Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:05 pm

Home » আঞ্চলিক » ৰাজ্যজুৰি “আমছু”ৰ অৱস্থান ধৰ্মঘট

ৰাজ্যজুৰি “আমছু”ৰ অৱস্থান ধৰ্মঘট


বৰপেটা : সম্প্ৰতি পূৰ্ণ গতিত এন আৰ চি ৰ কাম চলি থকাৰ সময়ছোৱাত সংখ্যালঘূ লোকসকলক সীমান্ত আৰক্ষীয়ে ডি – ভোটাৰ সজোৱাৰ চক্ৰান্ত আৰু সন্দেহজনক বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি বন্ধ কৰা দাবীত আজি ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্সসূচী ৰূপায়ন কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ “আমছু” য়ে ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটাৰ আৱৰ্ত ভৱনৰ সন্মুখৰ মিলেনিয়াম পাৰ্কত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বৰপেটা জিলা সমিতি আৰু “আমছু”ৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ উদ্যোগত দিনৰ ১১বজাৰ পৰা ১ বজালৈ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। কাৰ্যসূচীৰ অন্তত দলটোৱে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰৰ জৰিয়তে সন্দেহজনক বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি বন্ধ কৰা দাবী উত্থাপন কৰে ৷ কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি নাজিৰ হুছেইন, সাধাৰণ সম্পাদক নুৰজামান, বৰপেটা জিলা সমিতিৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে নজৰুল ইছলাম, ছফিউৰ ৰহমানৰ লগতে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালালউদ্দিন আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি