Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:32 pm

Home » আঞ্চলিক » এ চিৰ হাৱা খাই কাৰাগাৰত বিলাসী জীৱন কটোৱা দুর্নীতিৰ সম্ৰাট ৰাকেশ পাল হ’লগৈ সংগীত গুৰু

এ চিৰ হাৱা খাই কাৰাগাৰত বিলাসী জীৱন কটোৱা দুর্নীতিৰ সম্ৰাট ৰাকেশ পাল হ’লগৈ সংগীত গুৰু


গুৱাহাটী : পর্বতসম দুর্নীতিৰে অসম লােকসেৱা আয়ােগ (এ পি এছ চি)ক কলংকিত কৰা নিলম্বিত অধ্যক্ষ ৰাকেশ পালে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত কটাইছে বিলাসী জীৱন | এক কথাত ক’বলৈ গ’লে দুর্নীতিৰ সদাগৰজনে কাৰাগাৰৰ চাৰি দেৱালৰ মাজত ‘ভি আই পি বন্দী’ৰ মর্যাদা লাভ কৰিছে। ইয়াৰ মূলতে কাৰাধীক্ষক বিদ্যাধৰশ‍ইকীয়া আৰু জেইলৰ ৰঞ্জিত বুঢ়াগােহাঁইৰ পৃষ্ঠপােষকতা। একমাত্র স্ব-মুনাফা লাভৰ স্বাৰ্থতে দুয়ােজন বিষয়াই স্বয়ং মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ঘােষণা কৰি অহা দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ প্রতি অংগুষ্ঠ প্রদর্শন কৰি পালৰ দৰে কেলেংকাৰিৰ মহানায়কক কাৰাগাৰৰ ভিতৰতাে বিলাসী জীৱন কটোৱাৰ সকলাে সুবিধা কৰি দিছে। গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ ভিতৰচ’ৰাৰ এই অকথিত অধ্যায় সন্দৰ্ভত এক সূত্ৰই প্ৰকাশ কৰা মতে, প্রায় ১৫ দিন পূর্বে কাৰাগাৰটোত সংস্থাপন কৰা হৈছে তিনিটাকৈ শীততাপ নিয়ন্ত্রিত যন্ত্র। ইয়াৰে এটা কাৰাধীক্ষক শইকীয়াৰ কার্যালয়, এটা জেইলৰ বুঢ়াগােহাঁইৰ কার্যালয় আৰু আনটো কাৰাগাৰ চিকিৎসালয়ৰ কাষতে থকা এটা ঘৰৰ বিশেষ কোঠাত সংস্থাপন কৰা হৈছে। এই ঘৰটো কয়দীসকলে বিভিন্ন কাম কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু কাৰাধীক্ষক শইকীয়া আৰু জেইলৰ বুঢ়াগােহাঁইৰ ‘আশীর্বাদ’ত পাল আৰু অনুগত বাহিনীয়ে ইয়াৰে দুটা কোঠা দখল কৰি লৈছে; যত দুর্নীতিৰ বােকাৰে লুতুৰি-পুতুৰি হােৱা পালে খুলিছে এখন সংগীত বিদ্যালয়। এই সংগীত বিদ্যালয়খনৰ স্বয়ম্ভু ‘সংগীত গুৰু’ হ’ল পাল নিজে। কয়দীক গান-বাজনা শিকোৱাৰ নামত পাল বাহিনীয়ে এই কোঠা দুটাতে বিলাসী জীৱন কটোৱাৰ সকলাে ধৰণৰ সা-সুবিধা কৰি লৈছে। সংগীতৰ মজলিছৰ পৰা শীততাপ নিয়ন্ত্রণলৈকে প্ৰায়বােৰ ব্যৱস্থাই তাত কৰি লৈছে পালে। গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত এ পি এছ চিৰ নিলম্বিত অধ্যক্ষজনৰ নিৰ্ধাৰিত স্থান হ’ল ২নং বার্ড। পিছে তাত কেৱল নিশাটোহে কটোৱাৰ বাদে ২৪ ঘণ্টাৰ অধিক সময়েই পাল থাকে সংগীত বিদ্যালয়ত। আনকি বিভিন্নজনক সংগীত বিদ্যালয়ত পালে সাক্ষাৎ কৰাৰাে অভিযােগ আছে। নিয়ম অনুসৰি কয়দীসকলক বিশেষ ব্যৱস্থাৰ মাজত সাক্ষাৎ কৰিব দিয়া হয়। কিন্তু পালৰ ক্ষেত্ৰত অনিয়মকেই নিয়ম কৰিছে কাৰাধীক্ষক শইকীয়া আৰু জেইলৰ বুঢ়াগােহাঁয়ে। কাৰাগাৰৰ ভিতৰত পালৰ এই বিলাসী জীৱনৰ প্ৰধান সহযােগীসকলৰ ভিতৰত এ পি এছ চিৰ নিলম্বিত সদস্য বসন্ত দলে, দুর্নীতিগ্রস্ত বন বিষয়া মহৎ তালুকদাৰ আৰু টকাৰে চাকৰি ক্ৰয় কৰা ৩৩ ৰাজপত্ৰিত বিষয়া অন্যতম বুলি সুত্ৰটোত প্রকাশ। | সাধাৰণতে কয়দী-হাজোতীসকলক কাৰাগাৰত কর্তৃপক্ষৰ তৰফৰ পৰা আহাৰ যােগান ধৰা হয়। পিছে পালৰ ক্ষেত্ৰত এই নিয়মাে ব্যতিক্রম। প্রতি সপ্তাহৰ বুধ বা বৃহস্পতিবাৰে কাৰাগাৰলৈ আহে পালৰ সুস্বাদু আহাৰৰ বজাৰ। সেয়া নিজাববীয়াকৈ ৰন্ধাৰাে ব্যৱস্থা আছে পালৰ। পালৰ এই বিলাসী জীৱনত মূল সহায়কজন হৈছে কয়দী দীপক কলিতা। যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এই বন্দীজনক কাৰাধীক্ষক শইকীয়াই পালৰ সহায়ক হিচাপে নিয়ােগ কৰিছে বুলি অভিযােগত প্রকাশ। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে মহানগৰীৰ লখৰাস্থিত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত মুঠ ৪টা ৱাৰ্ডত ৪৮টা কোঠা আছে; য’ত সুবিধা আছে ৯০০ পুৰুষ আৰু ১০০ মহিলাকে ধৰি মুঠ ১০০০গৰাকী বন্দী থকাৰ। কিন্তু সূত্ৰটোৱে দিয়া তথ্য মতে, বর্তমান কাৰাগাৰখনত ১,২৯৯গৰাকী বন্দী আছে। ইয়াৰে ১,২৩৩গৰাকী পুৰুষ আৰু ৬৬গৰাকী মহিলা কাৰাবন্দী। ইয়াৰ ভিতৰত বনাঞ্চলিক বিষয়া মহৎ তালুকদাৰকে ধৰি মুঠ ৩৫গৰাকী দুর্নীতিগ্রস্ত চৰকাৰী বিষয়া। ইয়াৰ ভিতৰত এ পি এছ চি কেলেংকাৰিত অভিযুক্ত ৰাজপত্ৰিত বিষয়াও আছে। তদুপৰি কিছুদিন আগলৈকে জলসিঞ্চন বিভাগৰ সচিব কুজেন্দ্র দলে, সমাজ কল্যাণ বিভাগৰ দুই প্রাক্তন সঞ্চালক কুমুদ কলিতা, দিলীপ বৰঠাকুৰ, জনসংযােগৰ সঞ্চালক ৰঞ্জিত গগৈ, চোহান দলে, আৰ এইচ খান, এ পি এছ চিৰ ছামেদুৰ ৰহমান আদিৰ দৰে ভি আই পি অপৰাধীৰে ভৰি আছিল কেন্দ্রীয় কাৰাগাৰ। বিভিন্ন দুর্নীতিৰ অভিযােগ গ্রেপ্তাৰ হৈ এইসকল অপৰাধীয়ে গুৱাহাটী কাৰাগাৰত বন্দিত্বৰ জীৱন কটাইছিল। শেহতীয়াকৈ এইসকল অভিযুক্তই জামিনত কাৰাগাৰৰ পৰা মুকলি হৈ আছে। বর্তমান ৩৩গৰাকী ৰাজপত্রিত বিষয়া কাৰাবন্দী হৈ আছে। ইয়াৰ ভিতৰত ৬গৰাকী মহিলা বিষয়া। ১,২৯৯গৰাকী কাৰাবন্দীৰ ভিতৰত ৭জন বাংলাদেশী নাগৰিকো আছে কাৰাগাৰখনত। তদুপৰি ‘নিয়া’ৰ গােচৰত অভিযুক্ত মুঠ ৭০গৰাকী লােক আছে বন্দীৰ তালিকাত। ইয়াৰ ভিতৰত ৬৮গৰাকী পুৰুষ আৰু দুগৰাকী মহিলা। সেইদৰে ডি এইচ ডি (জে) আৰু এন ডি এফ বি (সংবিজিত) গােটৰ কেইবাজনাে দুর্ধর্ষ সদস্য কাৰাৰুদ্ধ হৈ আছে। এইসকলে নির্দিষ্ট নিয়মৰ মাজেৰে কাৰাবাস খাটি থকাৰ বিপৰীতে পাল আৰু দুর্নীতিগ্রস্ত চক্ৰটোক বিলাসী জীৱন কটোৱাৰ সুবিধা কৰি দিয়াৰ অভিযােগ উঠা কাৰাধীক্ষক শইকীয়া আৰু জেইলৰ বুঢ়াগােহাঁইৰ বিৰুদ্ধে উর্ধ্বতন কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি