গুৱাহাটী : ৰাজ্য কঁপাই যোৱা এ পি এছ চি কেলেংকাৰিৰ তদন্তত যি ১৯গৰাকী বিষয়াক চমন জাৰি কৰা হৈছে তাৰ ভিতৰত চাৰিগৰাকী বিষয়া বৰাক উপত্যকাৰ৷ আজি তেওঁলোকক কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাত হস্তাক্ষৰৰ পৰীক্ষা দিবৰ বাবে উপস্থিত থাকিবলৈ কোৱা হৈছে৷ তেওঁলোক হ’ল কৰিমগঞ্জৰ ই এ চি মুন মজুমদাৰ, সুশোভন দাস আৰু হাইলাকান্দিৰ ধ্রুৱজ্যোতি চক্রৱর্তী আৰু মুস্তফা আহমেদ বৰভূঞা৷ ধ্রুৱজ্যোতিয়ে হাইলাকান্দিত নির্বাচনী বিষয়া হিচাপে কার্যনির্বাহ কৰি আছে৷ অইনপিনে এ চি এছ মুস্তফা আহমেদ বৰভূঞা আলগাপুৰৰ চক্র বিষয়া৷ তেওঁ হাইলাকান্দিৰ বাসিন্দা তথা কংগ্রেছ নেতা ইছাক আলী বৰভূঞাৰ পুত্র৷