Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 11:51 am

Home » সম্পাদকীয় » দল-সংগঠনৰ মেৰপাকত বন্দী ধৰ্মীয় সংখ্যালঘু

দল-সংগঠনৰ মেৰপাকত বন্দী ধৰ্মীয় সংখ্যালঘু

(১)
অসমৰ সাম্প্ৰতিক ৰাজনীতিত সংখ্যালঘু মুছলমানসকলে আমছু, এআইইউডিএফ বা কংগ্ৰেছ, যি দল-সংগঠনৰ সৈতে জড়িত নহওক কিয়, নিজাববীয়াকৈ চিন্তা আৰু প্ৰচেষ্টা কৰিবলৈ গৈ ৰাজনৈতিকভাবে কি লাভালাভ কৰিবলৈ সক্ষম হ’ল তাক আৰু নতুনকৈ বৰ্ণোৱাৰ প্ৰয়োজন নাই৷ এটা কথা প্ৰমাণিত যে ধৰ্মীয় সংখ্যালঘুসকলে ৰাজনৈতিকভাৱে একগোট হ’ব বিচাৰিলেও বাকী সকলো জাতি-জনগোষ্ঠী ঐক্যবদ্ধ হৈ অন্যপন্থা অৱলম্বন কৰি হলেওঁ ধৰ্মীয় সংখ্যালঘুসকলৰ কোনো আধিপত্য অসমত কৰিব নিদিব৷ সেয়ে আমছু বিভাজন হলেও ধৰ্মীয় সংখ্যালঘুসকল আবেগিক হোৱাৰ কোনো কাৰণ নাই৷ কাৰন ইতিহাসে মিছা নকয়।
(২)
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু অসমৰ নিপীড়িত-নিৰ্যাতিত সংখ্যালঘু সম্প্ৰদায়ৰ বিভিন্ন জলন্ত সমস্যা চৰকাৰৰ সন্মুখত উপস্থাপন কৰা তথা সামগ্ৰিকভাৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসম আৰু অসমীয়াৰ হকে সংগ্ৰাম কৰা এটি জাতীয় সংগঠন বুলি দাবী কৰি আহিছে৷ কিন্তু সচাঁকৈ সংগঠনটোয়ে অসম আৰু অসমীয়াৰ হৈ কাম কৰি আহিছে নে কংগ্ৰেছ দলৰ এজেণ্ট হিচাপে কাম কৰি আহিছে সেয়া সৰ্বজনবিদীত৷
(৩)
ইতিহাসৰ পাত লুটিয়াই যদি দেখা যায় যে ধৰ্মীয় সংখ্যালঘুসকলে সদায় কংগ্ৰেছ দলৰ ভোট বেংক হিচাপে ব্যৱহত হৈ আহিছে, এয়া কোনেও নুই কৰিব নোৱাৰে৷ কিয়নো ১৯৮৫ চনলৈকে মুছলমানসকলে কংগ্ৰেছ দলকে ভোট দি আহিছিল বুলি ক’লেও ভুল নহ’ব৷ অকল ১৯৮৫ চনত অসম চুক্তিৰ বিৰোধিতা কৰি আৰু চুক্তি কৰোঁতে আমছু প্ৰমুখ্যে সংখ্যালঘু সংগঠনসমূহক আওকাণ কৰাৰ অপৰাধত মূলত: ধৰ্মীয় সংখ্যালঘুসকলে কংগ্ৰেছ দলটোক সম্পূৰ্ণ বয়কট কৰি সংযুক্ত সংখ্যালঘূ মৰ্চা বা ইউ এম এফ দলৰ জন্ম দি সেই দলৰ ১৭জনকৈ বিধায়ক নিৰ্বাচিত কৰিছিল৷ তাৰ ফলত লাভ কি হৈছিল? ১৯৮৫ৰ সেই নিৰ্বাচনত সংখ্যালঘু ৰাইজে ৩০-৩৫খন আসন আশা কৰিছিল৷ সিমান সংখ্যক আসন পালেওতো কংগ্ৰেছৰ বাহিৰে আন দলৰে মিত্ৰতা কৰাৰ বাহিৰে আন উপায় নাথাকিলহেঁতেন আৰু তেনেদৰেও চৰকাৰ গঠন কৰা জটিল হ’লহেঁতেন৷ সেয়া সম্ভৱ হ’লেও গৈ গৈ কংগ্ৰেছৰ হাততেই বন্দী হ’বলগীয়া হ’লহেঁতেন৷ যি কি নহওক, পৰৱৰ্তী পৰ্যায়ত দলটোৰ অৱস্থা কি হ’ল তাক আটায়ে প্ৰত্যক্ষ কৰিলেই৷
১৯৯১ৰ নিৰ্বাচনত পুনৰ ধৰ্মীয় সংখ্যালঘুসকলে কংগ্ৰেছ দলৰে ভোটবেংক হ’লগৈ। পৰৱৰ্তী সময়ত আইএমডিটি আইনখন বাতিল হোৱাৰ গইনা লৈ মুছলমানৰ সমৰ্থন আদায়ৰ লক্ষ্যৰে পুনৰ এইউডিএফ দলৰ জন্ম দিয়া হ’ল৷ ২০০৬ৰ নিৰ্বাচনত মুছলমানসকলৰ অধিক সংখ্যক লোকৰ সমৰ্থনত দলটোৱে ১২খন আসন লাভ কৰিলে৷ কংগ্ৰেছ দলৰ ধাৰাবাহিক বঞ্চনাত বিতশ্ৰদ্ধ ধৰ্মীয় সংখ্যালঘুসকলৰ মাজত আজমল বাহিনী সোমাই যোৱাত ২০১১ চনৰ নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘুসকলৰ পূৰ্ণ সমৰ্থনত এ আই ইউ ডি এফ দলটোৱে ১৮খন আসন দখলৰ যোগেদি প্ৰধান বিৰোধী দল হিচাপে পৰিগণিত হ’ল যদিও তাৰ বিপৰীতে কংগ্ৰেছৰ আসনৰ সংখ্যা যথেষ্ট বাঢ়িল৷ ধৰ্মীয় সংখ্যালঘুৰ ৰাজনৈতিক লাভালাভৰ সমীকৰণত মূলত: পোৱা গ’ল এক শূন্য৷ এই কাৰ্যকালত আজমলে পূৰ্বৰ প্ৰৱণতা বজাই ৰাখি বহুবাৰ কংগ্ৰেছৰ সহযোগী হ’বলৈ প্ৰচেষ্টা চলাইও তৰুণ গগৈৰ আজমল-বিৰোধী নীতিৰ বাবে সেয়া সম্ভৱ নহ’লগৈ৷
পুনৰ আহিল ২০১৬ৰ নিৰ্বাচন৷ আজমল বাহিনীয়ে ভাবিলে যে এইবাৰ তেওঁলোকে অতি ভাল ফল লাভ কৰিব৷ তৰুণ গগৈয়ে তেওঁলোকক নোহোৱাকৈ চৰকাৰ গঠন কৰিব নোৱাৰিব৷ আজমল উপমুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ’ব, ইত্যাদি..৷ তৰুণ গগৈয়েও ভাবিলে যে পুনৰ তেৱেঁই চৰকাৰ গঠন কৰিব৷ কিন্তু সকলো ওলট-পালট হৈ কি হ’লগৈ তাক আৰু কোৱাৰ অৱকাশ নাই৷ ইমানৰ পিছতো যদি ধৰ্মীয় সংখ্যালঘুসকলে নিজৰ ৰাজনৈতিক অংক কৰাত পুনৰ ব্যৰ্থ হয় তেন্তে তাৰ বাবে অদৃশ্যক দোষী লাভ নাই৷
ইপিনে যেতিয়া কংগ্ৰেছ দলে মুখ থেকেচা খায় আৰু তেতিয়া ৰাজ্যখনত উগ্ৰ জাতীয়তাবাদী বা সাম্প্ৰদায়িক দলৰ অভ্যুত্থান ঘটে৷ উদাহৰণ স্বৰূপে ১৯৮৫ আৰু ২০১৬৷ সেয়ে এয়া প্ৰতীয়মান হৈ গ’ল যে গৰিষ্ঠসংখ্যক তথাকথিত মূল সুঁতিৰ অসমীয়া ৰাইজৰ লগত থাকিহে মুছলমানৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ যত্ন কৰিব লাগিব।
(৪)
আমি সকলোৱে জানো অতদিনে আছুয়ে বিদেশী, বাংলাদেশী খেদাৰ দোহাই দি তাল-ফাল কৰা তথা কেৱল লুঙী, দাড়ি, টুপী চাই বান্দৰ জপিয়াই দি ধৰ্মীয় সংখ্যালঘুসকলক হাৰাশাস্তি কৰি আহিছে৷ কিন্তু সেই আছু আজি বিদেশীৰ স্থিতিক লৈ নিমাত৷ কাৰণ আছুৱে জানে গুজৰাটত যিদৰে কংগ্ৰেছ চৰকাৰে বিদেশীক নাগৰিকত্ব দিছিল সেইদৰেই বিজেপি চৰকাৰে হিন্দু-বাংলাদেশীসকলক নাগৰিকত্ব দিয়াটো প্ৰায় নিশ্চিত৷
(৫)
আমছু সদায় কংগ্ৰেছৰ হৈ কাম কৰিছিল আৰু সিহঁতক বাংলাদেশীৰ ৰক্ষক বুলি জনাজাত তথা সেই বদনাম মচিবলৈ আমছু আজি বাংলাদেশী নাগৰিকৰ নাগৰিকত্ব বিষয়টো লৈ কঠোৰ ভুমিকা লৈছে৷
(৬)
কৃষক মুক্তিৰ কথা সেই একেই৷ বৰ্তমান অখিল গগৈ বাংলাদেশীৰ ৰক্ষক বুলি এচামে সততে কোৱা শুনা যায়৷ কাৰণ, বৰ্তমান অখিল গগৈৰ সমৰ্থকৰ মাজত প্ৰায় ৭০% ধৰ্মীয় সংখ্যালঘু লোক৷
যদি এনে প্ৰেক্ষাপটত কৃষক মুক্তি আৰু আমছুৰ কঠোৰ স্থিতিত থাকে তেন্তে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলে এঘৰীয়া হৈ পৰিব আৰু হিন্দু বাংলাদেশীসকল আছুক সমৰ্থন কৰিব৷ আছু তথা আছু সমৰ্থিত ৰাজনৈতিক দলে জানে আমছু আৰু কৃষক মুক্তি দুয়োটা সংগঠনৰ মাজত মুছলমান সম্প্ৰদায়ৰ লোকৰ সমৰ্থন বেছি৷ সেয়ে এই দুটা সংগঠনৰ সৱল স্থিতিত বাংলাদেশীবোৰ স্থায়ীভাৱে শত্ৰুতা কৰিব আৰু অনাগত দিনত বি জে পিৰ লাভালাভ হব৷ সেই ক্ষেত্ৰত মই ভাবো কংগ্ৰেছে আমছু বিভাজন কৰি ধৰ্মীয় সংখ্যালঘুসকলৰ পৰা আকৌ সুবিধা লব বিচাৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি