Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 12:39 pm

Home » আঞ্চলিক » ডেংকাবস্তিত যুদ্ধসদৃশ পৰিস্থিতি

ডেংকাবস্তিত যুদ্ধসদৃশ পৰিস্থিতি


লখিমপুৰ : অসম-অৰুণাচল সীমান্তৱর্তী কাছজুলি খণ্ড বন বিষয়া কার্যালয়ৰ অন্তর্গত ডেংকাবস্তিত আজি লখিমপুৰ জিলা প্রশাসন, বন বিভাগৰ বাধা সত্ত্বেও অৰুণাচল চৰকাৰে মুখ্যমন্ত্রী আদর্শ গ্রাম যোজনা (মডেল ভিলেজ) আঁচনিৰ আধাৰশিলা স্থাপন কৰা ঘটনাক লৈ সীমান্তৱর্তী অঞ্চলটোত তীব্র উত্তেজনাৰ সৃষ্টি হৈছে৷
আজি অসম চৰকাৰৰ লখিমপুৰ জিলাৰ উপায়ুক্ত, জিলা বন বিষয়া বছনন্থন বি, হাৰমতী আঞ্চলিক বন বিষয়াসহ এটা বন বিভাগৰ দল, আৰক্ষী-প্রশাসনৰ প্রবল বাধাৰ মাজতে অৰুণাচল চৰকাৰে অসমৰ ভূমিত এনেদৰে আধাৰশিলা স্থাপন কৰাৰ পাছতে বিষয়টোক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
উল্লেখযোগ্য যে কালি লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন বিষয়া প্রাঞ্জল কাকতী, কাছজুলি খণ্ড বন বিষয়া ৰাতুল মহন্তৰ নেতৃত্বত এটা বন বিভাগৰ দলে অৰুণাচলীৰ পৰিকল্পনাৰ উমান পাই অঞ্চলটোত অনুসন্ধান কৰিবলৈ যাওঁতে অৰুণাচলীয়ে দলটোক অস্ত্র-শস্ত্রৰে ঘেৰি ধৰি অপদস্থ কৰাৰ লগতে ম’বাইল ফ’নৰ ফটো বলপূর্বকভাৱে ডিলিট কৰিবলৈ বাধ্য কৰোৱাৰ দৰে ঘটনাৰ পাছত আজি লখিমপুৰ জিলাৰ উপায়ুক্ত ডাঃ জীৱন বি, জিলা বন প্রাধিকাৰী বিষয়া বছনন্থন বিয়ে লালুক থানাৰ আৰক্ষী বিষয়া, বগলী খণ্ড বন বিষয়া যুগল শর্মা, বিহপুৰীয়া খণ্ড বন বিষয়া গোপী চেত্রী, ৰামপুৰ খণ্ড বন বিষয়া বনমালী নৰহসহ এটা বন বিভাগৰ বৃহৎ দলে অৰুণাচলীৰ বেদখল তথা অবৈধ নির্মাণৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ যায় যদিও অৰুণাচলীৰ আধাৰশিলা ৰোধৰ প্রক্রিয়াক ৰোধ কৰিবলৈ সক্ষম নহ’ল৷
জানিব পৰা মতে, প্রথম অৱস্থাত অসমৰ লখিমপুৰ জিলা প্রশাসন তথা বন বিভাগে অঞ্চলটোলৈ অৰুণাচল প্রদেশৰ মন্ত্রী, পাপুমপাৰে জিলাৰ উপায়ুক্তক যোৱাৰ ক্ষেত্রত বাধা দিয়ে যদিও পৰৱর্তী সময়ত অসমৰ প্রশাসন, বন বিভাগৰ উপস্থিতিতে অতি কৌশলপূর্ণভাৱে অৰুণাচল প্রদেশৰ পৰিৱেশ আৰু বন ভূমি প্রবন্ধন বিভাগৰ মন্ত্রী নাবাম ৰেবিয়াই আধাৰশিলা স্থাপন কৰে৷
উল্লেখযোগ্য যে অসমৰ লখিমপুৰ জিলা প্রশাসনে অৰুণাচল প্রশাসনৰ সৈতে বগলী ডেংকাবস্তিতে অবৈধ দখলৰ প্রসংগত আলোচনাত মিলিত হোৱাৰ সময়তে অৰুণাচলৰ মন্ত্রীয়ে আধাৰশিলা স্থাপন কৰে৷ অথচ অসমৰ প্রশাসন আৰু বন বিভাগৰ দলটোৱে সেই কথা ঘুণাক্ষৰেও জানিব পৰা নাছিল৷ পৰৱর্তী সময়ত যেতিয়া অৰুণাচলৰ মন্ত্রী, পাপুমপাৰে জিলাৰ উপায়ুক্ত তথা ৰাইজ অঞ্চলটোৰ পৰা আঁতৰি যায় তেতিয়াহে অৰুণাচল চৰকাৰৰ উদ্যোগত বেদখলকৃত অঞ্চলত আধাৰশিলা স্থাপনৰ কথা জানিব পাৰে আৰু আধাৰশিলা ভাঙি পেলাবৰ বাবে লখিমপুৰ জিলা প্রশাসন তৎপৰ হয়৷
কিন্তু পৰিৱেশ-পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি লখিমপুৰ জিলা প্রশাসনে আজি আধাৰশিলা ভঙাৰ পদক্ষেপ নল’লে৷ সম্প্রতি অৰুণাচলীৰ এনে কার্যক লৈ লখিমপুৰৰ সীমান্তৱর্তী এলেকাত তীব্র উত্তেজনামূলক পৰিৱেশৰ সৃষ্টি হৈছে৷ বিশেষকৈ হাতে হাতে যাঠি-জোং, দা, অস্ত্র-শস্ত্র লৈ এক যুদ্ধংদেহী ৰূপত অসমভূমিত চলোৱা অবৈধ বেদখলক লৈ ৰাইজ আতংকিত হৈছে৷ স্থানীয় ৰাইজে এইক্ষেত্রত তাৎক্ষণিক ব্যৱস্থা গ্রহণৰ দাবী জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি