Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:30 pm

Home » Uncategorized » বেংকত ধন লুট কৰিবলৈ আহি আৰক্ষীৰ জালত দুই প্রবঞ্চক

বেংকত ধন লুট কৰিবলৈ আহি আৰক্ষীৰ জালত দুই প্রবঞ্চক


দুলীয়াজান : ভাৰতীয় ষ্টেট বেংকৰ দুলীয়াজান শাখাত কৌশলেৰে গ্রাহকৰ পৰা ধন লুট কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে দুটা প্রবঞ্চক৷ ঘটনা সন্দর্ভত জানিব পৰামতে ডিব্রুগড়ৰ পল্টন বজাৰৰ মিঠু ৰায়(২৮) আৰু পল্টন বজাৰত ভাৰাতীয়া হিচাপে থকা বিহাৰৰ সুৰজ সাহানী (২৫) নামৰ যুৱক দুজনে দীর্ঘ দিনৰ পৰা দুলীয়াজানৰ বিভিন্ন বেংকত গ্ৰাহকক প্ৰবঞ্চনা কৰ‌ি আহ‌িছে। তেওঁলোকে ওপৰত এখন পাঁচশ টকাৰ ন’ট দি খালী কাগজেৰে বান্দিল বনাই ৰুমালেৰে মেৰিয়াই আনে। ভিৰৰ মাজত সোমাই গ্রাহকক বিভিন্ন অজুহাত প্রদর্শন কৰি নিজৰ হাতত পঞ্চাশ হাজাৰ, এক লাখ টকা অনা বুলি কৈ গ্রাহকৰ একাউণ্টতে জমা ৰাখিবলৈ অনুৰোধ জনায়৷ গ্রাহকজন প্রবঞ্চকৰ কথাত মান্তি হ’লেই ৰুমালৰে মেৰিয়াই ৰখা নকল ধনৰ টোপোলাটো গ্রাহকলৈ আগবঢ়াই গ্রাহকৰ হাতত থকা কম পৰিমাণৰ ধন লৈ পলায়ন কৰে৷
আজিও দিনৰ প্রায় ১১মান বজাত প্রবঞ্চক দুটাই দুৰ্ভাগ্য ক্রমে পূর্বতে প্রবঞ্চনা কৰা এজন গ্রাহককে ধনখিনি তেওঁৰ একাউণ্টত জমা ৰাখিবলৈ অনুৰোধ কৰে৷ লগে লগে গ্রাহকজনে প্রবঞ্চক দুটাক চিনাক্ত কৰি ওচৰত থকা ৰাইজ আৰু আৰক্ষীৰ সহযোগত আটক কৰে৷ ধৃত প্রবঞ্চক দুটাই ডিব্রুগড় জিলাৰ উপৰি দিল্লী, মুম্বাই আদি বিভিন্ন ঠাইত এনেদৰে প্ৰবঞ্চনা কৰি অহা বুলিও আৰক্ষীৰ জেৰাত স্বীকাৰুক্তি দিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি