Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 3:38 am

Home » আঞ্চলিক » পুনৰ বিভাজন আমছু : নিজকে জাতিদ্ৰোহী আখ্যাৰে নিৰ্লজ্জ আত্মসমৰ্পন আজিজুৰ ৰহমানৰ

পুনৰ বিভাজন আমছু : নিজকে জাতিদ্ৰোহী আখ্যাৰে নিৰ্লজ্জ আত্মসমৰ্পন আজিজুৰ ৰহমানৰ


গুৱাহাটী : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু অসমৰ নিপীড়িত নিৰ্যাতিত সংখ্যালঘু সম্প্ৰদায়ৰ বিভিন্ন জলন্ত সমস্যা চৰকাৰৰ সন্মুখত উপস্থাপন কৰা তথা সামগ্ৰিক ভাৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসম আৰু অসমীয়াৰ হকে সংগ্ৰাম কৰা এটি জাতীয় সংগঠন বুলি দাবী কৰি আহিছে। কিন্তু প্ৰকৃতাৰ্থত এই ছাত্ৰ সংগঠনটোৱে ছাত্ৰসকলক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে সাম্প্ৰতিক সময়ছোৱাত এক নিৰ্দিষ্ট জাতিৰ লোকসকলৰ মূৰ দিছপুৰত বিক্ৰী কৰাৰ দৰে লেতেৰা ৰাজনীতি কৰাৰ সমান্তৰালকৈ বিশেষকৈ কংগ্ৰেছ দলৰ কথাত উঠা-বহা কৰা এটি সংগঠন হিচাপেহে পৰিচিত হৈছে৷
সংগঠনটোৱে জন্মলগ্নৰে পৰাই নিজৰ ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত, নিজৰ পকেটৰ স্বাৰ্থত সন্মূখৰ পৰা নেতৃত্ব দিয়া তথাকথিত নেতাসকলে বিভাজন কৰি আহিছে৷ অৱশ্যে প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদৰ নেতৃত্বত এটা সময়ত সকলো কেইটা গোট একেলগ কৰি সংগঠনটোক এক শক্তিশালী ৰূপত গঢ় দিছিল৷ কিন্তু পুনৰ একাংশ ৰাজনৈতিক নেতা, আমছু নেতাৰ নিজৰ ক্ষমতা তথা স্বাৰ্থৰ লোভত পুনৰ সোমবাৰে আমছুক বিভাজন কৰিলে৷ বিভাজিত হৈ গঠন কৰা গোটটো আজিজুৰ গোট বুলিহে পৰিচিত হ’ব৷ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰক অবৈধ বুলি ঘোষণা কৰি এই নতুন গোট গঠন কৰা হয়৷
উল্লেখ্য যে সভাপতি ৰেজাউল কৰিম সৰকাৰে এই পৰ্যন্ত্য তেওঁৰ কোনো মন্তব্য ‘সংবাদ প্ৰহৰী’ত প্ৰকাশ নকৰিলেও আজি গঠন হোৱ আমছুৰ এই নতুন গোটটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে— চলিত বৰ্ষৰ যোৱা ৩১ মাৰ্চ, ০১ আৰু ০২ এপ্ৰিলত দৰং জিলাৰ খাৰুপেটীয়াত অনুষ্ঠিত হোৱা আমছুৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰতিনিধি সভাত একাংশ প্ৰতিনিধি আৰু সমৰ্থকক উচটনি দি পূৰ্ব পৰিকল্পিত ভাৱে উত্তপ্ত পৰিবেশ সৃষ্টি কৰি সম্পূৰ্ণ অগণতান্ত্ৰিকভাৱে লাঠি জোংৰ ভীতি প্ৰদৰ্শনৰে আমছুৰ ইতিহাসত এক কলা অধ্যায়ৰ সুচনা কৰি বৰ্তমানৰ নেতৃত্বই দায়িত্ব গ্ৰহন কৰিছিল। দূৰ্ভাগ্যজনক কথা হল অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু জনসাধাৰণে এন আৰ চি, ডি ভোটাৰ, অবৈধ বিদেশী নামত শেহতীয়াকৈ চৰকাৰী পক্ষৰ পৰা ধাৰাবাহিকভাৱে নানান অহেতুক অত্যাচাৰ নিৰ্যাতনৰ সন্মূখীন হৈ অহাৰ উপৰিও সামগ্ৰিকভাবে অসম আৰু অসমীয়া জাতিয়ে সন্মূখীন হৈ অহা নানান সমস্যা যেনে নাগৰিকত্ব সংশোধনী বিধেয়ক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ইত্যাদিৰ বিৰুদ্ধে গণতান্ত্ৰিক সংগ্ৰাম কৰাত চূড়ান্তভাবে ব্যৰ্থ হৈছে।

ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু জনসাধাৰণে বহু প্ৰত্যাশাৰে আমছুৰ নেতৃত্বৰ প্ৰতি বাট চাই থাকে। বিগত কালত সংখ্যালঘু সম্প্ৰদায়ৰ বিভিন্ন সমস্যা সমাধানৰ লগতে জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত বলিষ্ঠ তথা অগ্ৰনী ভূমিকা লোৱা আমছুৰ সংগ্ৰাম বৰ্তমান স্থবিৰ হোৱাই নহয় ক্ৰমান্বয়ে নোহোৱা হোৱা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ প্ৰাক মুহূৰ্তত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভুক্ত হব নে নহব সেই বিষয়ত শংকিত হৈ থকা ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু জনসাধৰণক বৰ্তমানৰ নেতৃত্বই আশ্বস্ত কৰিব নোৱাৰাত ৰাইজ হতাশাগ্ৰস্ত হৈ পৰিছে।
যোৱা ২৪ জুন, ২০১৮ ইং তাৰিখে গুৱাহাটীত অসমৰ বিভিন্ন জিলাৰ আমছুৰ কৰ্মী, সংখ্যালঘু যুৱ ছাত্ৰ তথা আমছুৰ কিছু প্ৰাক্তন বিষয়ববীয়াই এক সভাত মিলিত হৈ আমছুৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰি সংগ্ৰাম আগুৱাই নিয়াৰ ব্যৰ্থতাৰ সকলো দিশ বিস্তাৰিত ভাবে পৰ্য্যালোচনা কৰি স্তবিৰ হৈ যোৱা সংগ্ৰামটিক গতি প্ৰদান কৰিবলৈ বৰ্তমানৰ আমছু নেতৃত্বক আহ্বান জনাইছিল। বৰ্তমানৰ নেতৃত্বই উক্ত আহ্বানত সন্মতিয়ো প্ৰকাশ কৰিছিল যদিও বিগত এমাহত সেই সম্পৰ্কে সম্পূৰ্ণ উদাসীনতা প্ৰদৰ্শন কৰাৰ লগতে সংখ্যালঘু ৰাইজৰ আবেগক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি নিজৰ নিজৰ হস্তীয়া প্ৰচাৰ কাৰ্য্যত ব্যস্ত থাকিল। আজি পুনৰ অসমৰ সংখ্যালঘু সমাজৰ যুব ছাত্ৰ, আমছুৰ কৰ্মীৰ উপস্থিতিত সংখ্যালঘু ৰাইজে সন্মূখীন হৈ অহা নানান সমস্যা পৰ্যালোচনা কৰা তথা এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পৰবৰ্তী কালৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰাৰ্থে অনুষ্ঠিত অভিবৰ্তনত বিতং আলোচনা পৰ্য্যালোচনা কৰি জাতীয় সংগ্ৰাম সঠিকভাৱে চলাই নিয়াত বৰ্তমানৰ আমছু নেতৃত্ব ব্যৰ্থ হোৱাত তথা খাৰুপেটীয়া অধিবেশনত অবৈধভাৱে আমছুৰ কমিটি গঠন কৰাত ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বাধীন কমিটিক অবৈধ ঘোষণা কৰি সেই কমিটীক আজিৰে পৰা ভংগ কৰি নিপীড়িত নিৰ্যাতিত সংখ্যালঘু সম্প্ৰদায়ৰ লগতে সামগ্ৰিক ভাৱে অসম আৰু অসমীয়া জাতিৰ জাতীয় আন্দোলনক এক নতুন গতি প্ৰদান কৰিবলৈ আজিজুৰ ৰহমানক সভাপতি, আইনুদ্দিন আহমেদ আৰু আজিজুল হকক সাধাৰন সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নতুন ৫১জনীয়া এক বলিষ্ঠ সমিতি গঠন কৰা হয়।

ৰাজ্যজুৰি তীব্ৰ সমালোচনাৰ সন্মূখীন আমছু

আমছুৱে আজি বিভাজিত হৈ নতুন গোট গঠন কৰাক লৈ ৰাজ্যৰ ভিন্ন মহলত ব্যাপক সমালোচনাৰ সন্মূখীন হৈছে আমছু৷ বিশেষকৈ আজি বিভাজিত হৈ নতুন গোটৰ সভাপতি আজিজুৰ ৰহমানেই এটা সময়ত নিজৰ ফেচবুক একাউণ্টত আমছুক বিভাজন কৰাসকল জাতিৰ শত্ৰু বুলি পোষ্ট কৰিছিল৷ কিন্তু সেইগৰাকী নেতাই আজি নিজকে জাতিদ্ৰোহী বুলি নিৰ্লজ্জ আত্মসমৰ্পনেৰে আমছুক বিভাজন কৰিলে৷ একেদৰে ছ’চিয়েল মিডিয়া ফেচবুকতো বিভিন্নজনে আমছুক উভতি ধৰা পৰিলক্ষিত হৈছে৷ এক কথাত কবলৈ গ’লে আমছুৰ এই বিভাজিত গোটক কোনেও সহজে মানি লব পৰা নাই৷ ফলত আমছুৰ নাম লৈ দালালি তথা ভণ্ডামি কৰা এইসকল তথাকথিত নেতাক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আমছুৰ সকলো পক্ষৰ গোটৰ পৰা আতৰি থাকিবলৈ সৰ্বসাধাৰণ ৰাইজক আহ্বান জনোৱাৰ লগতে সংগঠনটোক সকলো ধৰণৰ দান-বৰঙণি-চাঁদা আদি আগবঢ়োৱা লোকও জাতিৰ শত্ৰু বুলি আখ্যায়িত কৰে সচেতন মহলে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি