উত্তৰ বৰপেটাৰােডত ‘মানাহপৰীয়া প্ৰেছ গীল্ড’ৰ উদ্যোগত ‘গ্রীষ্মত কবিতাৰ আমেজ’ শীর্ষক বহুভাষিক কবি সন্মিলন সম্পন্ন
বৰপেটাৰােড : বৰপেটা জিলাৰ উত্তৰ বৰপেটাৰােডস্থিত প্রগতিশীল সাংবাদিক সংস্থা ‘মানাহপৰীয়া প্ৰেছ গীল্ড’ৰ উদ্যোগত আজি ‘গ্রীষ্মত কবিতাৰ আমেজ’ শীর্ষক এক বহুভার্ষিক কবি সন্মিলন অনুষ্ঠিত হয়। উত্তৰ বৰপেটাৰােডৰ আল-আমিন নগৰস্থিত গ্ল’বেল ইনষ্টিটিউট অফ আর্টর্চ এণ্ড ছায়েন্সৰ প্রেক্ষাগৃহত অনুষ্ঠিত কবি সন্মিলনিখনি সঞ্চালনা কৰে প্রতিষ্ঠিত কবি আজাদ হুছেইন শ্বৰিফে। মানাহপৰীয়া প্ৰেছ গীল্ড সভাপতি সাংবাদিক হায়াত আলীয়ে সভাপতিত্ব কৰা উক্ত কবি সন্মিলনত হাউলীৰ কালঝাৰৰ কবি এন, হক (জান), পালহাজিৰ আব্রাৰ নাদিম, বৰপেটা ৰাধাকুছি সবিতা বেগম, বাঁহবাৰী হাইস্কুলৰ সহকাৰী শিক্ষক আব্দুছ ছামাদ, সাংবাদিক ছাহেদ আলী আহমেদ, জাহিদুল ইছলাম, সমীৰ চক্ৰৱৰ্তী, হাউলীৰ আলম ছাৰােৱাৰ, ইঞ্জিনিয়াৰিঙৰ ছাত্র আজমল হুছেইন, মানাহপৰীয়া প্ৰেছ গীল্ডৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হক, সহকাৰী সম্পাদক সাজাহান আলী আহমেদ, কার্যকরী সদস্য ছানােৱাৰ ৰহমান, ৰবিউল ইছলাম