|

দল-সংগঠনৰ মেৰপাকত বন্দী ধৰ্মীয় সংখ্যালঘু

# মহিবুল মণ্ডল (১) অসমৰ সাম্প্ৰতিক ৰাজনীতিত সংখ্যালঘু মুছলমানসকলে আমছু, এআইইউডিএফ বা কংগ্ৰেছ, যি দল-সংগঠনৰ সৈতে জড়িত নহওক কিয়, নিজাববীয়াকৈ চিন্তা আৰু প্ৰচেষ্টা কৰিবলৈ গৈ ৰাজনৈতিকভাবে কি লাভালাভ কৰিবলৈ সক্ষম হ’ল তাক আৰু নতুনকৈ বৰ্ণোৱাৰ প্ৰয়োজন নাই৷ এটা কথা প্ৰমাণিত যে ধৰ্মীয় সংখ্যালঘুসকলে ৰাজনৈতিকভাৱে একগোট হ’ব বিচাৰিলেও বাকী সকলো জাতি-জনগোষ্ঠী ঐক্যবদ্ধ হৈ অন্যপন্থা অৱলম্বন কৰি হলেওঁ ধৰ্মীয় সংখ্যালঘুসকলৰ কোনো আধিপত্য অসমত কৰিব নিদিব৷ সেয়ে আমছু বিভাজন হলেও ধৰ্মীয় সংখ্যালঘুসকল আবেগিক হোৱাৰ কোনো কাৰণ নাই৷ কাৰন ইতিহাসে মিছা নকয়। (২) সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু অসমৰ নিপীড়িত-নিৰ্যাতিত সংখ্যালঘু সম্প্ৰদায়ৰ বিভিন্ন জলন্ত সমস্যা চৰকাৰৰ সন্মুখত উপস্থাপন কৰা তথা সামগ্ৰিকভাৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসম আৰু অসমীয়াৰ হকে সংগ্ৰাম কৰা এটি জাতীয় সংগঠন