কোকৰাঝাৰত স্বচ্ছ ভাৰত অভিযানৰ পিছত অভিলাষী আঁচনি ” স্বচ্ছ স্বৰ্ভেক্ষন গ্ৰামীণ২০১৮” উন্মোচন
কোকৰাঝাৰ : ভাৰতৰ চুকে কোণে সৰ্বদিশতে স্বচ্ছতা , পৰিষ্কাৰ পৰিচন্নতা ৰখাৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান নামৰ অভিলাষী আঁচনি উন্মোচন কৰি দিয়াৰ ফলত কম বেছি পৰিমাণে হলেও ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰিষ্কাৰ পৰিচন্নতা দেখিবলৈ পোৱা যায়। এতিয়া গাঁৱে-ভূঞে চাফ চিকুণৰ মাজেদি প্ৰদূষণমুক্ত পৰিবেশ সৃষ্টি কৰা উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি স্বচ্ছ স্বৰ্বেক্ষন গ্ৰামীণ২০১৮” নামৰ অভিলাচী আঁচনি ৰুপায়ন কৰিবলৈ হাতত লৈছে। তাৰেই এটা অংশ হিচাপে আজি কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত মংগলিক অনুষ্ঠানৰ জৰিয়তে কোকৰাঝাৰ জিলাত স্বচ্ছ স্বৰ্বেক্ষন গ্ৰামীণ২০১৮ চমুকৈ “এছ এছ জি-২০১৮” আঁচনি উন্মোচন কৰা হয়। কোকৰাঝাৰ জিলা পানী যোগান আৰু অনাময় সমিতিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আঁচনিখন আমন্ত্ৰিত অতিথি সকলৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰি উন্মোচন