মৰিগাঁও : যোৰহাট ষ্টেডিয়াম ত অনুষ্ঠিত ৩৮ মত সদৌ অসম চাব জুনিয়ৰ আৰু জুনিয়ৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতাত অংশ গ্ৰহণ মৰিগাঁও জিলাৰ খেলুৱৈ সকলৰ ৯ গৰাকী খেলুৱৈয়ে পদক লাভ কৰে।অসম অমেটিউৰ বক্সিং সংস্থাৰ সহযোগত যোৰহাট জিলা অমেটিউৰ বক্সিং সংস্থা ই আয়োজন কৰা এই প্ৰতিযোগিতাৰ চাব জুনিয়ৰ পৰ্যায়ৰ ৩০-৩২ কিল’ গ্ৰাম শাখাত মৰিগাঁৱৰ ৱাহিদুৰ ৰহমানে প্ৰথম স্থান লাভ কৰে। ইয়াৰ লগতে মৰিগাঁৱৰ অস্মিত পাটৰ,চাফামাউম আৰু ৰাজীৱ আলিয়ে ক্ৰমে দ্বিতীয়(৪৮-৫০ কিল’গ্ৰাম শাখা), তৃতীয়(৩৬-৩৮কিল’গ্ৰাম শাখা) আৰু তৃতীয়(৩৮-৪০কিল’গ্ৰাম শাখা) স্থান লাভ কৰে। আনহাতে ছোৱালী ৰ বাবে অনুষ্ঠিত ৪০-৪৩ কিল’গ্ৰাম শাখাত জিলা খনৰ সংগীতা দাসে দ্বিতীয় আৰু সংগীতা বসুমতাৰীয়ে তৃতীয় স্থান লাভ কৰে। ইফালে জুনিয়ৰ পৰ্যায়ৰ ছোৱালী শাখাৰ খেলত কানিয়াই ডেকাই দ্বিতীয় (৫২-৫৪ কিল’গ্ৰাম শাখা) আৰু ৰেজুৱানা বেগমে ও দ্বিতীয় (৫৮-৬০ কিল’গ্ৰাম শাখা) স্থান লাভ কৰে। ইয়াৰ ওপৰিও জুনিয়ৰ পৰ্যায়ৰ ল’ৰাৰ শাখাত কেশৱ টেৰনে তৃতীয় (কিল’গ্ৰাম শাখা) স্থান লাভ কৰে। জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা এই নগৰাকী খেলুৱৈক বিভিন্ন মহলে অভিনন্দন জনাইছে।