Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:46 pm

Home » আঞ্চলিক » মাৰ্ঘেৰিটাত জাতীয় মহিলা পৰিষদৰ উদ্যোগত ড্ৰাগছৰ সজাগতা সভা

মাৰ্ঘেৰিটাত জাতীয় মহিলা পৰিষদৰ উদ্যোগত ড্ৰাগছৰ সজাগতা সভা

লিডু : ড্ৰাগছ, গাঞ্জা আদি মাদক দ্ৰব্যৰ ভয়াৱহতা সৰ্ম্পকে জনসাধাৰণক সচেতন কৰাৰ লক্ষ্যৰে শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ ইনথেম শাখা সমিতিয়ে পেঙেৰী উচ্চ মাধ্যমিক বিদ্যালয়ত এখন ৰাজহুৱা সজাগতা সভা অনুষ্ঠিত কৰে৷ সভাত মাৰ্ঘেৰিটা তথা ইয়াৰ উপকূলীয় অঞ্চলসমূহত সুলভ হৈ পৰা ড্ৰাগছ- কানি-গাঞ্জা আদি নিচা জাতীয় দ্ৰব্য সমূহৰ অবাধ প্ৰচলন শীঘ্ৰেই বন্ধ কৰি এখন সুস্থ সমাজ গঠনৰ ক্ষেত্ৰত সকলোকে মাৰবান্ধি থিয় হৈ নিচা বৰ্জনৰ সংকল্প লবৰ বাবে সকলোকে আহ্বান জনোৱা হয়৷
সভাত বিশিষ্ট অতিথি উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টাদ্বয় ক্ৰমে সঞ্জীৱ উলুপ, নৰেন্দ্ৰ শইকীয়া, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কাঞ্চন বৰাৰ লগতে জাতীয় মহিলা পৰিষদৰ ৰাজ্যিক সম্পাদিকা মায়াৰানী লাহন গগৈ৷ প্ৰায় শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত ড্ৰাগছ, মদ, গাঞ্জাৰ দৰে বিভিন্ন মাদকদ্ৰব্যৰ ভয়াবহতা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়৷
সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কাঞ্চন বৰাই এইক্ষেত্ৰত যি সকল অসাধু চক্ৰই মাৰ্ঘেৰিটা মহকুমাৰ জাগুন, লেখাপানী, লিডু, বৰগোলাই, মাৰ্ঘেৰিটা টিপং, পেঙেৰী, কেতেটং, ইনথেম, বৰডুমচা আদি অঞ্চলত ড্ৰাগছ কানিৰ দৰে মাদক দ্ৰব্যৰ মুক্ত বেহা দীৰ্ঘ দিন ধৰি চলাই আহিছে তেওঁলোকক শীঘ্ৰেই এনে বেহা বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে বগাহাতীত পৰিণত হোৱা বিয়াগোম আবকাৰী বিভাগটোক সময় থাকোতেই এক উচিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহবান জনাইছে৷ অন্যথা সংগঠনটোৱে অনাগত দিনত হাত সাৱটি বহি নাথাকে বুলিও হুংকাৰ প্ৰদান কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি