তিতাবৰ : তিতাবৰ মহকুমা অন্তৰ্গত বৰহোলাৰ ইকৰণি গাঁৱৰ দুই যুৱক ক্ৰমে ব্যাসদেৱ শইকীয়া আৰু অসীম ৰাজবংশীয়ে বতা চৰাই পোহ-পালনেৰে স্বাৱলম্বী হৈ সমাজৰ আদৰ্শ হৈ পৰিছে৷
যিটো সময়ত অসমত ব্যাপক হাৰত শিক্ষিত নিবনুৱাৰ সমস্যাই ভয়াবহ ৰূপ লৈছে ঠিক সেইটো সময়তে চৰকাৰী চাকৰিৰ পিছে পিছে হাবাথুৰি খাই নুফুৰি নিজে স্বাৱলম্বী হৈ তিতাবৰ বৰহোলাৰ এই দুজন যুৱকে বতা চৰাইৰ পোহ-পালনৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে স্থানীয় বহু যুৱকক কৰ্মসংস্থাপন দি অহা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতিত অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰশিক্ষণ লৈ বতা চৰাইৰ কণীৰ পৰা পোৱালি উৎপাদন কৰি লখিমপুৰ,তেজপুৰ,ডিব্ৰুগড়,গোলাঘাটকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে বতা চৰাইৰ কণী,পোৱালি আদি যোগান ধৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে দৈনিক বতা চৰাইৰ কণী এটাকৈ আৰু প্ৰতি সপ্তাহে এটাকৈ বতা চৰাই মাংস সেৱন কৰিলে মধুমেহ,হৃদৰোগ,কৰ্কট আৰু মগজুৰ বিকাশকে আদি কৰি ২২ টাতকৈ অধিক ৰোগৰ প্ৰতিষেধক এই বতা চৰাইৰ মাংস আৰু কণী বুলিও তেওঁলোকে জানিবলৈ দিয়ে।