Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:09 am

Home » আঞ্চলিক » হোজাইত কৃষ্ণ বৰা বি এড কলেজৰ অধ্যক্ষৰ মইমতালি : আদালতত গোচৰ

হোজাইত কৃষ্ণ বৰা বি এড কলেজৰ অধ্যক্ষৰ মইমতালি : আদালতত গোচৰ

তথ্য জনাৰ অধিকাৰ আইনক অংগুষ্ঠ

লামডিং : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত চলা লংকাৰ কৃষ্ণ বৰা বি এড কলেজত চলিছে ব্যাপক অনিয়ম আৰু এই অনিয়ম ফাদিল কৰাৰ উদ্দেশ্য মোৰাঝাৰৰ সচেতন যুৱক জুহেল আমিনে যোৱা বৰ্ষৰ ৪ অক্টোবৰত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে মাত্ৰ তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি জনাইছিল এক আবেদন৷ যুৱকজনে ২০১৬-১৭ বৰ্ষৰ ছেপ্টেম্বৰ মাহত কিমানজনে কলেজখনত নামভৰ্তি কৰিছিল ইয়াৰ দৈনিক হাজিৰা বহী আৰু আবেলি পাঠদানৰ ব্যৱস্থা আছে নে নাই ইয়াৰ উত্তৰ বিচাৰি জনাইছিল এক আবেদন৷ কিন্তু কলেজৰ অধ্যক্ষই তথ্য জনাৰ অধিকাৰ আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি মইমতালিৰে যুৱকজনক তথ্য দিয়াৰ পৰা বিৰত থাকে৷
ইফালে যুৱকজনে কলেজৰ পৰা তথ্য নোপোৱাত কলেজত যে এক বৃহৎ অনিয়ম সংঘটিত হোৱাৰ সন্দেহত সেই বৰ্ষৰ ২১ নৱেম্বৰত জিলা উপায়ুক্তৰ কাষ চপাৰ লগতে তথ্য নিদিয়াৰ সংক্ৰান্তত জিলা উপায়ুক্তৰ ওচৰত এক লিখিত অভিযোগ দাখিল কৰে৷ সেই অভিযোগৰ ভিত্তিত উপায়ুক্তই সেই বৰ্ষৰ ৫ ডিচেম্বৰত কলেজৰ অধ্যক্ষক কাৰ্যলয়লৈ তলব কৰি যুৱকজনে দাখিল কৰা আবেদন পুনৰীক্ষণৰ অন্তত অধ্যক্ষক তথ্য যোগান ধৰিবলৈ এক নিৰ্দেশ দিয়ে৷ ইয়াৰ পাছত উপায়হীন হৈ ধুৰন্ধৰ অধ্যক্ষ মোস্তাফিজুৰ ৰহমানে ২০১৭ বৰ্ষৰ ১৪ ডিচেম্বৰত যুৱকজনে বিচৰা ধৰণে তথ্য নিদি বিচৰা তথ্যবোৰ কলেজৰ গোপনীয়তাৰ দোহাই দি এক পত্ৰ যুৱকজনলৈ অৰ্পণ কৰে৷
আনহাতে যুৱকজনে আবেদন কৰা প্ৰশ্নৰ উত্তৰৰ লগত কোনো মিল নথকাত যুৱকজনে পুনৰ উপায়ুক্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়লৈ তথ্য নিদিয়াৰ কাৰণ বিচাৰি আন এক অভিযোগ দাখিল কৰাত বিশ্ববিদ্যালয় আৰু উপায়ুক্তই পুনৰ তথ্য দিবলৈ কলেজ কতৃপক্ষক নিৰ্দেশ দিয়ে৷ ইয়াৰ পাছতো কলেজ কৰ্তৃপক্ষই যুৱকজনক আজি পৰ্যন্ত প্ৰকৃত তথ্য যোগান নধৰাৰ অভিযোগ উত্থাপন হৈছে৷
ইপিনে ১৩ জুলাইত যুৱকজনক কলেজ কৰ্তৃপক্ষই পুনৰ তথ্য দিয়াৰ বাবে কলেজলৈ মাতি অনাৰ পাছত যুৱকজনক কেচি আৰু লাখুটিৰে ভয়-ভাবুকি দেখুৱাই শাৰীৰিক অপদস্থ কৰা বুলি অধ্যক্ষ আৰু আন এজন কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷ যুৱকজনে তথ্য বিচাৰি আবেদন কৰাৰ পিছতো কলেজ কৰ্তৃপক্ষই আৰ টি আইত প্ৰকৃত তথ্য নিদি অলাগতিয়াল তথ্য যোগান ধৰা তেওঁক অপদস্থ কৰা ঘটনা সংক্ৰান্তত যুৱকজনে অলপতে শংকৰদেৱ নগৰ আদালতত কলেজৰ অধ্যক্ষ মোস্তাফিজুৰ ৰহমান আৰু চৈয়দৰ বিৰুদ্ধে এক গোচৰ তৰে৷ অৱশ্য অধ্যক্ষই যুৱকজনক অপদস্থ কৰাৰ অভিযোগ অস্বীকাৰ কৰা দেখা যায়৷
উল্লেখ্য যে উক্ত বি এড কলেজত পূৰ্বৰে পৰা ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ নথকা নহয়৷ ইয়াৰ পাছতো নীৰৱ-নিৰ্বিকাৰ সংশ্লিষ্ট বিভাগৰ উদ্ধৰ্তন কৰ্তৃপক্ষ৷ একে সময়তে এজন শিক্ষকে বিদ্যালয় বি এড কলেজত ক্লাছ কৰাৰ সৰ্বত্ৰ আছে অভিযোগ৷ এনেবোৰ কাৰণতে কলেজত চলি থকা অনিয়ম আৰু খেলিমেলিৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্তৰ পোষকতা কৰিছে ৰাইজেও৷ এই ক্ষেত্ৰত গুৰুত্ব দিবনে জিলা প্ৰশাসনে এয়া হৈছে সৰ্বসাধাৰণ জনতাৰ মনত উদয় হোৱা প্ৰশ্ন৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি