Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:06 pm

Home » আঞ্চলিক » অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে যুগান্তকাৰী পদক্ষেপ ৰাষ্ট্ৰপতিৰ : আইপিচিৰ ৩০২ ধাৰাৰ অধীনত দোষীয়ে ওলমিব লাগিব ফঁচিকাঠত

অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে যুগান্তকাৰী পদক্ষেপ ৰাষ্ট্ৰপতিৰ : আইপিচিৰ ৩০২ ধাৰাৰ অধীনত দোষীয়ে ওলমিব লাগিব ফঁচিকাঠত


বেব ডেস্ক : দীর্ঘ চিন্তা চর্চা-প্রতীক্ষাৰ অন্তত ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ মােহৰ লাগিল সভ্য সমাজক কলংকৰ দাগ সনা ডাইনী হত্যাৰ দৰে ঘটনা প্রতিৰােধকল্পে প্রস্তুত কৰা আইনী প্রক্রিয়াত। অসম বিধানসভাত প্রায় তিনি বছৰ পূৰ্বে গৃহীত ‘অসম ডাইনী হত্যাবিৰােধী (নিষেধাজ্ঞা, প্ৰতিৰােধ আৰু সুৰক্ষা)বিধেয়ক-২০১৫ (দ্য আছাম উইটছ হান্টিং প্র’হেবিছন, ইভেনচন এণ্ড প্রটেকচন এক্ট ২০১৫)’ শীর্ষক বিধেয়কখনত শেহতীয়াকৈ ৰাষ্ট্রপতি কোৱিন্দে অনুমােদন জনাইছে। ইয়াৰ লগে লগে ডাইনী হত্যা প্রতিৰােধী বিধেয়কখন আইনত পৰিণত হ’ল। অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে নিশ্চিতভাৱে এয়া ৰাষ্ট্রপতি কোৱিন্দৰ যুগান্তকাৰী পদক্ষেপ ৰূপে চিহ্নিত হৈছে। উল্লেখ্য যে আধুনিক তথ্য-প্রযুক্তিৰ যুগতাে অন্ধবিশ্বাস-কুসংস্কাৰে এতিয়াও ছানি ৰাখিছে অসমীয়া সমাজ ব্যৱস্থাক। পৰিণতিত গােৱালপাৰা, নগাঁও, কাৰ্বি আংলং, লখিমপুৰ, শােণিতপুৰ, ডিমা হাছাও, ওদালগুৰি, দৰং, কামৰূপকে কৰি কেইবাখনাে জিলাত বিগত সময়ছােৱাত বহু লােকে ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰাৰ লগতে একাংশ লােকক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলােৱাৰ ঘটনা সংঘটিত হৈ আহিছে। এনে নাৰকীয় ঘটনাক আইনী প্রক্রিয়াৰে প্ৰতিৰােধ কৰাৰ বাবে ‘আছাম উইটছ হান্টিং প্রহেবিছন, ইভেনচন এণ্ড প্রটেকচন বিল’খন ২০১৫ চনৰ ১৩ আগষ্টত অসম বিধানসভাত গৃহীত হােৱাৰ পাছত ইয়াক ৰাষ্ট্ৰপতিৰ অনুমােদনৰ বাবে প্ৰেৰণ কৰা হৈছিল। যােৱা তিনিটা বছৰ বিধেয়কখন বিভিন্ন দিশত পৰীক্ষাৰ অন্তত যােৱা ১৩ জুনত ৰাষ্টপতি ৰামনাথ কোৱিন্দে আনুষ্ঠানিকভাৱে অনুমােদন জনায়। আনহাতে, ৰাষ্ট্রপতি কোৱিন্দৰ অনুমােদনৰ পাছতে যােৱা ২৯ জুনত ৰাজ্য চৰকাৰে এলজিআই ৭৩/২০১৪-২৩৫ নম্বৰ এক্ট ৰাজপত্ৰিত অধিসূচনা জাৰি কৰে৷ ৰাষ্ট্রপতি কোৱিন্দৰ অনুমােদন লাভৰ পাছতে ইয়াক কার্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হৈ পৰিব। কিয়নাে ‘দ্য আছাম উইটছ হান্টিং প্রহেবিছন, ইভেনচন এণ্ড প্রটেকচন এক্ট ২০১৫’ত যথেষ্ট কঠোৰ শাস্তি সন্নিৱিষ্ট কৰা হৈছে। আনকি এই আইনৰ জৰিয়তে কোনাে লােকে যদি ডাইনী সন্দেহত আন এজন লােকক অত্যাচাৰ বা হত্যা কৰে, তেন্তে সেই লােকজনক ভাৰতীয়। দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰাৰাে ব্যৱস্থা কৰা হৈছে। দোষী সাব্যস্ত হােৱা লােকজনে চুড়ান্ত শাস্তি হিচাপে ফাঁচিকাঠত ওলমিবলগীয়া হ’ব পাৰে। একেদৰে ডাইনী বুলি কোনাে লােকক সম্বােধন কৰিলে অথবা অপবাদ দিলে সেই লােকৰ বিৰুদ্ধেও ৭ বছৰ জে’ল আৰু ৫ লাখ টকালৈ জৰিমনা বিহাৰ ব্যৱস্থা আছে। তদুপৰি ডাইনী বুলি অপবাদ দিয়াৰ ফলত যদি কোনাে লােকে আত্মহত্যা কৰে, তেন্তে অপবাদ দিয়াজনৰ বিৰুদ্ধেও ৭ বছৰৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড আৰু ১ লাখ পৰা ৫ লাখ টকা জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। আইনখনৰ জৰিয়তে ডাইনী বুলি সন্দেহ কৰি কোনাে লােকক আক্রমণ কৰিলে, তেওঁৰ সা-সম্পত্তিৰ অনিষ্ট সাধন কৰা লােকৰ বিৰুদ্ধে ৫ৰ পৰা ১০ বছৰলৈ কাৰাদণ্ড আৰু ১০ হাজাৰৰ পৰা ৫০ হাজাৰ টকালৈ জৰিমনাৰ দিহা কৰা হৈছে। আইনখনত উল্লেখ কৰা শাস্তি অনুসৰি ডাইনী সজাই কোনাে লােকক লক্ষ্য কৰি শিল দলিওৱা, ৰাজহুৱাভাৱে মাৰধৰ কৰা, মূৰৰ চুলি কাটি দিয়া, শৰীৰৰ বিভিন্ন অংশত আঘাত হনা আদি কার্য সংঘটিত কৰাসকলৰ বিৰুদ্ধে ৫ৰ পৰা ১০ বছৰ কাৰাদণ্ড আৰু ৫০ হাজাৰৰ পৰা ১ লাখ টকা জৰিমনা দিয়াৰ ব্যৱস্থা ৰখা হৈছে। আইনখনৰ সবাতােকৈ উল্লেখযােগ্য দিশটো হ’ল যে এজন লােকক ডাইনী সজাই এটা জাতি, এটা সম্প্রদায় অথবা এখন গাঁৱে যদি মাৰধৰ কৰে অথবা হত্যা কৰে, তেনেহ’লে সেই জাতি অথবা সম্প্রদায়ৰ প্ৰতিজন লােকক এই আইনৰ জৰিয়তে দোষী সাব্যস্ত কৰা হ’ব আৰু প্ৰতিগৰাকী লােকক ৫ হাজাৰৰ পৰা ৩০ হাজাৰ টকা জৰিমনা বিহা হ’ৰ। আনহাতে, দোষী সাব্যস্ত হােৱা লােকসকলে জৰিমনাৰ বাবদ আদায় দিব লগা ধন ভুক্তভােগী তথা ডাইনীৰ সন্দেহত অত্যাচাৰৰ সন্মুখীন হােৱা লােকজনক প্ৰদান কৰাৰাে স্পষ্ট নির্দেশনা দিয়া হৈছে আইনখনৰ জৰিয়তে। এই আইনৰ জৰিয়তে ৰাজ্য চৰকাৰক ডাইনী সন্দেহত শাৰীৰিক তথা মানসিক অত্যাচাৰৰ সন্মুখীন হােৱা লােকসকলৰ বাবে পুনৰ সংস্থাপনৰ ব্যৱস্থাৰাে নির্দেশনা দিয়া হৈছে। তদুপৰি এই লােকসকলক বিনামুলীয়া চিকিৎসা সেৱা প্রদানৰাে নির্দেশ দিয়া হৈছে। সমান্তৰালভাৱে ভুক্তভােগী লােকজনক আইনী সাহায্য প্রদানৰাে নির্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰে প্রদান কৰিবলগীয়া পুনৰ সংস্থাপন তথা সাহায্য ভুক্তভােগী অথবা তেওঁৰ সন্তানক প্রদানৰাে নির্দেশ দিয়া হৈছে আইনখনৰ জৰিয়তে। আইনখনৰ জৰিয়তে অভিযুক্তৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া চলাই যােৱাৰ বাবে বিশেষ আদালত স্থাপনৰাে নির্দেশনা দিয়া হৈছে। মন কৰিবলগীয়া যে আইনখনৰ জৰিয়তে ডাইনী হত্যাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লােৱা হৈছে। সেয়েহে এই আইনখনৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে জামিনবিহীন গােচৰ পঞ্জীভুক্ত কৰাৰাে স্পষ্ট নির্দেশনা দিয়া হৈছে। ইফালে, আজি আইনখনক লৈ যথেষ্ট আনন্দ প্রকাশ কৰিলে ডাইনী হত্যাৰ বিৰুদ্ধে এক দীঘলীয়া সময় সংগ্রাম কৰি অহা বিৰুবালা ৰাভাই। অন্ধবিশ্বাসৰ ফলত অত্যাচাৰ অথবা হত্যাকাণ্ডৰ সন্মুখীন হােৱা লােকসকলক এই আইনৰ জৰিয়তে ৰক্ষা কৰিব পৰা যাব বুলি আজি মন্তব্য কৰে বিৰুবালা ৰাভাই। এই সন্দৰ্ভত সংগ্রামী মহিলাগৰাকীয়ে কয় যে আইনখনৰ জৰিয়তে অন্ধবিশ্বাসৰ বলি হােৱা লােকসকলে উচিত ন্যায় পাবলৈ সক্ষম হ’ব। তদুপৰি অন্ধবিশ্বাস অনুকৰণ কৰি অহা লােকসকলে এতিয়াৰে পৰা সজাগ হ’ব। বিৰুবালা ৰাভাই ইয়াকো স্পষ্ট কৰে যে আইনৰ জৰিয়তে ৰাজ্যৰ পিছপৰা অঞ্চলৰ লােকসকলক সজাগ অথবা এই কাৰ্যৰ পৰা আঁতৰাই ৰাখিব নােৱাৰি। ইয়াৰ বাবে সজাগতা অভিযান চলাই যােৱাৰ প্ৰয়ােজন আছে। ইফালে, ডাইনী হত্যাৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে অসম আৰক্ষীৰ পৰা বিশেষ পদক্ষেপ লােৱা আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই ৰাষ্ট্রপতি কোৱিন্দে প্রয়ােজনীয়। অনুমােদন জনাই বিধেয়কখন আইনৰ ৰূপ দিয়া সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰে এইদৰে— আইনখন কার্যকৰী হ’লে এনে অন্ধবিশ্বাসত জড়িত কাৰ্যৰ পৰা লােকসকল আঁতৰি থাকিব। অৱশ্যে আইনখন কার্যকৰী কৰিবলৈ যােৱাৰ পূর্বে সাধাৰণ লােকৰ মাজৰ পৰা ডাইনী সম্পর্কীয় অন্ধবিশ্বাসৰ ভাব আঁতৰাব লাগিব। 
কোকৰাঝাৰ জিলাৰ ডিআইজি হিচাপে কৰ্মৰত অৱস্থাত থকা সময়তে অর্থাৎ ২০০১ চনতে কুল শইকীয়াৰ নেতৃত্বতে ডাইনী হত্যাৰ বিৰুদ্ধে চলিছিল প্রজেক্ট প্ৰহৰী নামৰ এক অভিযান। ইয়াৰ জৰিয়তে ডাইনীৰ নামত চলি থকা অন্ধবিশ্বাস আঁতৰােৱাৰ বাবে গাঁৱে গাঁৱে আৰক্ষীয়ে সজাগতা অভিযান চলাইছিল। “প্রজেক্ট প্ৰহৰী’ৰ জৰিয়তে একাংশ স্বেচ্ছাসেৱী অনুষ্ঠানকো সাৰথি কৰি লৈ অসম আৰক্ষীয়ে ১০০খন জনজাতীয় গাঁৱত ডাইনী হত্যাৰ বিৰুদ্ধে ৰাইজক সচেতন কৰাৰ চেষ্টা চলাইছিল। ডাইনী হত্যা প্রতিৰােধী আইনত ৰাষ্ট্ৰপতিৰ অনুমােদনক লৈ আজি সন্তুষ্টি প্রকাশ কৰিলে এনে অন্ধবিশ্বাসৰ বিৰুদ্ধে সংগ্রাম চলাই যােৱা দিব্যজ্যোতি শইকীয়ায়াে। সংবাদ প্রতিষ্ঠানক এই সন্দৰ্ভত জানিবলৈ দি শইকীয়াই কয় যে প্রতিখন ৰাজ্যতে পৃথকে পৃথকে ডাইনী প্রতিৰােধী আইন আছে যদিও অসমৰ ডাইনী প্রতিৰােধী আইনখন যথেষ্ট কঠোৰ। আইনৰ ব্যৱস্থা নথকাৰ ফলত বহু জনজাতীয় গাঁৱত ডাইনী সন্দেহত একোগৰাকী মহিলাই শাৰীৰিক তথা মানসিক আতিশয্যৰ সন্মুখীন হােৱাৰ সময়ত অসহায় হৈ আছিল আৰক্ষী। আনকি এনে লােকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লােৱাৰ ক্ষেত্ৰতাে যথেষ্ট সমস্যা আছিল। এই আইনখনে আৰক্ষীৰ হাত শক্তিশালী কৰাৰ লগতে সংৰক্ষণশীল সমাজৰ প্ৰতিও এক বার্তা প্ৰেৰণ কৰিব। উল্লেখ্য যে ডাইনী হত্যা প্রতিৰােধী আইনত দোষী সাব্যস্ত হােৱা লােকৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰােৱানা জাৰি কৰিব পাৰিব আৰক্ষীয়ে। মন কৰিবলগীয়া যে ২০১৩ চনতে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল হৈছিল। অধিবক্তা ৰাজীৱ কলিতাই দাখিল কৰা আবেদনখনত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে অসমৰ ১৭খন জিলাত ২০০২ চনলৈকে মুঠ ১৩০গৰাকী। লােকক ডাইনী সন্দেহত হত্যা কৰা হৈছিল। এই ভয়ংকৰ তথ্যক লৈ বিগত সময়ছােৱাত একাধিক চর্চা চলাৰ লগতে ৰাজ্য। চৰকাৰক ডাইনী হত্যাৰ বিৰুদ্ধে কঠোৰ আইন অনাৰ বাবে বিভিন্ন পক্ষৰ পৰা দাবী উত্থাপন কৰা হৈছিল।

ৰাষ্ট্ৰপতিৰ অনুমােদনক মুখ্যমন্ত্ৰীৰ আদৰণি
ডাইনী হত্যাবিৰােধী বিধেয়কখন দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ দ্বাৰা অনুমােদন জনােৱা কাৰ্যক মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আদৰণি জনাইছে। দেশৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা ‘অসম ডাইনী হত্যাবিৰােধী (নিষেধাজ্ঞা, প্ৰতিৰােধ আৰু সুৰক্ষা) বিধেয়ক২০১৫’খন অনুমােদন জনােৱা কাৰ্যই ৰাজ্যখনত সময়ে সময়ে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বশৱৰ্তী হৈ ডাইনী হত্যাৰ দৰে সংঘটিত অসামাজিক কাম-কাজ ৰােধ কৰাৰ ক্ষেত্ৰত বিশেষ সহায়ক হ’ব বুলি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে বর্তমান ৰাজ্য চৰকাৰখনে শাসনভাৰ লােৱাৰ পিছৰে পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে বিশেষ পদক্ষেপ লৈ আহিছে। এই বিলখন মহামান্য ৰাষ্টপতিয়ে অনুমােদন জনােৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্রপতিক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে এই বিলম্বিত বিলখন গৃহীত কৰাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা প্রয়াস চলাই আহিছিল। ২১ শতিকাৰ বিজ্ঞানসন্মত বাতাৱৰণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কোনাে স্থান নাই বুলি উল্লেখ কৰি ৰাজ্যখনত সময়ে সময়ে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ফলত সংঘটিত দুর্ঘটনাসমূহ ৰােধ কৰাৰ দিশত উপযুক্ত জনসচেতনতা সৃষ্টি কৰাৰ দিশটো ৰাজ্য চৰকাৰে অবিৰতভাৱে প্রচেষ্টা চলাই আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে শেহতীয়াকৈ ৰাজ্য চৰকাৰে সংস্কাৰ- মানুহে মানুহৰ বাবে’ শীর্ষক এক কাৰ্যসূচী আৰম্ভ কৰাৰ বাবেও পদক্ষেপ গ্রহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অসম বিজ্ঞান প্রযুক্তি শিক্ষা পৰিষদ (এছটেক)ক নডেল এজেঞ্চী হিচাপে লৈ এই কাৰ্যসূচী ৰাজ্যখনৰ প্ৰতিটো উন্নয়ন খণ্ডতে ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সকলাে সচেতন নাগৰিককে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টিৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহলৈ অকুণ্ঠ সমর্থন আগবঢ়োৱাৰ বাবেও আহ্বান জনায়।
দ্য প্লেন্টেচনছ লেবাৰ বিলত অনুমােদন ৰাষ্ট্রপতি ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে ‘দ্য আছাম উইটছ হান্টিং প্রহেবিছন, ইভেনচন এণ্ড প্রটেকচন বিল’ত অনুমােদন জনােৱাৰ লগতে অসম বিধানসভা ত গৃহীত ‘দ্য প্লেন্টেচনছ লেবাৰ (আছাম এমেণ্ডমেন্ট) বিল-২০১৭’তাে অনুমােদন জনাইছে। আনহাতে, বিধানসভাৰ দ্বাৰা প্রেৰিত পেমেন্ট অৱ বােনাছ (আছাম এমেণ্ডমেন্ট) বিল-২০১৭ৰ অনুমােদনৰ পৰিৱর্তে ওভতাই পঠিয়াইছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি