Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:06 am

Home » আঞ্চলিক » লেখাপানীত এজন এন এছ চি এন (কে)ৰ লিংকমেন আটক

লেখাপানীত এজন এন এছ চি এন (কে)ৰ লিংকমেন আটক


লিডু : তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সমান্তৱৰ্তী জাগুন “নগা ডুবি ” নামে এক ভিতৰুৱা এলেকাৰ পৰা বৃহস্পতিবাৰে নিশা ১৩ নং অসম ৰাইফলচ্ আৰু সেনাৰ শিখ ৰেজিমেন্টে যুতিয়া অভিযান চলাই তিনিজনকৈ দুৰ্ধৰ্ষ এন ডি এফ বি কেডাৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে পুনৰ শুকুৰবাৰে লেখাপানী থানাৰ অন্তৰ্গত বালিজান গাঁৱৰ পৰা ১৩ নং অসম ৰাইফলচৰ এটা বৃহৎ বাহিনীয়ে পুৱাৰ ভাগত অভিযান চলাই এজন এন এ চি এন ( কে )ৰ লিংকমেন আটক কৰা ঘটনাই এলেকাটোত এতিয়া চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷
এন এছ চি এনৰ সন্দেহত আটক কৰা ব্যক্তি জনৰ নাম নাগা চেমা ওৰফে আঁকা বুলি জানিব পৰা গৈছে। ধৃত ব্যক্তি জনে এন এছ চি এন (কে) দলৰ হৈ এলেকাটোত প্ৰচাৰ অভিযান চলাই অহাৰ লগতে সংগঠনটোক প্ৰয়োজনীয় খাদ্য সামগ্ৰী সময়ে সময়ে যোগান ধৰি অহা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
ইতিমধ্যে লেখাপানী আৰক্ষী থানাই ৭৩/ ২০১৮ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২০ বি / ৩৮৭ আই পি এছ ধাৰাত গোচৰ পঞ্জীয়ন কৰি আটক কৰি জেললৈ প্ৰেৰণ কৰিছে৷ উল্লেখ্য ১৫ আগষ্টৰ পূৰ্বে সঘনাই এলেকাটো আলফা, এন এছ চি এনৰ লগতে বিদ্ৰোহী সংগঠনসমূহৰ বিচৰণৰ এনে গতি বিধিয়ে এতিয়া আৰক্ষীৰ মহলক ব্যাপক ভাৱে চিন্তাম্বিত কৰি তুলিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি