Weather Data Source: wetter Bangalore 14 tage

July 4, 2025 9:57 am

Home » আঞ্চলিক » দশম শ্ৰেণীৰ পাঠ্যপুথিত কলিতা জনগোষ্ঠীৰ ইতিহাস বিকৃতিৰ অভিযোগ

দশম শ্ৰেণীৰ পাঠ্যপুথিত কলিতা জনগোষ্ঠীৰ ইতিহাস বিকৃতিৰ অভিযোগ


গুৱাহাটী : অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ দ্বাৰা প্ৰ্কাশিত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিৰ দ্বিতীয় খণ্ড (ভূগোল)ত প্ৰ্কাশিত কলিতা জনগোষ্ঠী সন্দৰ্ভত কেতবোৰ বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ কৰা বুলি “কলিতা সাহিত্য সভা” আৰু “কলিতা সেনা” ই অভিযোগ কৰিছে।সংগঠন দুটা ই কৰা অভিযোগ অনুসৰি,পাঠ্যপুথি খনৰ ৭৬ নম্বৰ পৃষ্ঠাত উল্লেখ আছে যে ” সম্ভৱত: মংগোলীয় জনগোষ্ঠীৰ লোকসকল অহাৰ পিছত সিন্ধু-আৰ্য্যমূলৰ ভাষা কোৱা (Indo-Aryan ) লোকসকল গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল | এওঁলোক আছিল মূলত: ক’কেছীয় জনগোষ্ঠীৰ লোক | প্রথমতে ,স্থানীয় ৰজা বা শাসন কৰ্তাসকলৰ পৃষ্ঠপোষকতাত এই লোকসকল অসমলৈ আহিছিল যদিও পৰৱৰ্তীৰ কালত ব্রহ্মপুত্ৰ আৰু বৰাক সমভূমিৰ অথনৈতিক সম্পদ ৰাজিৰ দ্বাৰা আকৰ্ষিত হৈ অসমলৈ আহিবলৈ ধৰে আৰু এই প্রব্রজন বৰ্তমান সময়তো অব্যাহত আছে৷
অসমত বৰ্তমান বসবাস কৰা সৰহ সংখ্যক অজনজাতীয় লোকেই ক’কেছীয় জনগোষ্ঠীৰ ব্রাহ্মন,কায়স্থ,কলিতা,নাথ-যোগী,কৈৱৰ্ত আদি জাতিৰ লোক সকল এই জনগোষ্ঠীৰ অন্তৰ্গত |” কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে, পাঠ্যপুথি খনত প্ৰ্কাশ কৰা এই তথ্য বিভ্ৰান্তিকৰ।কাৰণ প্ৰখ্যাত বুৰঞ্জীবিদ পদ্মনাথ গোঁহাঞিবৰুৱাদেৱে ৰচনা কৰা “অসম বুৰঞ্জী”ৰ চাৰি ন্ং পৃষ্ঠাত এই কথা স্পষ্টভাৱে উল্লেখ আছে যে, “কলিতা’’ বিলাক অসমৰ আটাইতকৈ পুৰণিকলীয়া আদিবাসী।অসমত কলিতা ৰজা আছিল নৰকাসুৰ,ভগদত্ত,বজ্ৰ্দত্ত প্ৰ্ভূতি ৰজাসকলক কলিতাৰ আদি পুৰুষ বুলি ধৰা হৈছে”।“ৰাজমোহন নাথ দেৱৰ “The Background of Assamese Culture” ত উল্লেখ কৰা অনুসৰি ২৪ জন নৰকৰ ভিতৰত প্ৰথম নৰকৰ সময় আছিল খী. পূ. ২২০০ ৰ পৰা খী. পূ. ২১৬৯। দ্বিতীয়ৰ পৰা তৃবিংশতিতম নৰকৰ সময় আছিল খী: পূ: ২১৬৯ৰ পৰা খী: পূ: ১৫০৯ । শেষৰজন নৰকৰ সময় আছিল খী: পূ: ১৫০৯ ৰ পৰা খী: পূ: ১৪৪৯ আৰু তেঁওৰেই পুতেক আছিল ভগদত্ত”।কৰ্ণেল ডেল্টনে তেখেতৰ লিখনিত কলিতা জনগোষ্ঠীক ব্ৰহ্মপুত্ৰ উপত্যকালৈ সৰ্বপ্ৰ্থম প্ৰব্ৰ্জিত হোৱা বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰিও কলিতা জনগোষ্ঠী এই অঞ্চলৰ প্ৰাচীনতম আৱাসী বুলি প্ৰ্মাণ কৰা আৰু বহুতো তথ্য পোৱা যায়।ত্ৎস্বতেও অসম চৰকাৰে এনেদৰে বিকৃতি তথ্য পাঠ্যপুথিত সন্নিবিষ্ট কৰি ছাত্ৰ-ছাত্ৰী সকলক এনেদৰে ভুল তথ্য দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক।এনে বিকৃত তথ্য ত্ৎকালীনভাৱে আতৰাই পাঠ্যপুথিত প্ৰ্কৃত তথ্য সন্নিবিষ্ট কৰিবলৈ “কলিতা সাহিত্য সভা”ৰ মূখ্য উপদেষ্টা বিজু সেনাপতি,সভাপতি গোপীৰাম ৰাজখোৱা,“কলিতা সেনা”ৰ সভাপতি মৃদু কাশ্যপ আৰু সাধাৰণ সম্পাদক (ভাৰপ্ৰাপ্ত) দিব্য জ্যোতি কলিতা ই চৰকাৰক আহ্বান জনাইছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি