গুৱাহাটী : ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহৰ বিষয়া-কৰ্মচাৰীসকলে নিজৰ সঠিক দায়িত্ব পালন কৰাৰ পৰা আতৰি থাকি চৰকাৰক বিভিন্ন পদ্ধতিৰ ফাকিৰে দৰমহা হিচাপে অতি সহজে কেৱল চৰকাৰী ধন গ্ৰহণ কৰি আহিছে তাৰে এক দৃষ্টান্ত উদাহৰণ দাঙি ধৰিলে হাতীগাঁওস্থিত উপ-ডাকঘৰৰ কাৰ্যালয়ে৷ অভিযোগ অনুসৰি বিগত প্ৰায় এসপ্তাহ ধৰি কাৰ্যালয়টোৰ পৰা সাধাৰণ ৰাইজে কোনো চিঠি প্ৰেৰণ কৰিব পৰা নাই৷ বহুত দূৰ-দূৰণিৰ পৰা বৃদ্ধলোকসকলৰ লগতে মহিলাসকলেও বিভিন্ন কামৃ-কাজৰ বাবে আহি ঘূৰি যাবলগীয়া হৈছে৷ এনে অভিযোগৰ ভিত্তিত সাংবাদিকৰ এটা দলে উপ-ডাকঘৰত উপস্থিত হয় যদিও দিনৰ ১ বজাতো পোষ্ট মাষ্টৰগৰাকী উপস্থিত নথকাৰ প্ৰমাণ লাভ কৰে৷ কাৰ্যালয়খন খোলা আছিল যদিও নিজৰ নিজৰ চকীত এজনো কৰ্মচাৰী দেখা পোৱা নগ’ল৷ কিন্তু চৰকাৰী অনুমতি নোহোৱাকৈ কেৱল কাম কৰাৰ বাবে এগৰাকী যুৱকক পোষ্ট মাষ্টৰগৰাকীয়ে নিজৰ ইচ্ছামতে নিয়োগ কৰাৰ কথা জানিব পৰা গৈছে৷ ল’ৰাজনে পত্ৰ প্ৰেৰণ কৰিব বিচৰা লোকক লিংক নাই বুলি কৈয়েই দায়িত্ব সামৰে৷ গতিকে নিজৰ দায়িত্ব আৰু কৰ্তব্যক ফাকি দি অতি সহজে চৰকাৰী দৰমহা লাভ কৰি থকা এনে কৰ্মচাৰীসকলৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব৷