উৎকট গৰমে দহিছে ৰাজ্য ; কোকৰাঝাৰত নিহত আৰক্ষী জোৱান, আহত ১
কোকৰাঝাৰ: উৎকট গৰমে দহিছে ৰাজ্য। দিনক দিনে বাঢ়িছে সূৰ্য্যৰ উত্তাপ। পাৰাস্তম্ভ ৩৭ ডিগ্ৰী কোকৰাঝাৰত। প্ৰচণ্ড গৰম সহিব নোৱাৰি কোকৰাঝাৰত ঘটিল অঘটন। গৰম সহিব নোৱাৰি শুকুৰবাৰে নিৰাপত্তা বাহিনীৰ এজন নিহত আৰু আনজন গুৰুতৰ ভাৱে আহত হবলগীয়া হৈছে। প্ৰাপ্ত খবৰ অনুসৰি তিনি দিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ আৰু ধুবুৰীলৈ ৰাজ্যপাল জগদীশ মুখীৰ ভ্ৰমণৰ শুকুৰবাৰে অন্তিম দিনা কোকৰাঝাৰৰ জিলা উপায়ুক্তৰ সৈতে নিৰাপত্তা দি থকা অৱস্থাতে ৮ বি এন অসম আৰক্ষী জোৱান লান্সনাইট ভদ্ৰ সিং নাৰ্জাৰীয়ে প্ৰচণ্ড গৰম সহিব নোৱাৰাত এই ঘটনা সংঘটিত হয়। হঠাৎ এনে ঘটনাৰ সন্মুখীন হোৱা আৰক্ষী জোৱান ভদ্ৰ সিং নাৰ্জাৰীক কোকৰাঝাৰ আৰ এন বি হষ্পিতালত ভৰ্তি কৰিবলৈ অনা হয় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। মৃত জোৱান গৰাকী বঙাইগাঁওৰ মেচপাৰাৰ বাসিন্দা