বৰপেটা : থানাৰ অন্তৰ্গত কলহঁভাঙ্গা পাইপ লাইনৰ ছালিমা দেৱী নামৰ এগৰাকী ৩৫বছৰীয়া মহিলা প্ৰলোভনকাৰীৰ দ্বাৰা বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ কথা পোহৰলৈ আহিছে। বিদ্যা শংকৰ নামৰ এজন লোকৰ লগত আনুষ্ঠানিক ভাৱে বিবাহ সম্পন্ন হোৱাৰে পৰাই বৰপেটাৰোড নামঘৰৰ কাষত থাকিবলৈ লৈছিল মহিলা গৰাকী।কিন্তু ১৬ বছৰ ধৰি বৰপেটাৰোড ৩ নং ৱাৰ্ডত থকা কিষাণ মৌড়ৰ পুত্ৰ অজয় মৌড়ে সঘনাই ঘৰত অহা-যোৱা কৰি ছালিমা দেৱীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই নানা ধৰণৰ প্ৰেম -প্ৰণয় আৰু ছলনাময়ী কথাৰে নিজ স্বামীৰ পৰা পৰিকল্পিতভাৱে আঁতৰত ৰাখি বিগত ১৬ বছৰ ধৰি পতী-পত্নীৰ দৰে থাকি তাইৰ লগত যৌন সম্পৰ্ক স্থাপনেৰে কামনাৰ বলি হোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী মহিলা গৰাকীয়ে। এজাহাৰৰ ভিত্তিত জানিব পৰা মতে সঞ্জয় মৌড়, ললিত মৌড়, মন্দীপ মৌড় আৰু কৃষ্ণ মৌড় নামৰ ব্যক্তি সকলৰ সহযোগত ভুক্তভোগী মহিলা গৰাকীক বিয়া কৰাই পূৰ্বৰ স্বামী বিদ্যা শঙ্কৰৰ মাটি-সম্পত্তি বিক্ৰী কৰি পোৱা ৪৭, ২০, ৬০০ টকা তাইৰ পৰা চলাহী কথাৰে আদায় কৰি আত্মসাৎ কৰাৰো অভিযোগ কৰে।ইতিমধ্যে ছলিমা দেৱী অজয় মৌড়ৰ কামনাৰ বলি হৈ বৰ্তমান পাঁচ মাহৰ গৰ্ভৱৰ্তী থকাৰ কথা পোহৰলৈ অহাৰ পাছতেই তাইক উক্ত ভ্ৰূণ হত্যাৰ তীব্ৰ হেঁচা আৰু ভাবুকি প্ৰদান কৰি মানসিকভাৱে হাৰাশাস্তি কৰাৰ কথাও এজাহাৰত উল্লেখ থকাৰ ওপৰিও জড়িত থকা সকলে পৰিকল্পিতভাৱে তাইক বিভিন্ন ভাবুকিৰে ব্লেক মেইলিং কৰা আনকি ৬ জুলাই তাৰিখে নিশা প্ৰায় ৯-৩০ বজাত আটাই কেইজন অভিযুক্তই দুই সন্তান সহ তাইক কোঠাত বন্দী কৰি উপৰ্যুপৰি মাৰ-পিট কৰে। উপায়হীন হৈ বৰপেটা ৰোড আৰক্ষী থানাত 344/18 w/s 120(B)/417/406/498(A)506 IPC নংত গোচৰ ৰুজো কৰে।এই সমস্ত ঘটনাৰ সৱিশেষ জনাই আচামী কেইজনৰ ওপৰত আইনগত ব্যৱস্থা লোৱাৰ বাবে আৰক্ষী বিষয়াক অনুৰোধ জনায়৷