চিকিৎসালয়খন শীঘ্ৰে মুকলি কৰি অঞ্চলটোৰ ৰাইজক উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰিবৰ বাবে স্থানীয় নাগৰিক আৰু জাতীয় সংগঠন সমূহে বিভাগীয় বিষয়া আৰু জনপ্ৰতিনিধিক বহু কেইবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা নাই।
ইপিনে উক্ত চুঙী কঁহাৰ গাঁও আদৰ্শ চিকিৎসালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদত নিযুক্তিৰ বেলিকা ব্যাপক দুৰ্নীতি-অনিয়মৰ আশ্ৰয় লৈ এটা চক্ৰই স্থানীয় শ শ অর্হতা সম্পন্ন নিবনুৱা যুৱক-যুৱতীক বঞ্চিত কৰি বাহিৰা চাকৰি প্ৰাৰ্থীক উক্ত চিকিৎসালয়ত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ অভিযোগ উত্থাপিত হৈছে।ইপিনে ব্যৱহাৰ আৰু মেৰামতিৰ অভাৱত মুকলিৰ পূৰ্বেই কোটিটকীয়া চিকিৎসালয়খনৰ দৰ্জা খিড়িকী, পকী বেৰা আদি ক্ৰমাৎ ভাঙি ছিঙি ধ্বংসৰ দিশে গতি কৰিছে।হাবি জংঘলেৰে পৰিপূৰ্ণ হৈ পৰা চিকিৎসালয়খন অঞ্চলবাসীৰ স্বাৰ্থত অচিৰেই মুকলি কৰাৰ লগতে চিকিৎসালখনত খালী হৈ থকা তৃতীয় চতুৰ্থ বৰ্গৰ পদত স্থানীয় শিক্ষিত আবেদনকাৰী নিবনুৱা যুৱক-যুৱতীৰ নিযুক্তি নিশ্চিত কৰিবৰ বাবেও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিক সমিতিয়ে স্বাস্থ্য মন্ত্ৰী আৰু অসম চৰকাৰৰ ওচৰত দাবী জনাইছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি