Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 7:12 pm

Home » আঞ্চলিক » লোক সভাৰ আগন্তুক নির্বাচনত কেইবাজনো সাংসদে নাপায় প্রার্থিত্ব

লোক সভাৰ আগন্তুক নির্বাচনত কেইবাজনো সাংসদে নাপায় প্রার্থিত্ব


গুৱাহাটী : কেন্দ্র আৰু ৰাজ্য উভয়তে বিজেপি শাসনত থকাৰ সময়ত লোক সভাৰ আগন্তুক নির্বাচনত বর্তমানৰ কোনো কোনো সাংসদে পুনৰ প্রার্থিত্ব পোৱাৰ পৰা বঞ্চিত হ’ব৷ ইতিমধ্যে ইয়াক লৈ শাসক দলটোৰ ভিতৰে-বাহিৰে চৰ্চা আৰম্ভ হৈছে৷
বর্তমানৰ সাংসদসকলৰ জনপ্রিয়তা আৰু কাম কৰাৰ গতি-বিধি সন্দর্ভত দলটোৰ কেন্দ্রীয় কমিটীৰ নির্দেশত কেইবাটাও সংস্থাই বিভিন্ন পর্যায়ত সমীক্ষা চলোৱাৰ পাছত একাংশ সাংসদে প্রার্থিত্ব হেৰুৱাব বুলি প্রায় নিশ্চিত হৈছে৷ সেয়ে, এতিয়া প্রার্থিত্ব হেৰুওৱাৰ শংকাত কোনো কোনো সাংসদে দিনে-নিশাই ব্যস্ত হৈছে নিজ নিজ সমষ্টিত৷ সাংসদ পুঁজিৰ ধন বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানলৈ আগবঢ়াই যিকোনো প্রকাৰে সমষ্টিৰ জনতাৰ মাজত আকৃষ্ট হোৱাৰ চেষ্টা বাহাল ৰাখিছে৷
তাতে আকৌ সমষ্টিৰ একাংশ জনপ্রিয় ব্যক্তিক সাক্ষাৎ কৰি উন্নয়নমূলক কাম-কাজ সন্দর্ভত আলোচনা কৰা আৰম্ভ কৰিছে৷ সাংসদ হৈ প্রথম দুই-তিনিটা বছৰত অধিক সময় দিল্লীতে অতিবাহিত কৰা সাংসদসকলৰ এতিয়া নিজ সমষ্টিক লৈ তৎপৰতা বৃদ্ধি পাইছে যদিও প্রকৃততে সাংসদসকলে আগ্রহেৰে সমষ্টিবাসীৰ হৈ কি কৰিলে, সেই সন্দর্ভত কেন্দ্রীয় নেতৃত্বই ইতিমধ্যে তথ্য লাভ কৰিছে৷ সেয়ে, এতিয়া দুই-তিনিটা সমষ্টিত নতুন নতুন নেতাৰ সন্ধান কৰা বুলি চৰ্চা  চলিছে৷
নতুন নেতাৰ সন্ধান যিমানেই আৰম্ভ হৈছে, সিমানেই তৎ হেৰুৱাইছে বর্তমানৰ সাংসদে৷ উল্লেখযোগ্য বর্তমান শাসক দলটোৰ হাতত আছে ৭টা সমষ্টি৷ এইবাৰ ৭টা সমষ্টিৰ লগতে মিত্রজোঁটক লগত লৈ সমষ্টিৰ সংখ্যা বৃদ্ধি কৰিব বুলি দলটোৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে পূর্বেই ঘোষণা কৰিছিল৷ কিন্তু ভবা ধৰণে সাংসদসকলে সক্রিয়তাৰে কাম নকৰাত এতিয়া কোনো কোনো সমষ্টিত বিকল্প প্রর্থীৰ সন্ধান কৰিবলৈ দিল্লীৰ পৰা নির্দেশনা আহিছে৷
কিন্তু কোন সাংসদে হেৰুৱাব প্রার্থিত্ব? বয়সৰ ফালৰ পৰা গুৱাহাটীৰ সাংসদ বিজয়া চক্রৱর্তী এইবাৰ পুনৰ প্রার্থিত্ব পোৱাৰ আশা ক্ষীণ বুলি আগতীয়াকৈ চর্ চলিছিল৷ কিন্তু বিজয়া চক্রৱর্তীক বাদ দিও প্রার্থিত্ব পোৱাৰ পৰা বাদ পৰিব পাৰে শাসক দলৰ সাংসদ৷ সময়ে সময়ে চৰকাৰ-বিৰোধী মন্তব্য কৰাই নহয়, বিতর্কিত মন্তব্য কৰি নিজ দলতে সমালোচনাৰ সন্মুখীন হৈ আহিছে তেজপুৰৰ সাংসদ ৰাম প্রসাদ শর্মা৷
তাতে আকৌ নির্বাচনলৈ মাজত মাত্র কেইটামান মাহ বাকী থকা অৱস্থাত অসম লোকসেৱা আয়োগৰ দুর্নীতিত সাঙোৰ খাই পৰিছে সাংসদ শর্মাৰ কন্যা পল্লৱী শর্মা৷ এ পি এছ বিষয়া পল্লৱী শর্মাক ১৮ জুলাইত অসম আৰক্ষীৰ বিশেষ শাখাৰ কার্যালয়ত উপস্থিত হ’বলৈ নির্দেশ দিছে ডিব্রুগড় আৰক্ষীয়ে৷ এনে ঘটনাবোৰে সাংসদ শর্মাৰ প্রার্থিত্ব কিমান নিশ্চিত কৰিব, তাক লৈ সন্দেহ ঘনীভূত হৈ পৰিছে৷
সময়ে সময়ে সমালোচনাৰ সন্মুখীন হৈ আহিছে যোৰহাটৰ সাংসদ কামাখ্যা প্রসাদ তাছাও৷ বিতর্কিত মন্তব্য আৰু আচৰণ বাবে সাংসদ তাছাক লৈ দল সন্তুষ্ট বুলি কোৱা টান৷ অন্য সাংসদসকলৰ ভিতৰত নগাঁৱৰ সাংসদ ৰাজেন গোঁহাই কেন্দ্রীয় ৰাজ্যিক মন্ত্রী হ’লেও তেওঁক লৈ কেন্দ্রীয় কমিটী কিমান সন্তুষ্ট এতিয়াই ক’ব পৰা হোৱা নাই৷ কাৰণ ৰাজেন গোঁহাইৰ  আচৰণে নগাঁৱৰ বহু জনতাক অসন্তুষ্ট কৰি তুলিছে৷ সাংসদ গোঁহাইয়ে ৰাজহুৱা সভাত অশালীন মন্তব্য কৰাৰ অভিযোগ আছে৷ অন্য সাংসদসকলৰ ভিতৰত ৰামেশ্বৰ তেলী, ৰমেন ডেকা আৰু প্রদান বৰুৱাৰ ক্ষেত্রত অৱশ্যে বিশেষ চৰ্চা আৰম্ভ হোৱা নাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি