Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:34 am

Home » আঞ্চলিক » লখিমপুৰৰ বিধায়ক উৎপল দত্তৰ বেংক একাউণ্টৰ পৰা ১৪.৫০ লাখ টকা হৰণলুকী হোৱাৰ ঘটনাত এলাহাবাদ বেংকৰ পৰিচালকক আৰক্ষীৰ জেৰা

লখিমপুৰৰ বিধায়ক উৎপল দত্তৰ বেংক একাউণ্টৰ পৰা ১৪.৫০ লাখ টকা হৰণলুকী হোৱাৰ ঘটনাত এলাহাবাদ বেংকৰ পৰিচালকক আৰক্ষীৰ জেৰা


গুৱাহাটী : লখিমপুৰৰ অগপৰ বিধায়ক উৎপল দত্তৰ বেংক একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে ১৪.৫০ লাখ টকা হৰণলুকী কৰাৰ ঘটনাত খোদ বেংকৰ কর্মচাৰী জড়িত থকাৰ সন্দেহ ঘনীভূত হৈছে৷ আনহাতে, আৰক্ষীৰ অপৰাধ শাখাই ঘটনাৰ সংগতি লাভ কৰিছে এলাহাবাদ বেংকৰ সৈতে৷
বিধায়কজনৰ নামত এলাহাবাদ বেংকত ভুৱা একাউণ্ট খুলি তাৰ পৰাও লাখ লাখ টকা ইতিমধ্যে হৰণলুকী কৰে প্রৱঞ্চকৰ দলে৷ আজি তদন্তকাৰী আৰক্ষীয়ে এলাহাবাদ বেংকৰ জি এছ ৰ’ড শাখাৰ পৰিচালকজনক কেইবাঘণ্টা ধৰি জেৰা কৰে৷ প্রণিধানযোগ্য যে বিধায়কজনৰ দিছপুৰ শাখাত থকা একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে ধন আত্মসাৎ কৰা সন্দর্ভত বিধায়কজনৰ পত্নীয়ে দিয়া অভিযোগ প্রত্যাহাৰ কৰিবলৈ খোদ বেংকৰ কর্মচাৰীয়ে ফ’ন কৰি অনুৰোধ কৰাৰ পাছত এতিয়া বেংক কর্মচাৰী এই জালিয়াতিত জড়িত থকাৰ সন্দেহ ঘনীভূত হৈছে৷
বিধায়কজনেই প্রকাশ কৰিছে বেংকৰ কর্মচাৰীয়ে ফ’ন কৰি অভিযোগ প্রত্যাহাৰ কৰিবলৈ জনোৱা অনুৰোধৰ কথা৷ তেওঁৰ সমষ্ট ধন ঘূৰাই দিয়াৰ প্রতিশ্রুতিও দিয়া বুলি সদৰী কৰিছে৷ কিন্তু বিধায়কজনে জালিয়াতিৰ ক্ষেত্রত কোনো নৰম স্থিতি ল’বলৈ অমান্তি হয়৷ এই ঘটনাত বেংক কর্মচাৰী জড়িত থকাৰ সন্দেহ প্রথম দিনাই কৰিছিল বিধায়কজনে৷
ইয়াৰ উপৰি, বেংকত যি চহীৰে বিধায়কজনৰ ম’বাইল নম্বৰ প্রথমে সলনি কৰিবলৈ আৱেদন জনোৱা হৈছিল সেই আৱেদনখন বিধায়কজনক প্রদর্শন কৰাৰ ক্ষেত্রতো বেংক কর্মচাৰীয়ে ইচ্ছা প্রকাশ কৰা নাছিল বুলি অভিযোগ কৰে৷ ইফালে, জি এছ ৰ’ড শাখাৰ এলাহাবাদ বেংকত বিধায়কজনৰ নামত ভুৱা একাউণ্ট খুলিছে প্রৱঞ্চকৰ দলে৷
বিগত ১৩ জুলাইত বিধায়কজনৰ নামত বেংকটোত ভুৱা নথি-পত্র দাখিল কৰি প্রৱঞ্চকে একাউণ্ট খোলাৰ পাছত আজিলৈকে উক্ত একাউণ্টটোৰ জৰিয়তে প্রায় ৫.৪৫ লাখ টকা হৰণলুকী কৰাৰ তথ্যও পোহৰলৈ আহিছে৷ কেইবাটাও কিস্তিত এই ধন উলিয়াই লৈ যায় প্রৱঞ্চকৰ দলটোৱে৷ অপৰাধ শাখাৰ আৰক্ষীৰ জেৰাত শাখা পৰিচালকজনে একাউণ্টটো খোলাৰ সময়ত বিধায়কজনৰ নামত পান কার্ড, ড্রাইভিং লাইচেন্স আদি নথি জমা দিয়া বুলি সদৰী কৰে৷ আৰক্ষীয়ে উক্ত একাউণ্টটো সন্দর্ভত ইতিমধ্যে যাৱতীয় পদক্ষেপ গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷
বিধায়কজনে আজি সদৰী কৰা মতে, তেওঁৰ একাউণ্টৰ পৰা ২৪ জুনত ধন হৰণলুকী আৰম্ভ হয় আৰু সেই প্রক্রিয়া ১৩ জুলাইলৈ অব্যাহত থাকে৷ এই এটা পষেকতে তেওঁৰ ১৪.৫০ লাখ টকা প্রৱঞ্চকে একাউণ্টৰ পৰা উলিয়াই নিয়ে৷ প্রৱঞ্চকে এদিনত পাঁচবাৰলৈকে ধন উলিওৱাৰ তথ্যও পোহৰলৈ আহিছে৷ উল্লেখযোগ্য যে বেংক কর্তৃপক্ষলৈ বিগত ১৮ মে’ত বিধায়কজনৰ বেংক একাউণ্টটোৰ সৈতে সংলগ্ন ম’বাইল নম্বৰ সলনি কৰিবলৈ আৱেদন জনোৱা হৈছিল৷
বেংকে এই নম্বৰ সলনি কৰি দিয়াৰ পাছতে ১৯ মে’ত ইণ্টাৰনেট বেংকিং আৰু এছ বি আইৰ ম’বাইল এপৰ সৈতে সংযোগ হয় বিধায়কজনৰ একাউণ্ট৷ তাৰ পাছতে ২৪ মে’ৰ পৰা তেওঁৰ একাউণ্টৰ পৰা ধনৰ হৰণলুকীৰ প্রক্রিয়া আৰম্ভ হয়৷ এই প্রৱঞ্চনাৰ তথ্য বিধায়কজনৰ পত্নীয়ে ১৩ জুলাইতহে গম পায়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি