Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:26 am

Home » আঞ্চলিক » প্ৰতিবাদকো নেওচি পুনৰ আৰম্ভ হব ৰহাৰ টোলগে’ট

প্ৰতিবাদকো নেওচি পুনৰ আৰম্ভ হব ৰহাৰ টোলগে’ট


ৰহাঃ এফালেদি স্থানীয় প্রশাসনৰ ঘোষণা, আনফালে স্থানীয় দল-সংগঠনৰ তীব্র প্রতিবাদ৷ এই তীব্র প্রতিবাদকো নেওচি বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ ফ’ৰলেনৰ ওপৰত স্থাপন কৰা টোল গে’টৰ প্রথম ‘ৰোড টেক্স’ সংগ্রহ৷ উল্লেখযোগ্য যে ২০১৫ চনৰ ১৫ এপ্রিলত প্রথমবাৰৰ বাবে ৰহাৰ ৰণথলীত টোল গে’টত সংগ্রহ কৰিছিল টোল টেক্স৷ কিন্তু স্থানীয় বিভিন্ন দল, সংগঠনৰ তীব্র প্রতিবাদত দুদিনতে বন্ধ কৰিব লগা হ’ল টোল গে’ট৷
কিন্তু শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ নির্দেশত পুনৰ খুলিব বিচৰা টোল গে’টক লৈ যুযুধান ৰূপত অৱতীর্ণ হৈছে জিলা প্রশাসন আৰু স্থানীয় ১২টাকৈ দল, সংগঠন৷  ৰহা প্রশাসনে ১২ জুলাইৰ পৰা ৰহাৰ ৰণথলী টোল গে’ট মুকলি কৰিব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পাছত  ৰহাৰ ১২টাকৈ দল, সংগঠনে তীব্র প্রতিবাদ সাব্যস্ত কৰি টোল গে’ট বন্ধৰ দাবী জনাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ স্মাৰক-পত্র প্রেৰণ কৰে৷
জানিব পৰা মতে ১২ জুলাইৰ পৰা ৰহা টোল গে’ট পুনৰ মুকলি কৰিব বুলি জানিব পাৰি ৰহাৰ তথা নগাঁৱৰ মুঠ ১২টাকৈ অৰাজনৈতিক সংগঠনে টোল গে’ট বন্ধৰ দাবীৰে  টোল গে’টত আয়োজন কৰিছিল এক ধর্ণা কার্যসূচী৷ কিন্তু ধর্ণা কার্যসূচীৰ বিষয়ে জানিব পাৰি  পুৱাৰে পৰা নগাঁও আৰক্ষী প্রশাসনে ৰহা টোল গে’টত গঢ়ি তোলে ব্যাপক নিৰাপত্তা বেষ্টনী৷ পাছত দুপৰীয়া শতাধিক স্থানীয় দল, সংগঠনৰ সদস্যই হাতে হাতে প্লেকার্ড, ফেষ্টুন লৈ ৰহা খাইগড়ৰ পৰা টোল গে’টলৈ প্রতিবাদী সমদল কৰে৷ প্রতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ তত্ত্বাৱধানত অসমত নির্মাণ হৈ থকা ফ’ৰলেনযুক্ত পথৰ কাম বর্তমানেও আধৰুৱা হৈ থকাৰ লগতে ৰহাৰ আশে-পাশে আৰু বহু সমস্যা থকাৰ পাছতো ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে সম্পূর্ণ কৰিব নোৱাৰিলে৷
যেতিয়ালৈকে এনে সমস্যাসমূহ সমাধান নহ’ব, তেতিয়ালৈকে টোল গে’টত পথ কৰ সংগ্রহ কৰিব নোৱাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীলৈ স্মাৰক-পত্র প্রেৰণ কৰে৷ কিন্তু নগাঁও জিলা প্রশাসনৰ তৰফৰ পৰা দুজন অতিৰিক্ত উপাযুক্ত লাচিত দাস আৰু জয়ন্ত কুমাৰ বৰাই স্মাৰক-পত্র গ্রহণ কৰাত প্রতিবাদকাৰীসকলে পথৰ সমস্যা সমাধান নোহোৱা পর্যন্ত ১২ তাৰিখৰ পৰা নির্ধাৰণ কৰা টোল গে’টৰ কৰ সংগ্রহ বন্ধ কৰাটো প্রতিশ্রুতি বিচাৰে যদিও দুয়োজন প্রশাসনিক বিষয়াই উক্ত প্রতিশ্রুতি দিবলৈ অপাৰগ হয়৷ পাছত প্রতিবাদকাৰী দল, সংগঠনৰ তীব্র হেঁচাত জিলাৰ উপায়ুক্তই সন্ধিয়া প্রতিবাদকাৰীসকলৰ প্রতিনিধিৰে এক বৈঠকত মিলিত হ’ব বুলি জনায়৷
প্রাপ্ত তথ্য মতে ২০১৫ চনত ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে নির্ধাৰণ কৰা মাচুলৰ পৰিৱর্তে চলিত বর্ষৰ পৰা সর্বনিম্ন ১০ৰ পৰা ৬০ টকা পর্যন্ত বৃদ্ধি কৰিছে পথ কৰ৷ ঘাইপথ প্রাধিকৰণৰ তালিকা মতে সৰু যান-বাহনে প্রতিবাৰত ১০০ টকা আৰু মাহেকত ৩২৮০ টকা, লঘু যান-বাহন প্রতিবাৰত ১৬০ টকা আৰু প্রতিমাহত ৫৩০০ টকা৷ ট্রাক, বাছে প্রতিবাৰত ৩৩৫ টকা, প্রতিমাহত ১১০০০ টকা, থ্রী এক্সেলযুক্ত বাণিজ্যিক বাহনে প্রতিবাৰত ৩৬৫ টকা, প্রতিমাহত ১২১১০ টকা, ফ’ৰ এক্সেলযুক্ত বাণিজ্যিক বাহনে প্রতিবাৰত ৫২০ টকা, প্রতিমাহত ১৭৪১০ টকা আৰু গুৰু বাণিজ্যিক বাহনে প্রতিবাৰত ৬৩৫ টকা আৰু প্রতিমাহত ২১,১৯৫ টকা আদায় দিব লাগিব৷ অৱশ্যে নগাঁও জিলা আৰু স্থানীয় সৰু-বৰ যান-বাহনবোৰৰ ক্ষেত্রত বিশেষ ৰেহাই প্রদান কৰিব৷
উল্লেখযোগ্য যে, ৰহা আঞ্চলিক তিৱা ছাত্র সন্থা, ৰহা আঞ্চলিক যুৱ-ছাত্র পৰিষদ, ৰহা আঞ্চলিক মানৱ অধিকাৰ সংগ্রাম সমিতি, নগাঁও জিলা কৃষক মুক্তি সংগ্রাম সমিত, নগাঁও জিলা কৃষক শ্রমিক উন্নয়ন পৰিষদ, ৰহা আঞ্চলিক প্রাক্তন আলফা ঐক্যমঞ্চ, ৰহা শ্রমিক উন্নয়ন পৰিষদ, ৰহা ট্রাক চালক সন্থা, ৰহা মেজিক চালক সন্থা, বৃহত্তৰ ৰহা টেম্প’ চালক সন্থা, ৰহা ব্যৱসায়ী সন্থা, ৰহা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলন আদি দল, সংগঠনৰ তীব্র প্রতিবাদৰ মাজতে কিদৰে টোল গে’ট মুকলি হ’ব সেয়া অতি লক্ষণীয় হ’ব৷
প্রতিবাদকাৰী সংগঠনৰে জিলা প্রশাসনৰ আলোচনা ব্যর্থ: ইপিনে,  এই প্রতিবাদী সংগঠনসমূহক আমন্ত্রণ কৰি আনি নগাঁও জিলা প্রশাসনে এক আলোচনাতো মিলিত হয়৷ জিলাৰ উপায়ুক্তৰ কার্যালয়ৰ সভাগৃহত অনুষ্ঠিত এই আলোচনা কেইবা ঘণ্টা ধৰি চলে যদিও কোনো মীমাংসা নহ’ল৷ নগাঁও জিলা প্রশাসনৰ আঁকোৰগোজ মনোভাবৰ বাবেই আলোচনাই কোনো ফল নিদিলে বুলি অভিযোগ উঠিছে৷
ৰহাৰ টোলগে’ট মুকলি কৰাৰ ক্ষেত্রত জিলা প্রশাসন নিজৰ স্থিতিত অটল থকাৰ বিপৰীতে আন্দোলনকাৰীসকলেও কোনো কাৰণতে টোলগে’ট মুকলি কৰিবলৈ নিদিয়ে বুলি নিজৰ স্থিতিত অটল থকাত আলোচনা বুমেৰাং হয়৷ এই আলোচনাত জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শংকৰব্রত ৰায়মেধি, ৰহাৰ চক্র বিষয়া, আন্দোলনকাৰী সংগঠনৰ নেতাসকলে অংশগ্রহণ কৰিছিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি