Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:47 am

Home » আঞ্চলিক » মুখ্যমন্ত্ৰীৰ নতুন প্ৰতিশ্ৰুতিঃ বান ক্ষতিগ্রস্তক সংস্থাপন দিয়া হ’ব

মুখ্যমন্ত্ৰীৰ নতুন প্ৰতিশ্ৰুতিঃ বান ক্ষতিগ্রস্তক সংস্থাপন দিয়া হ’ব


লখিমপুৰঃ নাঁওবৈচাৰ বান পৰিস্থিতি বুধবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ সৈতে পৰিদর্শন কৰে৷ মুখ্যমন্ত্রীয়ে সন্ধিয়া ৭-১০ বজাত নাওবৈচাৰ দলহাটত উপস্থিত হৈ দলহাট-ফুলবাৰী সংযোগী গড়কাপ্টানী পথৰ ছিগা অংশ পৰিদর্শন কৰাৰ পাছত নাওবৈচাৰ বালিটিকা হাইমাদ্রাছা, দলহাট প্রাথমিক বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰত বন্যার্তৰ অৱস্থাৰ বুজ লয়৷
বান পৰিস্থিতিৰ সম্পর্কত  দলহাটত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎ-কালত মুখ্যমন্ত্রীয়ে বানত ক্ষতিগ্রস্ত, গৃহহীন পৰিয়ালক নিশ্চিতভাৱে সংস্থাপনৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে৷ তেওঁ সাংবাদিকৰ প্রশ্নৰ উত্তৰত কয় যে আমাৰ প্রাথমিক দায়িত্ব আছে বানে বিচিছন্ন কৰা পথৰ অংশ মেৰামতি কৰি ৰাইজক সকাহ দিয়া৷
ইয়াৰ সমান্তৰালকৈ বানত উচেছদ হোৱা পৰিয়াল, মাটি-ভেটি হেৰুওৱা লোকসকলক সংস্থাপিত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে৷ ৰাইজৰ পক্ষত চৰকাৰ আছে আৰু ৰাইজৰ হৈ কাম কৰিব বুলি মন্তব্য কৰি আগন্তুক সময়ত এনেবোৰ বিষয়ত আগতীয়াকৈ ব্যৱস্থা ল’ব৷ শিঙৰা নদীত হোৱা বেদখলৰ ক্ষেত্রতো মুখ্যমন্ত্রীয়ে ব্যৱস্থা ল’ব বুলি মন্তব্য কৰে৷
উল্লেখযোগ্য যে শিঙৰা নদীয়ে যোৱা ২৮ জুনত পথ বিচিছন্ন কৰাৰ পাছৰে পৰা শিঙৰা নদীক ভেটাৰ বাবে প্রশাসনে জলসম্পদ বিভাগৰ সহযোগত যুদ্ধংদেহী তৎপৰতাৰে কাম অব্যাহত ৰাখিছে যদিও কালি প্রশাসনৰ কফাৰ বান্ধ ভাঙি পুনৰ শিঙৰা নদী ধাৰাসাৰে পথৰ বিচিছন্ন অংশৰে ব’বলৈ আৰম্ভ কৰে৷
 প্রশাসনে জলসম্পদ বিভাগৰ সহযোগিতাৰে পুনৰ বিচিছন্ন কফাৰ বান্ধ নির্মাণৰ তৎপৰতা চলাইছে যদিও সফল হোৱা নাই৷ উল্লেখযোগ্য যে  মুখ্যমন্ত্রী গহপুৰৰ বান পৰিস্থিতি পৰিদর্শনৰ অন্তত সন্ধ্যা লখিমপুৰৰ নাওবৈচাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি লখিমপুৰৰ আৱর্ত ভৱনত নিশাটো কটায়৷ বৃহস্পতিবাৰে মুখ্যমন্ত্রীয়ে নীপ৲কো আৰু এন এইচ পি চিৰ সৈতে আলোচনাত মিলিত হ’ব৷ পৰৱর্তী সময়ত তেওঁ জিলা প্রশাসনৰ বিষয়াবর্গৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে বিভিন্ন সন্থা-সংগঠনক সাক্ষাৎ কৰিব৷
মুখ্যমন্ত্রীৰ লখিমপুৰ ভ্রমণৰ প্রাক৲ ক্ষণত সদৌ অসম জলসম্পদ বিভাগৰ ঠিকাদাৰ সন্থাৰ প্রতিক্রিয়া: দীর্ঘদিন ধৰি বান ব্যৱস্থাপনা সূচীৰ ধন মুকলি নকৰাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ: সময়মতে মথাউৰি নির্মাণৰ কাম সম্পূর্ণ নোহোৱা বর্তমান শিঙৰা আৰু চক্রং নদীৰ ভয়াৱহ বান সমস্যাৰ মূল কাৰণসমূহ আৰু দীর্ঘদিন ধৰি বান ব্যৱস্থাপনা সূচীৰ পুঁজি মুকলি নকৰাৰ সন্দর্ভত  লখিমপুৰত সদৌ অসম জলসম্পদ বিভাগৰ ঠিকাদাৰ সন্থাই তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷
বিশেষকৈ  অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে লখিমপুৰৰ বান পৰিস্থিতি পর্যবেক্ষণৰ বাবে অহাৰ প্রাক৲ মুহূর্তত নর্থ লখিমপুৰ প্রেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সদৌ অসম জলসম্পদ বিভাগৰ ঠিকাদাৰ সন্থাই অসমৰ বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰখনে লোৱা ভূমিকাৰ বাবেই ৰাইজ ভয়াৱহ পৰিস্থিতিৰ কবলত পৰা বুলি মন্তব্য কৰি ঠিকাদাৰ সন্থাৰ কেন্দ্রীয় সমিতিৰ সভাপতি মুহি বৰগোঁহায়ে অভিযোগ কৰি কয় যে অসমৰ বান সমস্যা সমাধানৰ বাবে কেন্দ্র-ৰাজ্য চৰকাৰে সময়মতে পঁুজি মুকলি কৰি নিদিয়াৰ বাবেই লখিমপুৰত ৰঙানদীৰ ৩৬২ কোটি টকীয়া প্রকল্প আজিও সম্পূর্ণ হোৱা নাই৷
এই ক্ষেত্রত ৰাজ্য চৰকাৰে বাজেটত পর্যাপ্ত পৰিমাণৰ পঁুজি অন্তর্ভুক্ত নকৰাৰ বাবেই যোৱা ৩১ মার্চতে কেন্দ্রীয় চৰকাৰে মুকলি কৰি দিয়া ৰঙানদীৰ ১২৬.৩০ কোটি টকা আৰু দ্রোপাং নদীৰ ৩.৭০ কোটিসহ মুঠ ১৩০ কোটি টকা অসম চৰকাৰে আজিও মুকলি কৰি দিয়া নাই৷ লক্ষণীয়ভাৱে ৰাজ্যখনত বান ব্যৱস্থাপনা সূচী এফ এম পি আঁচনিৰ বাবত কেন্দ্রৰ পৰা প্রায় ১১০০ কোটি টকা অনাদায়ৰ বিপৰীতে যোৱা বর্ষৰ ৰাজ্যিক বাজেটত মাত্র ৪৫ কোটি টকা ধার্য কৰা কার্যই ৰাজ্যবাসীক চিন্তিত কৰি তোলা বুলি মন্তব্য কৰি ইয়াৰ কু-ফল প্রত্যক্ষভাৱে লখিমপুৰবাসীয়ে ভোগ কৰা বুলি উল্লেখ কৰে৷
আনহাতে, ৰাজ্যিক আৰু কেন্দ্রীয় পঁুজিৰ অংশ সময়মতে মুকলি নকৰাৰ কু-ফল ভোগ ৰাজ্যবাসীয়ে কৰা বুলি মন্তব্য কৰে৷ একেদৰে ৰাজ্য চৰকাৰ তথা জলসম্পদ বিভাগে সময়োচিতভাৱে বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণৰ অভাৱত লখিমপুৰ জিলাত শিঙৰা আৰু গহপুৰৰ চক্রং আদি সৰু উপনৈ সমূহেও ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ বেদখলে নদীৰ গতি বন্ধ কৰি দিয়াৰ ফলত যোৱা কেইবা বছৰ ধৰি শিঙৰা নদীৰ সমস্যা বৃদ্ধি হৈছে৷
সন্থাৰ কেন্দ্রীয় সমিতিৰ যুটীয়া সম্পাদক বিজয় বৰুৱা, জিলা সমিতিৰ সভাপতি অনিল শইকীয়া, সম্পাদক কৃষ্ণ শইকীয়া, সাগৰ দাস আদিয়ে অংশগ্রহণ কৰা সংবাদমেলখনত যোৱা ৩১ মার্চত মুকলি হোৱা ৰঙানদীৰ ১২৬.৩০ কোটি টকা, দ্রোপাং নদীৰ ৩.৭০ কোটি টকা অনতিপলমে মুকলিৰ ব্যৱস্থা কৰাৰ দাবী জনোৱাৰ লগতে শিঙৰাক বেদখলমুক্ত কৰা, চক্রং নদীৰ পাৰ দখলমুক্ত কৰি বিজ্ঞানসন্মত আঁচনি গ্রহণ কৰা, চলিত বাৰিষাত বিধবস্ত মথাউৰিসমূহ অনুমোদনৰ চৰম সীমা নির্ধাৰণ কৰি নৱেম্বৰ মাহৰ পৰাই কাম আৰম্ভ কৰাৰ দাবী জনাই মুখ্যমন্ত্রীলৈ স্মাৰক-পত্র প্রেৰণ কৰে৷
য’তেই সমস্যা হৈছে, সমাধানৰ বাবে ৰাজ্য চৰকাৰ প্রস্তুত: মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল : বিহালীৰ নিজা বাতৰি দিওঁতা: প্রত্যেক মানৱ জীৱনলৈকে অনেক সময়ত বিভিন্ন সমস্যা আহি পৰাটো স্বাভাৱিক৷ তাক সমাধান কৰাটো আমাৰ প্রত্যেকজনৰে কর্তব্য৷ বিশ্বনাথ জিলাৰ বিহালী আৰু ছয়দুৱাৰৰ সমীপৱর্তী পাহাৰীয়া খৰস্রোতা বুৰৈ নদীৰ খহনীয়া প্রত্যক্ষ কৰি এইদৰে ক’লে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷
মুখ্যমন্ত্রীয়ে খহনীয়াগ্রস্ত ৰাইজৰ মর্মবেদনা অতি আন্তৰিকতাৰে হূদয়ংগম কৰা বুলি উল্লেখ কৰি কয় যে, মই আপোনালোকক কথা দিলোঁ অনতি বিলম্বে এই সমস্যাৰ সমাধান কৰা হ’ব৷ ইয়াৰ বাবে যাৱতীয় পুঁজি ৰাজ্য চৰকাৰে বহন কৰিবলৈ সাজু
৷ তেওঁ আৰু কয় যে য’তে সমস্যা হৈছে, তাতে সমাধানৰ ব্যৱস্থাও কৰা হৈছে৷ স্থানীয় মন্ত্রী, বিধায়ক, বিভাগীয় মন্ত্রী থকাৰ পাছতো মই নিজে আহি সঁচা ছবি প্রত্যক্ষ কৰিছোঁ, কিয়নো জাতি আৰু মাটিক সুৰক্ষা দিয়াটো মোৰ কর্তব্য৷ বছৰ বছৰ ধৰি বুৰৈ নদীৰ খহনীয়াত জাহ গ’ল অগণন কৃষকৰ কৃষি ভূমি, বহুজনে হেৰুৱালে নিজৰ সপোনৰ মৰমৰ ঘৰ৷ বহু আৱেদন-নিৱেদন কৰিলে ক্ষতিগ্রস্ত ৰাইজে, কিন্তু কোনো সুফল নাপালে৷
 আকস্মিকভাৱে মুখ্যমন্ত্রীৰ উপস্থিতিত উৎফুল্লিত হৈ পৰিল নদীপৰীয়া ৰাইজ আৰু জিলাবাসী৷ অতি কম সময় লৈ অহা মুখ্যমন্ত্রীক বিশ্বনাথ জিলা গোর্থা সমিতিয়ে আদৰণি জনায়৷ নদীৰ পাৰত স-ভক্তিৰে নাম-কীর্তন কৰি থকা হনুমান মন্দিৰত প্রণিপাত জনাই বজৰংবলীৰ আশিস, নির্মালিও গ্রহণ কৰে মুখ্যমন্ত্রীয়ে৷ মুখ্যমন্ত্রীৰ পৰিদর্শন কালত তেওঁক সংগ দিয়ে কেবিনেট মন্ত্রী ৰঞ্জিত দত্ত, কেবিনেট মন্ত্রী কেশৱ মহন্ত, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰ, বান নিয়ন্ত্রণ বিভাগৰ মুৰববী বিষয়াসকলে৷ বুৰৈ নদীৰ খহনীয়া পৰিদর্শনৰ পাছত গহপুৰ আৰু লখিমপুৰলৈ ৰাওনা হয় মুখ্যমন্ত্রী৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি