Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:32 am

Home » আঞ্চলিক » ৩০ ঘণ্টা পাৰ নৌহওঁতেই ৰেলৰ দবাত মহিলাৰ অর্ধ উলংগ মৃতদেহ উদ্ধাৰ

৩০ ঘণ্টা পাৰ নৌহওঁতেই ৰেলৰ দবাত মহিলাৰ অর্ধ উলংগ মৃতদেহ উদ্ধাৰ

মৰিয়নিঃ ৩০ ঘণ্টাৰ পাৰ নৌহওঁতেই চলন্ত ৰে’লৰ দবাত তৃতীয়টো মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই বুধবাৰে মৰিয়নিত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মৰিয়নি ৰে’লৱে ষ্টেছনত বুধবাৰে  দিনৰ ২-১৫ বজাত ডিব্রুগড়-লালগড় অবধ আছাম এক্সপ্রেছৰ এটা দবাৰ শৌচাগাৰত উদ্ধাৰ হয় এগৰাকী মহিলাৰ অর্ধউলংগ মৃতদেহ৷ ঘটনাৰ বিৱৰণী মতে,  দিনৰ ১-৫৫ বজাত মৰিয়নি ৰে’ল ষ্টেছনৰ এক নম্বৰ প্লেটফর্মত প্রৱেশ কৰে ডিব্রুগড়ৰ পৰা অহা লালগড় অভিমুখী ১৫৯১০ নং নামনিমুৱা অবধ আছাম এক্সপ্রেছ৷
নির্ধাৰিত সময়তকৈ প্রায় দহ মিনিট পলমকৈ ৰে’লখন মৰিয়নি ষ্টেছনত প্রৱেশ কৰিছিল৷ ইঞ্জিনৰ এটা দবাৰ পিছতে থকা বিশেষ ভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত এটা দবাৰ ভিতৰত শৌচাগাৰত এটা মৃতদেহ উদ্ধাৰ হোৱা বুলি সেই সময়তে প্রচাৰ হয়৷ জানিব পৰা মতে, কোনো যাত্রী দবাটোত উঠিবলৈ গৈ মৃতদেহটো দেখা পাই লগে লগে ৰে’লখনৰ চালকক খবৰ দিয়ে৷ চালকে ঘটনাৰ সম্পর্কে ষ্টেছন প্রবন্ধকক অৱগত কৰাৰ পিছত ষ্টেছন প্রৱন্ধকে ৰে’লৱে আৰক্ষীক খবৰ দিয়ে৷ উল্লেখযোগ্য বিশেষভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত ০৩৭০৭ নম্বৰ দবাটোত মহিলাৰ অর্ধউলংগ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনা বিয়পি পৰাৰ মুহূর্ততে হৈ চৈ লাগে৷
ইফালে লালগড় অভিমুখী ৰে’লখনো যাত্রীসহ বহুসময় মৰিয়নিতে আবদ্ধ হৈ পৰে৷ অৱশেষত, ৰে’ল কর্তৃপক্ষই ৰে’লখনৰ পৰা দবাটো কাটি নি মৰিয়নি ষ্টেছনৰ পাঁচ নং লাইনত আৰক্ষীৰ পহৰাৰ মাজত ৰখাই থয়৷ লক্ষণীয় যে মৃতদেহটোৰ নিম্নাংশ অনাবৃত হৈ আছিল৷ ডিঙিত ৰঙা ৰঙৰ এখন গামোচাৰে মেৰিয়াই হত্যা কৰা যেন অনুমান কৰা হৈছে আৰু সেই গামোচাখন মৃতদেহটোৰ ডিঙিত মেৰিয়াই থোৱাৰ লগতে এটা মূৰ, শৌচাগাৰৰ এডাল পাইপত বান্ধি থোৱা অৱস্থাত আছিল৷ আনহাতে, মহিলাগৰাকীৰ চেণ্ডেলযোৰ দবাটোৰ ছীটৰ ওপৰত পৰি আছিল৷ সেই দিশলৈ চালে মহিলাগৰাকীক ছীটৰ কাষতে হত্যা কৰি শৌচাগাৰলৈ চোঁচৰাই নিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷
ইফালে, ৰঙা ৰঙৰ শাৰী পিন্ধা মহিলাগৰাকীৰ নাকৰ পৰা তেজ ওলাই আছিল৷ হত্যাৰ বলি হোৱা মহিলাগৰাকী স্বাস্থ্যৱান হোৱালৈ চাই আৰক্ষীয়ে এই ঘটনাত এজনতকৈ অধিক লোক জড়িত হৈ থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ ঘটনাস্থলীত যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰ, তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া লোনা সোণোৱাল, মৰিয়নিৰ আৰক্ষী চক্র পৰিদর্শক ৰাজেন বৰা, ভাৰপ্রাপ্ত আৰক্ষী বিষয়া উৎপল দত্ত, ৰে’লৱে আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া বীৰেন কলিতাসহ আৰক্ষী উপস্থিত হৈ প্রাথমিক তদন্ত আৰম্ভ কৰিছে৷
মৰিয়নিৰ ৰে’লৱে জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ প্রণৱ কুমাৰ চৌধুৰী ঘটনাস্থলীত গৈ পৰীক্ষাৰ অন্তত মৃত বুলি ঘোষণা কৰে৷ মৰিয়নিৰ ৰাজহ চক্র বিষয়া দণ্ডাধীশ মিৰজানা হুছেইনৰ উপস্থিতিত মৃতদেহৰ লগতে মৃত মহিলাগৰাকীৰ বুলি সন্দেহ কৰা বেগ আদি আৰক্ষীয়ে তালাচী চলায়৷ ইফালে, মহিলা গৰাকীৰ হাতৰ খাৰু আৰু বেগত থকা টকা আদিৰ লগতে অন্যান্য সামগ্রী অক্ষত অৱস্থাত থকালৈ চাই হত্যাকাৰীৰ উদ্দেশ্য লুটপাত নহয় বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷
আনহাতে, একে আষাৰে এয়া ধর্ষণৰ ঘটনা বুলিও আৰক্ষী আৰু চিকিৎসা বিষয়াই ক’ব খোজা নাই৷ মহিলাক উলংগ কৰি হত্যা কৰি পৈশাচিক আনন্দ পোৱা কোনো মানসিক বিকাৰগ্রস্ত লোকৰ কাম হোৱাৰ আশংকাও একে আষাৰে নুই কৰিব নোৱাৰি৷ ‘ছিৰিয়েল কিলাৰ’ৰ কবলত পৰি দুদিনত দুগৰাকীকৈ মহিলা হত্যাকাণ্ডৰ বলি হ’বলগীয়া হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ, মৃত মহিলাগৰাকী ডিব্রুগড়ৰ লালিমা দেৱী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷ ডিব্রুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেছনত উঠা মহিলাগৰাকীৰ বয়স আনুমানিক ৪৮-৫০ বছৰ বুলি ধাৰণা কৰা হৈছে৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাণীপুৰ ৰে’ল ষ্টেছনত পুতেকে মহিলাগৰাকীক বিহাৰলৈ বুলি উঠাই দিছিল৷ খোজ কাঢ়োঁতে সামান্য অসুবিধা পোৱাৰ বাবে মহিলাগৰাকীক বিশেষভাৱে সক্ষমলোকৰ বাবে সংৰক্ষিত দবাত উঠোৱা বুলিও আৰক্ষীৰ সূত্রত প্রকাশ৷ মহিলাগৰাকী উঠাৰ সময়ত দবাটোত কোনো লোক নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ পুৱা ৯-৪৫ বজাত ডিব্রুগড় এৰা ৰে’লখন শিমলুগুৰি ষ্টেছনৰ পিছত মৰিয়নিত ৰয়হি৷ আনহাতে, কালি শিৱসাগৰ-শিমলুগুৰিত সংঘটিত ৰাধা কুমাৰী নামৰ মেধাৱী ছাত্রীগৰাকীৰ হত্যাকাণ্ডৰ ঘটনাও অনুৰূপ ধৰণে সংঘটিত হোৱালৈ চাই দুয়োটা ঘটনাত একেই হত্যাকাৰী জড়িত হৈ থকাৰ আশংকাও কৰা হৈছে৷
আৰক্ষীয়ে ইতিমধ্যে ফিংগাৰ প্রিণ্ট বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাই অনুসন্ধান আৰম্ভ কৰিছে৷ ৰে’ল যাত্রীৰ সুৰক্ষাৰ দিশটোৰ প্রতি সম্পূর্ণ ভেঙুচালি কৰি দুদিনত দুটাকৈ ঘটনা সংঘটিত হোৱাটোৱে ৰে’লৰ নিৰাপত্তাৰ ফোপোলা দিশটো উদঙাই দিলে৷ অসমৰ পৰা গৈ ৰাজ্যিক ৰে’লমন্ত্রীৰ দায়িত্ব লোৱা ৰাজেন গোহঁায়ে এই ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি