Weather Data Source: wetter Bangalore 14 tage

July 4, 2025 12:58 am

Home » আঞ্চলিক » ডিব্রুগড় জিলাৰ ডি এছ পি কবিতা দাসৰ্ ওপৰত চকু অসম লোকসেৱা আয়োগৰ তদন্তকাৰী আৰক্ষীৰ

ডিব্রুগড় জিলাৰ ডি এছ পি কবিতা দাসৰ্ ওপৰত চকু অসম লোকসেৱা আয়োগৰ তদন্তকাৰী আৰক্ষীৰ


গুৱাহাটী : ৰাকেশ পালৰ কার্যকালত অসম লোকসেৱা আয়োগৰ জৰিয়তে বক্র পথেৰে ৰাজপত্রিত চাকৰি ক্রয় কৰা আৰু কেইবাজনো নতুন বিষয়া তদন্তৰ আওতাত সোমাব৷ দুমাহ পূর্বে এগৰাকী এ পি এছ বিষয়াক আৰক্ষীয়ে তদন্তৰ আওতালৈ অনাৰ তথ্য পোৱা গৈছে৷ কালি ১৯জন বিষয়াক হস্তাক্ষৰ সংগ্রহ আৰু জেৰাৰ বাবে আৰক্ষীয়ে চমন জাৰি কৰাৰ পাছতো নতুনকৈ আৰুকেইবাজনো বিষয়া তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে৷
আৰক্ষীয়ে এই বিষয়াকেইজনৰ প্রামাণিক তথ্য প্রমাণ ফৰেনছিক বিজ্ঞানাগাৰৰ পৰা লাভ কৰাৰ পাছতে তেওঁলোককো জেৰাৰ বাবে চমন জাৰি কৰিবলৈ তদন্তকাৰী আৰক্ষী সাজু হৈছে৷ ইফালে, নতুন ১৯ বিষয়াৰ পূর্বেই আন এগৰাকী এ পি এছ বিষয়াক অতি সংগোপনে আৰক্ষীয়ে তদন্তৰ আওতালৈ অনাৰ তথ্য পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি ৰাকেশ পাল বাহিনীৰ পৰা বক্র পথেৰে এ পি এছ চাকৰি সংগ্রহ কৰাৰ বাবে যি বক্র পথ গ্রহণ কৰিছিল সেই সন্দর্ভত তদন্তকাৰী আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছত প্রায় দুমাহ পূর্বে ডিব্রুগড় জিলাত কর্মৰত ডি এছ পি কবিতা দাসক তলব কৰে গুৱাহাটীলৈ৷
ডিব্রুগড় সদৰত ডি এছ পি হিচাপে নিয়োজিত হৈ থকা কবিতা দাসে অসম আৰক্ষীৰ বিশেষ শাখাত অতি সংগোপনে হস্তাক্ষৰৰ নমুনা প্রদান কৰি যায়৷ তেওঁক কিছু জেৰা কৰা বুলিও জানিব পৰা গৈছে৷ তাৰ পাছতো কর্তব্যত নিয়োজিত হৈ থকা ডি এছ পি কবিতা দাসে গ্রেপ্তাৰৰ পৰা হাত সৰাৰ বাবে শেহতীয়াকৈ ৰাজসাক্ষী হোৱাৰ বাবে আৱেদন কৰা বুলি জানিব পৰা গৈছে৷ তেওঁ ৰাজসাক্ষী হৈ গ্রেপ্তাৰৰ পৰা হাত সাৰিলেও এই গোচৰৰ প্রথমগৰাকী ৰাজসাক্ষী এ চি এছ বিষয়া অভিষিকা বৰুৱাৰ দৰে চাকৰি হেৰুওৱাটো একপ্রকাৰ নিশ্চিত হৈছে৷ লক্ষণীয় যে কবিতা দাসৰ স্বামী দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ চাকৰিয়াল৷
সেই সূত্রে তেওঁ ডিব্রুগড় সদৰত নিযুক্ত যদিও অধিকাংশ সময় দুলীয়াজনৰ পৰাই অহা-যোৱা কৰে৷ প্রাপ্ত তথ্য অনুসৰি কবিতা দাসে বৃহৎ ধন দিয়াৰ বাবে ৰাকেশ পাল বাহিনীয়ে তেওঁক চাকৰি দিবৰ বাবে উত্তৰবহীত ব্যাপক খেলিমেলি কৰিছিল৷ ফৰেনছিক পৰীক্ষাত তেওঁৰ উত্তৰবহীত একাধিক লোকৰ হস্তাক্ষৰ থকাৰ প্রমাণ পোৱাৰ পাছতে তেওঁক জৰুৰীভাৱে গুৱাহাটীলৈ তলব কৰি হস্তাক্ষৰৰ নমুনা সংগ্রহ কৰে তদন্তকাৰী বিষয়াই৷
ইফালে, তেওঁৰ উপৰি আৰু কেইবাজনো নতুন বিষয়াৰ বিৰুদ্ধে বক্র পথেৰে চাকৰি সংগ্রহ কৰাৰ প্রাথমিক তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ তেওঁলোকৰ উত্তৰবহীৰ ফৰেনছিক বিজ্ঞানাগাৰৰ প্রতিবেদন অহাৰ পাছতে আৰক্ষীয়ে তেওঁলোককো তদন্তৰ আওতালৈ আনিব বুলি জানিব পৰা গৈছে৷ নতুন বিষয়াকেইজনৰ ভিতৰত একাধিক ৰাজনীতিকৰ সন্তান বা আত্মীয় থকাৰ তথ্যও পোৱা গৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি