গুৱাহাটী : অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰিত জড়িত ৰাজপত্রিত বিষয়াক সহায় কৰিবৰ বাবে ন্যায়াধীশ আৰু সংবাদ মাধ্যমক মেনেজ কৰিবলৈ উৎকোচ দিয়াৰ অভিযোগ সন্দর্ভত শীঘ্রে আৰক্ষীৰ জালত দুজনকৈ জ্যেষ্ঠ সাংবাদিক পৰাৰ সম্ভাৱনা আছে৷
আনহাতে অভিযুক্ত প্রাক্তন বিশেষ ন্যায়াধীশ প্রশান্ত কুমাৰ শইকীয়াৰ সাক্ষ্য গ্রহণ কৰিবলৈ সাজু হৈছে গুৱাহাটী উচচ ন্যায়ালয়৷ বিষয়টো সন্দর্ভত আজি উচচ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মুখ্যমন্ত্রীৰ মাজত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷
উল্লেখযোগ্য যে ৰাকেশ পাল বাহিনীৰ পৰা বক্র পথেৰে চাকৰি ক্রয় কৰি কাৰাগাৰৰ বন্ধ কুঠৰীত আবদ্ধ হোৱা কেইবাজনো ৰাজপত্রিত বিষয়াক কাৰামুক্ত কৰাৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা গ্রহণ কৰি ইতিমধ্যে গ্রেপ্তাৰ হৈছে অধিবক্তা তথা বিজেপি নেতা শৈলেন শর্মা বৰুৱা আৰু ৰিয়েল ইষ্টেট ব্যৱসায়ী সুৰজিৎ চৌধুৰী৷
দুয়ো মিলি কেইবাজনো কাৰাবন্দীৰ জামিনৰ বাবে বিশেষ ন্যায়াধীশক প্রায় ১ কোটি টকা উৎকোচ দিয়াৰ বাবে ষড়যন্ত্রত লিপ্ত হৈছিল৷ তেওঁলোকে ইয়াৰ বাবে ধন সংগ্রহ কৰি এগৰাকী মহিলাৰ হাতত উক্ত ধন তুলি দিয়াৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে৷ তদুপৰি উক্ত ধনৰে প্রায় ৪০ লাখ টকা ন্যায়াধীশৰ হাতত তুলি দিয়াৰ অভিযোগো উঠিছে৷
আনহাতে ন্যায়াধীশ আৰু সংবাদ মাধ্যমক মেনেজ কৰিবলৈ সুৰজিৎ চৌধুৰী আৰু শৈলেন শর্মা বৰুৱাই কৰা ষড়যন্ত্রত দুজনকৈ জ্যেষ্ঠ সাংবাদিকে সহযোগ কৰিছিল৷ ধৃত দুই মধ্যভোগীয়ে আৰক্ষীৰ জেৰাত লাহে লাহে মুখ খুলিবলৈ আৰম্ভ কৰিছে৷ ইতিমধ্যে তেওঁলোকে উৎকোচৰ ধনৰ বহু তথ্য আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷
কিন্তু এইপর্যন্ত আৰক্ষীয়ে ধৃত সুৰজিতৰ ম’বাইল ফ’নটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ এই ম’বাইলটোত উৎকোচৰ বহু গুৰুত্বপূর্ণ তথ্য থকা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ এই ফ’নৰ সন্ধানত কালি নিশা আৰক্ষীয়ে সুৰজিৎ চৌধুৰীৰ ছাত্রীবাৰীৰ বাসগৃহত অভিযান চলাইছিল যদিও ম’বাইলটো উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷
আজি অধিবক্তা শৈলেন শর্মা বৰুৱাক লগত লৈ তদন্তকাৰী আৰক্ষীয়ে ওদালগুৰিত অভিযান চলায়৷ কলাইগাওঁ আৰু ৰৌতাত আৰক্ষীৰ দলটোৱে অভিযান চলোৱাৰ তথ্য পোৱা গৈছে৷ আৰক্ষীৰ দলটোৱে অধিবক্তাজনৰ কলাইগাওঁস্থিত বাসগৃহত সন্ধিয়াৰপৰা দীর্ঘসময়ধৰি এই অভিযান চলায়৷
লক্ষণীয় যে ধৃত দুই মধ্যভোগীয়ে ন্যায়পালিকাক মেনেজ কৰিবৰ বাবে কৰা ষড়যন্ত্রত দুজনকৈ জ্যেষ্ঠ সাংবাদিকে সহায় কৰাৰ কথা আৰক্ষীক অৱগত কৰাৰ কথা জানিব পৰা গৈছে৷ দুয়োজন সাংবাদিকে তেওঁলোকক সংবাদ মাধ্যম মেনেজ কৰাত অধিক সহযোগ কৰা বুলি প্রকাশ কৰে৷ ইয়াৰ পাছতে এতিয়া দুয়োজন জ্যেষ্ঠ সাংবাদিক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ লক্ষণীয় যে জ্যেষ্ঠ সাংবাদিক দুজনৰ এজন ছপা মাধ্যমৰ আৰু আনজন বৈদ্যুতিন মাধ্যমৰ৷
ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৰা তদন্তকাৰী আৰক্ষীয়ে অনুমতি বিচৰা বুলিও জানিব পৰা গৈছে৷ তদন্তকাৰী আৰক্ষীয়ে ইতিমধ্যে উৎকোচ কেলেংকাৰীত অভিযুক্তসকলৰ ফ’ন নম্বৰ লাভ কৰাৰ লগতে তেওঁলোকৰ মাজত হোৱা বার্লাপৰ ৰেকর্ডিঙো সংগ্রহ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে৷
ইফালে উচচ ন্যায়ালয়ৰ ন্যায়াধীশৰ মুখ্য ন্যায়াধীশ অজিত কুমাৰ সিঙে আজি মুখ্যমন্ত্রী সোণোৱালৰ সৈতে ন্যায়াধীশৰ মেনেজ সন্দর্ভত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয়৷ দুয়ো সমগ্র বিষয় পুংখানুপুংখভাৱে আলোচনা কৰে৷ অৱশ্যে আলোচনাৰ ফল জানিব পৰা হোৱা নাই৷
আনহাতে অভিযুক্ত ন্যায়াধীশ প্রশান্ত কুমাৰ শইকীয়াই উচচ ন্যায়ালয়ৰ ন্যায়াধীশৰ আগত সাক্ষ্য দিবলৈ সাজু হৈছে৷ দুই-এদিনতে তেওঁৰ সাক্ষ্য উচচ ন্যায়ালয়ে গ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে বিশেষ আদালতৰ প্রাক্তন ন্যায়াধীশজনে তেওঁক উৎকোচ দিবলৈ প্রস্তাৱ দিয়াৰ কথা উচচ ন্যায়ালয়ৰ আগত স্বীকাৰ কৰিছে৷
তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপনৰ পাছতে তেওঁ সেই প্রস্তাৱৰ কথা স্বীকাৰ কৰিছিল৷ তাৰ পাছতে তেওঁক বদলি কৰিছিল বুলি জানিব পৰা গৈছে৷ কিন্তু তেওঁ উৎকোচ লাভৰ প্রস্তাৱ লাভ কৰাৰ পাছতে উচচ ন্যায়ালয়ক কথাটো কিয় অৱগত কৰা নাছিল বুলি ক্ষুণ্ণ হৈ পৰাৰ কথাও জানিব পৰা গৈছে৷ ইফালে গ্রেপ্তাৰ কৰা ১৯ বিষয়াক ৰাকেশ পালৰ সৈতে মুখামুখি কৰি জেৰা কৰিবলৈ সিদ্ধান্ত লৈছে আৰক্ষীয়ে৷