Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:56 pm

Home » আঞ্চলিক » উৎকট গৰমে দহিছে ৰাজ্য ; কোকৰাঝাৰত নিহত আৰক্ষী জোৱান, আহত ১

উৎকট গৰমে দহিছে ৰাজ্য ; কোকৰাঝাৰত নিহত আৰক্ষী জোৱান, আহত ১


কোকৰাঝাৰ: উৎকট গৰমে দহিছে ৰাজ্য। দিনক দিনে বাঢ়িছে সূৰ্য্যৰ উত্তাপ। পাৰাস্তম্ভ ৩৭ ডিগ্ৰী কোকৰাঝাৰত। প্ৰচণ্ড গৰম সহিব নোৱাৰি কোকৰাঝাৰত ঘটিল অঘটন। গৰম সহিব নোৱাৰি শুকুৰবাৰে নিৰাপত্তা বাহিনীৰ এজন নিহত আৰু আনজন গুৰুতৰ ভাৱে আহত হবলগীয়া হৈছে।
প্ৰাপ্ত খবৰ অনুসৰি তিনি দিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ আৰু ধুবুৰীলৈ ৰাজ্যপাল জগদীশ মুখীৰ ভ্ৰমণৰ শুকুৰবাৰে অন্তিম দিনা কোকৰাঝাৰৰ জিলা উপায়ুক্তৰ সৈতে নিৰাপত্তা দি থকা অৱস্থাতে ৮ বি এন অসম আৰক্ষী জোৱান লান্সনাইট ভদ্ৰ সিং নাৰ্জাৰীয়ে প্ৰচণ্ড গৰম সহিব নোৱাৰাত এই ঘটনা সংঘটিত হয়। হঠাৎ এনে ঘটনাৰ সন্মুখীন হোৱা আৰক্ষী জোৱান ভদ্ৰ সিং নাৰ্জাৰীক কোকৰাঝাৰ আৰ এন বি হষ্পিতালত ভৰ্তি কৰিবলৈ অনা হয় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। মৃত জোৱান গৰাকী বঙাইগাঁওৰ মেচপাৰাৰ বাসিন্দা আছিল।
আনহাতে আজি আক্ৰাছুৱে আহ্বান কৰা ২৪ ঘন্টীয়া অসম বন্ধৰ নিৰাপত্তা দি থকা সময়তে কোকৰাঝাৰ মোক্ৰাপাৰাত প্ৰচণ্ড গৰম সহিব নোৱাৰাত অসুস্থ হৈ পৰে লাল মহন বৰ্মন নামৰ আন এজন আৰক্ষী জোৱান। বৰ্তমান কোকৰাঝাৰ আৰ এন বি হস্পিতালত চিকিৎসাধীন অৱস্থাত আছে গুৰুতৰ ভাৱে আহত হোৱা আৰক্ষী জোৱানগাৰীক। আহত জোৱানগৰাকী ধুবুৰী জিলাৰ শালকোচাৰ অন্তৰ্গত শ্ৰীগ্ৰামৰ বাসিন্দা আছিল বুলি জনা গৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি