Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:06 am

Home » আঞ্চলিক » অসমবাসীয়ে পালে দিল্লীৰ ওচৰত আঁঠু লােৱা এজন পুতলা মুখ্যমন্ত্রী : কৃষক মুক্তি

অসমবাসীয়ে পালে দিল্লীৰ ওচৰত আঁঠু লােৱা এজন পুতলা মুখ্যমন্ত্রী : কৃষক মুক্তি

ৰাজ্যজুৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ এয়ােদশ প্রতিষ্ঠা দিৱস পালন

গুৱাহাটী : আজি কৃষক মুক্তি সংগ্রাম সমিতিৰ এয়ােদশ প্রতিষ্ঠা দিৱস। অসমৰ অন্যতম জাতীয় সংগঠনটোৱে ৰাজ্যজুৰি শুকুৰবাৰে এই দিৱস পালন কৰিছে। সংগঠনটোৱে প্ৰতিখন জিলা আৰু আঞ্চলিকসমূহত এই দিৱস পালন কৰে। ২০০৫ চনৰ ২০ জুলাইৰ আজিৰ দিনটোতে তেজপুৰত কৃষক মুক্তি সংগ্রাম সমিতি গঠন হৈছিল। কৃষক মুক্তি সংগ্রাম সমিতি গঠন হােৱাৰ পৰা আজিলৈ অসমৰ জাতীয় জীৱনত অভূতপূর্ব এক সংগ্রামী ধাৰাৰে জনগণৰ অধিকাৰ সংগ্ৰামখনক এক নতুন মাত্রা দিবলৈ সংগঠনটোৱে সক্ষম হৈছে।
ৰাজ্যখনৰ সম্পদৰ ওপৰত অসমবাসী ৰাইজৰ প্রকৃত অধিকাৰ প্রতিষ্ঠা, এক আধুনিক ভূমি সংস্কাৰ আন্দোলন গঢ়ি তােলা, থলুৱা প্রকৃত কৃষকৰ হাতত মাটিৰ স্বত্ত্ব কায়েম কৰা, ব্যক্তিগতকৰণ, উদাৰীকৰণ আৰু সাম্রাজ্যবাদী গােলকীকৰণৰ বিৰােধিতা কৰা, পৰিবেশ আন্দোলন গঢ়ি তােলা, দুর্নীতি বিৰােধী অভিযান, উত্তৰ-পূর্বাঞ্চলক বিশেষকৈ অসমক আত্মনিৰ্ভৰশীল জৈৱিক ৰাজ্য ৰূপে গঢ়ি তােলা আৰু অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰাৰ উদ্দেশ্যে যােৱা দশকত ৰাজপথৰ আন্দোলনেৰে অসমৰ ৰাজনীতি তােলপাৰ কৰি ৰখা একমাত্র সংগঠনটোৱে হ’ল কৃষক মুক্তি সংগ্রাম সমিতি।
বিশেষকৈ ঔপনিৱেশিক অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৯৮৬ বিলােপ ঘটাই এখন গণতান্ত্রিক জাতীয় প্রগতিশীল ভূমি আইন প্রণয়ন কৰাৰ দাবীৰে প্রতিনিয়ত সংগঠনটোৱে যুঁজি আহিছে। ভূমি পট্টা বিচাৰি এই সংগ্ৰামত ইতিমধ্যে কেইবাজনাে নাগৰিকে ছহিদবৰণ কৰিছে। বৃহৎ নদীবান্ধৰ ক্ষেত্ৰতাে এক আপােচবিহীন সংগ্রামেৰে অসমৰ এই জাতীয় সংগঠনটোৱে ৰাষ্ট্রৰ বুকু কঁপাই দিবলৈ সক্ষম হৈছে। যাৰ বাবে এতিয়ালৈকে বৃহৎ নদীবান্ধ বন্ধ হৈ আছে।
শেহতীয়াকৈ নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক প্রতিবাদৰ জৰিয়তে সংগঠনটোৱে অসমৰ ৰাইজক জাগৰিত কৰিছে। অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামক এক নতুন ৰূপত তুলি ধৰিছে। ২০০৫ চনত অখিল গগৈৰ নেতৃত্বত হােৱা এই আন্দোলনে আজি এক ব্যাপক পৰিসৰ লাভ কৰিলে।
কৃষক মুক্তি সংগ্রাম সমিতিৰ প্রতিষ্ঠা দিৱস উপলক্ষে কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা আৰু ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক মুকুট ডেকা আৰু ধৈর্য কোঁৱৰে সতীর্থসকলক উদ্দেশি কৰি কয় যে— প্রিয় সংগ্রামী বন্ধুসকল, আমাৰ সংগ্ৰামৰ প্রধান লক্ষ্য সকলাে মানুহৰ সমমর্যদা, সমঅধিকাৰ আৰু সমবিকাশেৰে আমি বহুদুৰ আগবাঢ়ি আহিলাে। এই সময়ছােৱাত আমি সংঘাট আৰু সংগ্ৰামৰ মাজেৰে আমাৰ প্রকৃত যি ৰাজনৈতিক মতাদর্শ জনতাৰ মাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই সময়ছােৱাত কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈকে ধৰি বহু নেতা কর্মীক জেললৈ পঠোৱা হৈছে। কেইবাগৰাকীও সতীর্থই পুলিচৰ গুলীত ছহিদীবৰণ কৰি আমাৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখনক অধিক শক্তিশালী কৰি গৈছে। অনেক মানুহ পুলিচী নির্যাতনৰ বলি হৈছে। কিন্তু সংগ্রাম স্তব্ধ হােৱা নাই, পূর্বতকৈ অধিক শক্তিশালীৰূপত এই সংগ্রামে প্রসাৰ লাভ কৰিছে৷
ৰাজ্যখনৰ সম্পদৰ ওপৰত অসমবাসী ৰাইজৰ প্রকৃত অধিকাৰ প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰতাে এই সময়ত আমিয়েই কেৱল সংগ্ৰামৰত সংগঠন। আমাৰ দায়িত্ব সেইবাবে অনেক। মনত ৰাখিব মুক্তিৰ সকলাে দুৱাৰ বন্ধ হৈ যােৱাৰ পাছতাে আমালৈ ৰাইজে গভীৰ আশাৰে বাট চাই আছে। আমি সেই আশা ভংগ কৰিব নােৱাৰাে। এতিয়াৰ পৰা আমাৰ দায়িত্ব আৰু অধিক বাঢ়িলে।
আমি মনত ৰাখিব লাগিব যেতিয়ালৈকে উৎপাদনৰ উপকৰণবােৰৰ ওপৰত সমাজৰ মালিকানা প্রতিষ্ঠানহ’ব; তেতিয়ালৈকে আমাৰ সংগ্রাম অব্যাহত ৰাখিব লাগিব। একেটা বিবৃতিটে বিজেপি চৰকাৰক কঠোৰ সমালােচনা কৰি কয় যে ভাৰতবৰ্ষত এতিয়া সাম্প্রদায়িক ফেচিবাদ চলিছে। হিন্দু-মুছলমানৰ মাজত সাম্প্রদায়িক সংঘাট আনি আমাৰ দেশৰ সম্পদ ক’ৰ্পৰেটৰ হাতত তুলি দিব খােজা হৈছে। দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে এশ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়ােগৰ জৰিয়তে সকলাে ৰাজহুৱা সম্পদ বিদেশী পুঁজিৰ বাবে মুকলি কৰি দিলে।
ইফালে অসমৰ দৰে অনগ্ৰসৰ ৰাজ্যসমূহৰ পূৰ্বৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তনকৰি দিয়া হ’ল। শেহতীয়াকৈ নাগৰিকত্ব সংশােধনী বিধেয়কৰ জৰিয়তে অসমীয়া জাতিক সংখ্যালঘু কৰাৰ ষড়যন্ত্র চলিছে। অথচ সর্বানন্দ সােণােৱালৰ দৰে তথাকথিত জাতীয় নায়ক আজিনিমাত। দিল্লীৰ ওচৰত আঁঠু লােৱা এজন পুতলা মুখ্যমন্ত্রী আমি দিছপুৰত পালাে। এয়া অসমৰ দুর্ভাগ্য।
সংগঠনটোৰ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰূপায়ণ কৰা হয় গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, গােলাঘাট, নগাঁও, কামৰূপ(গ্রাম), গােৱালপাৰা, বৰপেটা, দৰং, নলবাৰী, হাইলাকান্দি, ধুবুৰী, যােৰহাটকে ধৰি বিভিন্ন জিলাত। পুৱা ৯ বজাত ছহিদী তপন, পতাকা উত্তোলনৰ কাৰ্যসূচীৰ আৰম্ভ হােৱা এই কাৰ্যসূচীত কৃষক মুক্তি সংগ্রাম সমিতিৰ লক্ষ্য-উদ্দেশ্যকে ধৰি অসমৰ জাতীয় সমস্যা আৰু মুক্তিৰ পথ সন্দৰ্ভত এক মননশীল আলােচনা হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি