বৰপেটাৰােড : বৰপেটা জিলাৰ উত্তৰ বৰপেটাৰােডস্থিত প্রগতিশীল সাংবাদিক সংস্থা ‘মানাহপৰীয়া প্ৰেছ গীল্ড’ৰ উদ্যোগত আজি ‘গ্রীষ্মত কবিতাৰ আমেজ’ শীর্ষক এক বহুভার্ষিক কবি সন্মিলন অনুষ্ঠিত হয়। উত্তৰ বৰপেটাৰােডৰ আল-আমিন নগৰস্থিত গ্ল’বেল ইনষ্টিটিউট অফ আর্টর্চ এণ্ড ছায়েন্সৰ প্রেক্ষাগৃহত অনুষ্ঠিত কবি সন্মিলনিখনি সঞ্চালনা কৰে প্রতিষ্ঠিত কবি আজাদ হুছেইন শ্বৰিফে। মানাহপৰীয়া প্ৰেছ গীল্ড সভাপতি সাংবাদিক হায়াত আলীয়ে সভাপতিত্ব কৰা উক্ত কবি সন্মিলনত হাউলীৰ কালঝাৰৰ কবি এন, হক (জান), পালহাজিৰ আব্রাৰ নাদিম, বৰপেটা ৰাধাকুছি সবিতা বেগম, বাঁহবাৰী হাইস্কুলৰ সহকাৰী শিক্ষক আব্দুছ ছামাদ, সাংবাদিক ছাহেদ আলী আহমেদ, জাহিদুল ইছলাম, সমীৰ চক্ৰৱৰ্তী, হাউলীৰ আলম ছাৰােৱাৰ, ইঞ্জিনিয়াৰিঙৰ ছাত্র আজমল হুছেইন, মানাহপৰীয়া প্ৰেছ গীল্ডৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হক, সহকাৰী সম্পাদক সাজাহান আলী আহমেদ, কার্যকরী সদস্য ছানােৱাৰ ৰহমান, ৰবিউল ইছলাম ছেলিম, বৰপেটাৰােডৰ গ্ল’বেল ইনষ্টিটিউট অফ আর্টচ এণ্ড ছায়েন্সৰ ছাত্র-ছাত্রীকে আদি কৰি জিলাখনৰ ভিন্ন প্রান্ত ৩২ গৰাকী ন-পুৰণি কবিয়ে অসমীয়া, বাংলা আৰু ইংৰাজী ভাষাত শতাধিক নিজৰ স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তােলে। ইয়াৰে বিশেষকৈ সভাপতি হায়াত আলী আৰু প্রতিষ্ঠিত কবি-সাহিত্যিক মােজাম্মেল হকে ইংৰাজী ভাষাত নিজৰ স্বৰচিত কবিতা পাঠ কৰি সকলােকে আপ্লুত কৰি তােলে।
গীল্ডৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে আঁত ধৰা উক্ত অনুষ্ঠানত বিশিষ্ট কবি-পক্ষীবিদ লক্ষ্মী পাঠক, কৃতী শিক্ষকৰ বঁটা প্রাপ্ত শিক্ষক তথা মিয়া লােক-সংস্কৃতিৰ গৱেষক কোৰবান আলী আহমেদেও আমন্ত্রিত কবি হিচাপে অংশগ্রহণ কৰে।অনুষ্ঠানত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী কবিক মানাহপৰীয়া প্ৰেছ গীল্ডৰ তৰফৰ পৰা একোখনকৈ অংশগ্ৰহণ পত্ৰ প্ৰদান কৰা হয়৷ প্রচণ্ড গৰমকো নেওচি এই গ্রীষ্মত কবিতাৰ আমেজ ল’বলৈ জিলাখনৰ ভিন্ন প্রান্তৰ পৰা শতাধিক লােকে উক্ত অনুষ্ঠানত উপস্থিত থাকে।