Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:00 am

Home » আঞ্চলিক » জালিয়াতিৰে গ্ৰাহকৰ ধন আত্মসাত্‍ কৰি ৰঙাঘৰলৈ বেংকৰ মেনেজাৰ আৰু পিয়ন

জালিয়াতিৰে গ্ৰাহকৰ ধন আত্মসাত্‍ কৰি ৰঙাঘৰলৈ বেংকৰ মেনেজাৰ আৰু পিয়ন

কৰিমগঞ্জ : জালিয়াতিৰে গ্ৰাহকৰ ধন আত্মসাত কৰি অৱশেষলৈ জে’ললৈ গ’ল অসম গ্ৰামীণ বিকাশ বেংকৰ মেনেজাৰ আৰু পিয়ন। ঘটনাটো সংঘটিত হয় কৰিমগঞ্জ লঙ্গাই শাখাত।
অসম গ্ৰামীণ বিকাশ বেংকৰ লঙ্গাই শাখাত যোগেন্দ্ৰ চন্দ্ৰ ঘোষ নামৰ বৃদ্ধজনে ২০০৭ চনত ৬ লাখ টকা ফিক্স ডেপ’জিট কৰিছিল। কিন্তু বিজয়কৃষ্ণ পদ্দাৰ নামৰ পিয়নজনে বৃদ্ধজনৰ সৰলতাৰ সুযোগ লৈ ফিক্স ডিপ’জিটৰ কাগজ-পত্ৰসমূহ পুনৰ নৱীকৰণ কৰিব লাগিব বুলি কৈ মূল কাগজ-পত্ৰসমূহ লৈ বেংকত উপস্থিত হ’বলৈ কয়। পিয়নৰ কথা মতে যোগেন্দ্ৰ চন্দ্ৰ ঘোষে মূল চাৰ্টিফিকেট লৈ বেংকত উপস্থিত হোৱাত তেওঁৰ কাগজ-পত্ৰসমূহ ৰাখি ওলোটাই কেইবাখনো কাগজত চহী কৰাই ৰাখি থয়। কিছুদিন পাছত ঘোষে বেংকত উপস্থিত হৈ কাগজ-পত্ৰসমূহ বিচৰাত ‘‘দি আছোঁ, দি আছোঁ’ বুলি পাঁচ মাহ অতিবাহিত কৰি নিদিয়া হয়। শেষত ১০/১২/২০০৭ তাৰিখে পিয়ন বিজয়কৃষ্ণ পদ্দাৰে কাগজ নিদিয়াত শাখাটোৰ মেনেজাৰক যোগেন্দ্ৰই লিখিত অভিযোগ দিয়ে যদিও শাখাটোৰ মেনেজাৰে কোনো পদক্ষেপ নলৈ ঘূৰাই ফুৰায়।
উপায়হীন হৈ বৃদ্ধজনে ২৮/০৫/২০০৮ তাৰিখে কৰিমগঞ্জ সদৰ থানাত গোচৰ তৰে। কৰিমগঞ্জ সদৰ থানাৰ গোচৰৰ ভিত্তিতে উভয় পক্ষৰ বক্তব্য শুনি আজি কৰিমগঞ্জৰ ন্যা‌‌য়‌িক দণ্ডাধীশে প্ৰায় দহ বছৰৰ পাছত উক্ত গোচৰৰ ৰায়দান কৰে। ৰায়দানত মেনেজাৰক পাঁচ বছৰ আৰু পিয়নজনক চাৰি বছৰৰ কাৰাদণ্ড দিয়ে। উল্লেখযোগ্য যে, মেনেজাৰ বিশ্বৰূপ ভট্টাচাৰ্যই কিছুদিন পূৰ্বে অৱসৰ গ্ৰহণ কৰ‌িছ‌িল। পিয়ন বিজয় কৰ্মৰত অৱস্হাত আছিল। আনহাতে, গুচৰীয়া যোগেন্দ্ৰ চন্দ্ৰ ঘোষৰ ২০০৯ চনতে মৃত্যু হোৱাত তেওঁৰ পুতেক দিলীপ কুমাৰ ঘোষে গোচৰটো চলাই যায়।
আজ‌ি বিয়লি চাৰি বজাত আদালতৰ পৰা বিশ্বৰূপ ভট্টাচাৰ্য আৰু বিজয়কৃষ্ণ পদ্দাৰক জে’ললৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে এইজন পিয়ন বিজয়কৃষ্ণ পদ্দাৰৰ বিৰুদ্ধে আৰু এনে বহু জালিয়াতিৰ অভিযোগ আছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি